--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ জনপ্ৰিয় অনুষ্ঠান মন কি বাতৰ ১০৪ সংখ্যক  সংস্কৰণ সম্প্ৰচাৰ কৰে। মোদীয়ে কয় যে তেওঁৰ ক্ৰীড়াৰ প্ৰতি সদায় উৎসাহ আছে। দেওবাৰে তেওঁৰ মন কি বাত কাৰ্যসূচীত ক্ৰীড়াৰ বিষয়টো বিশেষভাবে  উত্থাপন হয়।  বিশ্ব বিশ্ববিদ্যালয় ক্ৰীড়াত ভাৰতৰ পদক বিজয়ীসকলো মন কি বাতৰ অনুষ্ঠানত উপস্থিত আছিল।তেওঁলোক সকলোকে দেওবাৰৰ মন কি বাত কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছিল। 

পদক বিজয়ীসকলৰ মাজৰে এজনে প্ৰধানমন্ত্ৰীক সুধিছিল, "আপোনাৰ প্ৰিয় খেল কি?" কিন্তু প্ৰধানমন্ত্ৰীয়ে প্ৰশ্নটোৰ পোনপটীয়া উত্তৰ দিয়াৰ পৰা বিৰত থাকে। উল্লেখ্য ভাৰতে ১৯৫৯ চনৰ পৰা বিশ্ব বিশ্ববিদ্যালয় ক্ৰীড়াত অংশগ্ৰহণ কৰি আহিছে। ভাৰতে ২০২৩ চনত সৰ্বাধিক পদক জিকিছে। ভাৰতে ১১  টা স্বৰ্ণসহ ২৬ টা পদক জিকিছে। 

মন কি বাতত মোদীয়ে  কয়, "মই বিচাৰো যে ভাৰত ক্ৰীড়া জগতত আগবাঢ়ি যাওঁক। হকী, ফুটবল, কাবাডী, খো-খো আমাৰ নিজৰ খেল। এনেবোৰ খেল পাহৰি   যোৱাটো উচিৎ  নহয়। আমাৰ খেলুৱৈসকলে ধনুৰ্বিদ্যা আৰু শ্বুটিংত ভাল প্ৰদৰ্শন কৰি আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, আমাৰ পৰিয়ালত ক্ৰীড়াৰ মানসিকতাৰ পৰিৱৰ্তন হৈছে। "  মোদীয়ে কয় "আগতে, যেতিয়া ল'ৰা-ছোৱালীবোৰ খেলিবলৈ গৈছিল, ঘৰৰ মানুহে তেওঁলোকক বাধা দিছিল। এতিয়া বিদ্যালয় আৰু মহাবিদ্যালয়তো ক্ৰীড়াৰ বিষয়ে আলোচনা কৰা হয়। আমাৰ ল'ৰা ছোৱালীবোৰে যি খেলেই খেলে তাত সফল হয়। "


প্ৰধানমন্ত্ৰীয়ে আগষ্টৰ শেষ দেওবাৰে সম্প্ৰচাৰ কৰা  তেওঁৰ মাহেকীয়া কাৰ্যসূচী 'মন কি বাত'ত দেশবাসীক   চন্দ্ৰযানৰ সফলতাৰ বাবে দেশবাসীক অভিনন্দন জনায়।  তেওঁ কয় যে আজি ভাৰত এনে কৰিবলৈ সক্ষম হোৱা প্ৰথম খন দেশ হৈ পৰিছে আৰু আমাৰ বিজ্ঞানীসকলৰ বাবে ই সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে  ভাৰতৰ চন্দ্ৰযানৰ সফলতাই বিশ্বত ভাৰতৰ নাম আৰু অধিক বৃদ্ধি কৰিছে। তেওঁ কয়  যে আমি  চন্দ্ৰযানৰ পৰা শিক্ষা লোৱা  উচিত যে কেনেকৈ অসম্ভৱকো  সম্ভৱ কৰিব পাৰি। আমি সমস্যা আৰু বিফলতাকলৈ  ভয় কৰা উচিত নহয় আৰু কেতিয়াও কাম বন্ধ কৰা উচিত নহয় । মোদীয়ে লগতে কয় যে চন্দ্ৰযানৰ সফলতাত দেশৰ মহিলা আৰু কন্যাসকলে যথেষ্ট অৱদান আগবঢ়াইছে। এই অভিযানত শ শ মহিলাই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অংশগ্ৰহণ কৰিছে। 

জি-২০ সন্মিলন প্ৰসংগত  প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ছেপ্টেম্বৰ মাহটোত ভাৰত শক্তিৰ সাক্ষী হ'বলৈ গৈ আছে। ভাৰতে অহা মাহত জি-২০ সন্মিলনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৪০ খন দেশৰ ৰাষ্ট্ৰপ্ৰধানে  ৰাজধানী দিল্লীলৈ আহিব। এয়া  এতিয়ালৈকে অনুষ্ঠিত জি-২০ সন্মিলনৰ ইতিহাসত সৰ্ববৃহৎ অংশগ্ৰহণ হ'ব বুলিও মোদীয়ে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল