--°C
Loading...
Listen to Article
2 min read
80%

ইউক্ৰেইনত এতিয়াও প্ৰাণৰ সংশয় লৈ দিশহাৰা হাজাৰ হাজাৰ ভাৰতীয়

ডিজিটেল ডেস্ক :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতৰ আশাৰ সেতু’ এই শিৰোনামেৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে এখন বিশেষ ৰেখাচিত্ৰ শ্বেয়াৰ কৰিছে। য’ত প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ চৰম ত্যাগ কৰা দেখুওৱা হৈছে। মোদীয়ে এখন নৈত নামি দুয়োহাতেৰে দুয়ো পাৰৰ মাটি খামুচি ধৰিছে আৰু তেওঁৰ হাতৰ ওপৰেৰে বগাই ইউক্ৰেইনত থকা ভাৰতীয়সকলে ইপাৰলৈ অৰ্থাৎ নিজৰ দেশলৈ উভতি আহিছে। মোদী বন্দনাৰ এই অভূতপূৰ্ব নিদৰ্শনে এতিয়া ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশীয়ভাৱে বিকশিত ছ’চিয়েল নেটৱৰ্কিং ছাইট ‘কু’ এপত এই ৰেখাংকন শ্বেয়াৰ কৰিছে। যাৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ শক্তিশালী আৰু তৎপৰ ভূমিকাই ভাৰতীয়সকলক উদ্ধাৰ কৰাত বিশেষ ভূমিকা লোৱা বুলি প্ৰতিপন্ন কৰিব বিচৰা হৈছে। এই ছবিখনৰ কাষত পাকিস্তান, চীন, আমেৰিকা আদি দেশৰ লোকে সহায় বিচাৰি থকাও দেখুওৱা হৈছে আৰু তেওঁলোকক সহায় কৰিবলৈ কোনো আগবাঢ়ি অহা নাই বুলি প্ৰমাণ কৰিব বিচৰা হৈছে। নৈত আধলৈকে ডুব গৈ দুৰ্গতসকলক নৈ পাৰ কৰোঁৱাৰ জৰিয়তে মোদীয়ে পালন কৰা দায়িত্বৰ কথা সোঁৱৰাই দিয়া হৈছে। কিন্তু বাস্তৱ ছবিখনে এই কথাৰ প্ৰমাণ দাঙি ধৰেণে? মন কৰিবলগীয়া কথাটো হৈছে যে, প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে উত্তৰ প্ৰদেশৰ এখন নিৰ্বাচনী সভাত ঘোষণা কৰিছিল যে, বিশ্বত ভাৰতৰ শক্তিশালী স্থিতিৰ বাবেই ইউক্ৰেইনত আবদ্ধ সকলো ভাৰতীয়কে উদ্ধাৰ কৰাটো সম্ভৱ হৈছে। মোদীয়ে এই দাবীৰ জৰিয়তে নিৰ্বাচনী লাভ আদায় কৰিব বিচাৰিছে যদিও এয়া সম্পূৰ্ণ সত্য দাবী নহয়। কিয়নো দেশখনৰ পৰা সকলো ভাৰতীয়কে উদ্ধাৰ কৰা এতিয়াও সম্ভৱ হৈ উঠা নাই। যুদ্ধৰ তীব্ৰতা বাঢ়ি যোৱাৰ লগে লগে তাত আবদ্ধ ভাৰতীয়সকলৰ প্ৰাণৰ সংশয়ো বৃদ্ধি পাই আহিছে আৰু তেওঁলোকক সুকলমে উদ্ধাৰ কৰি অনাটো সিমানে প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে। উল্লেখ্য যে, ২০ সহস্ৰাধিক ভাৰতীয়ই শিক্ষাগ্ৰহণকে ধৰি বিভিন্ন কাৰণত আশ্ৰয় লৈ আছিল দেশখনত। কিন্তু বিগত এটা সপ্তাহে ৰাছিয়াই দেশখনৰ ওপৰত যি ৰক্তক্ষয়ী আক্ৰমণ সংঘটিত কৰিছে তাৰ আতংক আৰু অস্থিৰতাই এতিয়া সকলো গ্ৰাস কৰি পেলাইছে। যুদ্ধৰ আতংক আৰু মৃত্যুভয়ৰ মাজত এতিয়া হাজাৰ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে যুঁজ কৰিছে জীৱন-মৰণৰ সৈতে। সৈন্যৰ আক্ৰমণৰ ভয় বুকুত লৈ মৰণত শৰণ দি কিয়েভ বা খাৰকিভৰ পৰা সহস্ৰ ছাত্ৰ-ছাত্ৰীয়ে সীমান্ত অভিমুখে যোৱাৰ চেষ্টা কৰিছে যদিও তেওঁলোকৰ বাবে এতিয়া নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিছে ইউক্ৰেইনৰ নিৰাপত্তাবাহিনীয়ে। ইউক্ৰেইনৰ নিৰাপত্তা বাহিনীয়ে বাছি বাছি ভাৰতীয় ছাত্ৰ-ছাত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উঠিছে। ৰেল ষ্টেচনত তেওঁলোকৰ ওপৰত নিৰ্মম নিৰ্যাতন চলিছে। তেওঁলোকক বাৰণ কৰা হৈছে ৰেলত উঠাৰ পৰাও। বুধাবাৰে যুদ্ধজৰ্জৰ দেশখনত আবদ্ধ হৈ পৰা বহুসংখ্যক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে দেশৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা একাধিক ভিডিঅ’ত প্ৰকাশ কৰিছে যে, কিদৰে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে ইউক্ৰেইনৰ সৈন্যই। মৰণত শৰণ দি খাৰকিভৰ এটা ৰেল ষ্টেচনত উপস্থিত হোৱা সহস্ৰাধিক শিক্ষাৰ্থীক ৰেল উঠাত বাধা দিয়াৰ লগতে তেওঁলোকক গুৰিয়াই, ভুকুৱাই চলোৱা হৈছে নিৰ্যাতন। গুলী ফুটাই ভয় খুওৱা হৈছে শিক্ষাৰ্থীসকলক। কেৱল এয়াই নহয় যিসকল শিক্ষাৰ্থীয়ে মৰণৰ ভয়ক নেওচা দি খোজকাঢ়ি বা অন্য কোনো উপায়েৰে দেশখনৰ সীমান্তত উপস্থিত হৈছে তাতো তেওঁলোকক সীমান্ত পাৰ হোৱাত বাধা দিয়া হৈছে। তেওঁলোক আবদ্ধ হৈ পৰিছে সীমান্ত অঞ্চলতে। দেশখনৰ পূব প্ৰান্তৰ ছুমী ষ্টেট বিশ্ববিদ্যালয়ত প্ৰায় ৬০০ শিক্ষাৰ্থী এতিয়াও আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। তেওঁলোকে বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ বাংকাৰতে আবদ্ধ হৈ আছে আৰু খাদ্য পানীৰ অভাৱ তথা অৰ্থৰ অভাৱে তেওঁলোকক জুৰুলা কৰি পেলাইছে। অঞ্চলটোত বিগত পাঁচদিনে গুলীবৰ্ষণ চলি থকাত তেওঁলোকৰ জীৱনলৈও আহি পৰিছে সংশয়। ছুমীৰ পৰা এজনো ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ভাৰতে। দূতাবাসৰ ফালৰ পৰা সকলো ভাৰতীয়কে পশ্চিম প্ৰান্তৰ সীমান্তলৈ নিৰ্দেশ দিছে যদিও ছুমীৰ পৰা ইউক্ৰেইনৰ পশ্চিম সীমান্তৰ দূৰত্ব ১৫০০কিলোমিটাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত তালৈ যোৱাটো অসম্ভৱ হৈ পৰিছে শিক্ষাৰ্থীসকলৰ বাবে। ভাৰতে এতিয়ালৈ দেশখনত থকা আধাতকৈ অধিক নাগৰিকক উদ্ধাৰ কৰিছে যদিও সকলোকে উদ্ধাৰ কৰাৰ সম্ভাৱনা এতিয়া কমি আহিছে। কিন্তু তাৰ মাজতে দেশৰ ৰাজনীতিকসকলৰ এনে প্ৰচাৰ আৰু অতি অত্যাৱশ্যকীয় এই দায়িত্বক গৰিমামণ্ডিত কৰি তোলাৰ এই চেষ্টাক সহজভাৱে লোৱা নাই দেশৰ সচেতন জনগণে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক