--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ আগষ্টত ভাৰতৰ চন্দ্ৰযান-৩ অভিযানে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি মহাকাশত ইতিহাসৰ সৃষ্টি কৰিছিল। ইয়াৰ পাছত সমগ্ৰ দেশতে আনন্দৰ পৰিৱেশ। শনিবাৰে (২৬ আগষ্ট) প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল যে চন্দ্ৰযান-৩ৰ অৱতৰণ স্থানক ‘শিৱশক্তি’ পইণ্ট বুলি কোৱা হ’ব। এই নাম সলনি কৰাৰ পাছত দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এতিয়া হিন্দু মহাসভাৰ সভাপতি স্বামী চক্ৰপাণিয়েও এই বিষয়ত বিবৃতি দিছে। সংবাদ সংস্থা এএনআইৰ মতে, দেওবাৰে (২৭ আগষ্ট) তেওঁ কয় যে- জেহাদী মানসিকতাৰ লোকসকল চন্দ্ৰত উপনীত হোৱাৰ আগতেই চন্দ্ৰক হিন্দু  ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে।তেওঁ আৰু কয়, "আমি শিৱশক্তি পইণ্টক শিৱশক্তি ধাম হিচাপে চাইছো। হিন্দু মহাসভা, সন্ত মহাসভাৰ হৈ চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰি শিৱশক্তি পইণ্টক ৰাজধানী হিচাপে গঢ়ি তুলিবলৈও চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছো।" লগতে উক্ত সভাখনত এটা প্ৰস্তাৱ গৃহীত কৰা হৈছিল যে "আমি শিৱশক্তি পইণ্টত ভগৱান শিৱ, মা পাৰ্বতী আৰু ভগৱান গণেশৰ এটা ভব্য মন্দিৰ নিৰ্মাণ কৰিম।"

শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাও কৈছিল যে ২০১৯ চনত চন্দ্ৰযান-২ চন্দ্ৰপৃষ্ঠত যি স্থানত চিন ৰাখিছিল, সেই ঠাইৰ নাম ত্ৰিৰংগা পইণ্ট আৰু ২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা