--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিধানসভা নিৰ্বাচনলৈ মাজত মাথো এটা বছৰ থকাৰ পৰতে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে পদত্যাগ কৰিলে। দলীয় নীতিৰ প্ৰতি আনুগত্যতা ৰাখি পদ ত্যাগ কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত তেওঁ ব্যক্ত কৰে। যি নহওঁক, তেওঁৰ পদত্যাগৰ পিছতেই এতিয়া ৰাজ্যখনত মুখ্যমন্ত্ৰী পদৰ বাবে চলিছে নতুন মুখৰ সন্ধান। চৰ্চাত আছে তিনিগৰাকী নেতা।
গেৰুৱা শিবিৰত চলা চৰ্চা অনুসৰি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী পদৰ প্ৰধান দাবীদাৰ হ’ল কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্য। তেওঁক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘গুড বুক’ত অন্তৰ্ভুক্ত নেতাসকলৰ এজন বুলি জনা যায়।
মাণ্ডব্যৰ পিছতে চৰ্চাত আছে ৰাজ্যসভাৰ সাংসদ পুৰষোত্তম ৰূপালাৰ নাম। এওঁৰ কাৰ্যকাল সমাপ্ত হ’বলৈ মাথো চাৰি মাহ বাকী।পাতিদাৰ সম্প্ৰদায়ৰ এগৰাকী পৰিচিত নেতা হ’ল ৰূপালা। এসময়ত গুজৰাট বিজেপিৰ সভাপতিও আছিল তেওঁ।
চৰ্চাত থকা আন এগৰাকী নেতা হ’ল নীতিন পেটেল। স্বাস্থ্য, শিক্ষা,পৰিয়াল কল্যাণ আদি অনেক গুৰুত্বপূৰ্ণ বিভাগ পৰিচালনাৰ অভিজ্ঞতাৰে পুষ্ট তেওঁ।
অৱশ্যেই এইসময়ত নিযুক্ত হ’বলগীয়া মুখ্যমন্ত্ৰীগৰাকীৰ কান্ধত যথেষ্ট গুৰু দায়িত্ব থাকিব। তেওঁ গুজৰাটত বিজেপিৰ স্থান অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এটা বছৰ পিছতেই আহিবলগীয়া বিধানসভা নিৰ্বাচনত দলক সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব।

আনহাতে মুখ্যমন্ত্ৰীৰ পদত্যাগক এক ৰাজনৈতিক নাটক আখ্যা দি সমালোচনাত মুখৰ হৈ পৰিছে কংগ্ৰেছ ।কংগ্ৰেছ নেতাসকলৰ দাবী, “ ৰিমোট কণ্ট্ৰলৰ দ্বাৰা পৰিচালিত গুজৰাট চৰকাৰৰ বিগত সময়ৰ বিফলতাক গাপ দিয়াৰ বাবে এনে এক সময়ত মুখ্যমন্ত্ৰী গৰাকীক আঁতৰোৱা হৈছে”। গুজৰাট কংগ্ৰেছৰ শীৰ্ষ নেতা হাৰ্দিক পেটেলে কয়,” মুখ্যমন্ত্ৰীৰ পদত্যাগে বিজেপি দল যে গুজৰাটত চৰকাৰ পৰিচালনাত ব্যৰ্থ হৈছে সেয়াই প্ৰতিপন্ন কৰিছে”।
যি নহওঁক, মুখ্যমন্ত্ৰী পৰিৱৰ্তনে গেৰুৱা বাহিনীক সমাগত বিধানসভা নিৰ্বাচনত গুজৰাটত কিভাৱে উপকৃত কৰে সেয়া সময়েহে ক’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement