--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত এগৰাকী মহিলা হত্যাৰ চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে। হত্যাকাৰী আন কোনো নহয় নিজৰ কন্যা। কন্যাই প্ৰথমে মাতৃক হত্যা কৰিছিল, তাৰ পাছত মৃতদেহটো এটা ছুটকেছত লৈ পোনে পোনে থানালৈ গৈছিল। মহিলাগৰাকীয়ে আৰক্ষীক সমগ্ৰ ঘটনাটো জনোৱাৰ পাছত সকলো স্তম্ভিত হৈ পৰে। মৃতদেহটোৰ সন্দৰ্ভত প্ৰয়োজনীয়  ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ তথ্য অনুসৰি যুৱতীগৰাকীয়ে মাতৃক হত্যা কৰাৰ কথা নিজমুখে স্বীকাৰ কৰিছে। যুৱতীগৰাকীয়ে দিয়া তথ্য অনুসৰি তেওঁ দৈনন্দিন কাজিয়াত বিৰক্ত হৈ পৰিছিল, সেয়েহে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰিলে। ঘটনাৰ সময়ত অভিযুক্ত মহিলাগৰাকীৰ শাহুৱেকো ঘৰত উপস্থিত আছিল যদিও ঘটনা সন্দৰ্ভত একোৱেই জানিব পৰা নাছিল।

এটি সংবাদ মাধ্যমৰ  প্ৰতিবেদন অনুসৰি অভিযুক্ত সোনালী সেন আৰু তেওঁৰ মাতৃ বিভা পাল বেংগালুৰুৰ এন এছ আৰ গ্ৰীণ এপাৰ্টমেণ্টত একেটা ঘৰতে বাস কৰিছিল। সোমবাৰে (১২ জুন) পুৱা প্ৰায় ৯ বজাত সোনালী সেনে মাতৃক ২০টা টোপনিৰ বড়ি খুৱাইছিল। বিভা পালে বড়ি খোৱাৰ পাছত অত্যন্ত পেটৰ বিষ অনুভৱ কৰে আৰু তাৰ পাছতে কন্যা  ছোনালিয়ে ডিঙি চেপি হত্যা কৰে মাতৃক।

হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত সোনালীয়ে মাতৃৰ মৃতদেহটো এটা ট্ৰলী বেগত ৰাখিছিল আৰু লগতে পিতৃৰ এখন ফটোও ৰাখিছিল। ইয়াৰ পিছত তেওঁ এখন অটো মাতি বেগটো অটোত ৰাখি বেংগালুৰুত মিকো লেআউট থানা পালেগৈ।

তথ্য অনুসৰি বিভা পালে প্ৰায়ে সোনালীৰ শাহুৱেক আৰু শহুৱেকৰ লগত কাজিয়া কৰিছিল। শেহতীয়াকৈ বিভা পালে কৈছিল যে তেওঁ সেনালীৰ শহুৰ শাহুৰ পৰা বিৰক্ত হৈ টোপনিৰ বড়ি খাই নিজকে হত্যা কৰাৰ ভাবুকি দিছিল। অভিযুক্ত সোনালী মূলতঃ কলকাতাৰ আৰু যোৱা ছবছৰ ধৰি বাংগালুৰুত বাস কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস