--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইন সংঘাতে বিশ্বজুৰি চাঞ্চল্য অব্যাহত ৰখাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ ঘটনাক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশত নিৰ্বাচনী ইচ্ছ্যুত পৰিণত কৰিছে৷ ইউক্ৰেইনৰ সংকটে ভাৰতীয় জনতা পাৰ্টীক এতিয়া চলি থকা উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ভোট বিচাৰিবলৈ যেন এক সুবিধাহে প্ৰদান কৰিলে৷ যোৱা কেইদিনমানৰ পৰা নিৰ্বাচনী জনসভাত বিজেপি নেতাসকলে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বৰ নেতাসকলে ৰাছিয়া-ইউক্ৰেইন সংঘাত নিৰ্মূলৰ উপায় বিচাৰি পৰামৰ্শ লৈছে। নিৰ্বাচনী সভাত বিজেপিৰ নেতাসকলে ইউক্ৰেইনত আবদ্ধ হৈ থকা ১৮,০০০ বা ততোধিক ভাৰতীয় শিক্ষাৰ্থীক ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰতো বক্তব্য প্ৰদান কৰা দেখা গৈছেে৷ অৱশ্যে, বিৰোধী নেতাসকলে বিজেপিৰ দাবীবোৰক নস্যাৎ কৰিছে৷ বিৰোধীয়ে ইউক্ৰেইনত ভাৰতীয় শিক্ষাৰ্থীসকলৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিসকলে দেশ এৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। বিগত কেইটামান দিনত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধক কমেও চাৰিবাৰকৈ ভাষণত ব্যৱহাৰ কৰি ভোটাৰসকলক উত্তৰ প্ৰদেশত তেওঁৰ দল পুনৰ নিৰ্বাচিত কৰিবলৈ আহ্বান জনাইছে৷ উত্তৰ প্ৰদেশৰ দৰে এখন বৃহৎ ৰাজ্য চলোৱাৰ দায়িত্ব এজন কঠোৰ নেতাক দিয়া উচিত বুলি উল্লেখ কৰি মোডীয়ে যুক্তি দৰ্শাই যে, কঠিন সময়ৰ বাবে কঠিন নেতাৰ প্ৰয়োজন। দেওবাৰে উত্তৰ প্ৰদেশৰ বস্তিত এক নিৰ্বাচনী জনসভাত মোডীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে ‘অপাৰেশ্যন গংগা’ নামৰ এক অভিযানৰ জৰিয়তে ইউক্ৰেইনৰ পৰা ভাৰতৰ ঘৰলৈ ঘূৰি অহাত সহায় কৰিবলৈ যিমান পাৰে সকলো চেষ্টা কৰি আছে৷ লক্ষ্যণীয়ভাৱে, ‘অপাৰেশ্যন গংগা’ নামটোৱে নিৰ্বাচনমুখী ৰাজ্যখনৰ সৰ্ববৃহৎ নদীখনক প্ৰতিফলিত কৰে। তেওঁ কয় যে এই সময়বোৰে সকলো ভাৰতীয়লৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ভাৰতক শক্তিশালী আৰু আত্মনিৰ্ভৰ হোৱাৰ প্ৰয়োজন। সোমবাৰে মহাৰাজগঞ্জত ইউক্ৰেইনৰ সংকটৰ ইংগিত দি তেওঁ জনসাধাৰণক কয় যে, বিশ্বই এক প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ মাজেৰে গতি কৰিছে আৰু এইক্ষেত্ৰত ভাৰতৰ প্ৰতিৰক্ষা শক্তিশালী কৰাৰ প্ৰয়োজন আছে। তেওঁ লগতে কয়, এইবাৰ আপোনাৰ ভোট স্থানীয় সমস্যাৰ বাবে, ভাৰত আৰু উত্তৰ প্ৰদেশক শক্তিশালী কৰাৰ দৰেই। বুধবাৰে, ৰবাৰ্টচগঞ্জত তেওঁ পুনৰ ‘অপাৰেশ্যন গংগা’ৰ ওপৰত আলোকপাত কৰে। তেওঁ দাবী কৰে, ভাৰতৰ বৰ্ধিত শক্তিৰ বাবেই আমি ইউক্ৰেইনত আবদ্ধ হৈ থকা আমাৰ নাগৰিকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ সক্ষম হৈছোঁ, যাৰ বাবে আমি ‘অপাৰেচন গংগা’ অভিযান চলাই আছোঁ৷ বিজেপি নেতাসকলে উত্তৰ প্ৰদেশত বিৰোধীক আক্ৰমণ কৰিবলৈ ইউক্ৰেইন বিষয়টো ব্যৱহাৰ কৰিছে। দেওবাৰৰ ৰেলীৰ সময়ত মোদীয়ে কয় যে, প্ৰতিবছৰে ভাৰতৰ প্ৰতিৰক্ষা বাহিনীক উন্নীত কৰিব লাগিব। ইউক্ৰেইনৰ সংকটে ভাৰতক বিজেপিৰ দৰে শক্তিশালী চৰকাৰৰ প্ৰয়োজন বুলি যুক্তি দি তেওঁ কয়, যিসকলৰ ইতিহাস প্ৰতিৰক্ষা চুক্তিৰ সময়ত কমিছন লোৱা আৰু প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাক অৱহেলা কৰাত জড়িত হৈ আছে তেওঁলোকে দেশখনক শক্তিশালী কৰিব নোৱাৰে। দেওবাৰে উত্তৰ প্ৰদেশৰ বালিয়াত এক নিৰ্বাচনী জনসভাত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, আগতে কোনেও ভাৰতৰ কথা শুনিব বিচৰা নাছিল৷ কিন্তু, মোদীৰ অধীনত সকলোৱে শুনিব বিচাৰে যে ভাৰতে কি ক’ব বিচাৰে। তেওঁ লগতে কয়, ৰাছিয়া-ইউক্ৰেইন সংকটত শান্তি সুনিশ্চিত কৰাৰ বাবে মোদীয়ে পালন কৰি থকা অপৰিসীম ভূমিকাক প্ৰশংসা কৰিবলৈ কোনো শব্দই যথেষ্ট নহ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি নেতাসকলে উত্তৰ প্ৰদেশত ৰাছিয়া-ইউক্ৰেইন সংকটত নিৰ্বাচনী ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰা বিষয়টোক লৈ সৰব হৈ পৰিছে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহ৷ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে লক্ষ্ণৌৰ এগৰাকী ছাত্ৰীৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল, যিগৰাকী ছাত্ৰী কীয়েভত আবদ্ধ হৈ আছিল। ভিডিঅ’টোত ছাত্ৰীগৰাকীয়ে কয় যে চৰকাৰী সহায় অবিহনে তেওঁ আৰু তেওঁৰ বন্ধুবৰ্গ ইউক্ৰেইনত জীয়াই থাকিব নোৱাৰিব। প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ টুইটত কয়, মই চৰকাৰক তেওঁলোকে কৰিব পৰা সকলোখিনি কৰিবলৈ অনুৰোধ জনাইছোঁ, যাতে শিক্ষাৰ্থীসকল সুৰক্ষিতভাৱে উভতি আহে। একেদৰে, কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই টুইট কৰি কয় যে, ইউক্ৰেইনত হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীয়ে স্বদেশলৈ উভতি যাবলৈ অপেক্ষা কৰি থকাৰ সময়ত বিজেপি প্ৰচাৰকসকল আত্মপ্ৰচাৰত ব্যস্ত হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement