--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ আগষ্টত ভাৰতৰ চন্দ্ৰযান-৩ অভিযানে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি মহাকাশত ইতিহাসৰ সৃষ্টি কৰিছিল। ইয়াৰ পাছত সমগ্ৰ দেশতে আনন্দৰ পৰিৱেশ। শনিবাৰে (২৬ আগষ্ট) প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল যে চন্দ্ৰযান-৩ৰ অৱতৰণ স্থানক ‘শিৱশক্তি’ পইণ্ট বুলি কোৱা হ’ব। এই নাম সলনি কৰাৰ পাছত দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এতিয়া হিন্দু মহাসভাৰ সভাপতি স্বামী চক্ৰপাণিয়েও এই বিষয়ত বিবৃতি দিছে। সংবাদ সংস্থা এএনআইৰ মতে, দেওবাৰে (২৭ আগষ্ট) তেওঁ কয় যে- জেহাদী মানসিকতাৰ লোকসকল চন্দ্ৰত উপনীত হোৱাৰ আগতেই চন্দ্ৰক হিন্দু  ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে।তেওঁ আৰু কয়, "আমি শিৱশক্তি পইণ্টক শিৱশক্তি ধাম হিচাপে চাইছো। হিন্দু মহাসভা, সন্ত মহাসভাৰ হৈ চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰি শিৱশক্তি পইণ্টক ৰাজধানী হিচাপে গঢ়ি তুলিবলৈও চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছো।" লগতে উক্ত সভাখনত এটা প্ৰস্তাৱ গৃহীত কৰা হৈছিল যে "আমি শিৱশক্তি পইণ্টত ভগৱান শিৱ, মা পাৰ্বতী আৰু ভগৱান গণেশৰ এটা ভব্য মন্দিৰ নিৰ্মাণ কৰিম।"

শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাও কৈছিল যে ২০১৯ চনত চন্দ্ৰযান-২ চন্দ্ৰপৃষ্ঠত যি স্থানত চিন ৰাখিছিল, সেই ঠাইৰ নাম ত্ৰিৰংগা পইণ্ট আৰু ২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল