--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিধানসভা নিৰ্বাচনলৈ মাজত মাথো এটা বছৰ থকাৰ পৰতে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে পদত্যাগ কৰিলে। দলীয় নীতিৰ প্ৰতি আনুগত্যতা ৰাখি পদ ত্যাগ কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত তেওঁ ব্যক্ত কৰে। যি নহওঁক, তেওঁৰ পদত্যাগৰ পিছতেই এতিয়া ৰাজ্যখনত মুখ্যমন্ত্ৰী পদৰ বাবে চলিছে নতুন মুখৰ সন্ধান। চৰ্চাত আছে তিনিগৰাকী নেতা।
গেৰুৱা শিবিৰত চলা চৰ্চা অনুসৰি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী পদৰ প্ৰধান দাবীদাৰ হ’ল কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্য। তেওঁক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘গুড বুক’ত অন্তৰ্ভুক্ত নেতাসকলৰ এজন বুলি জনা যায়।
মাণ্ডব্যৰ পিছতে চৰ্চাত আছে ৰাজ্যসভাৰ সাংসদ পুৰষোত্তম ৰূপালাৰ নাম। এওঁৰ কাৰ্যকাল সমাপ্ত হ’বলৈ মাথো চাৰি মাহ বাকী।পাতিদাৰ সম্প্ৰদায়ৰ এগৰাকী পৰিচিত নেতা হ’ল ৰূপালা। এসময়ত গুজৰাট বিজেপিৰ সভাপতিও আছিল তেওঁ।
চৰ্চাত থকা আন এগৰাকী নেতা হ’ল নীতিন পেটেল। স্বাস্থ্য, শিক্ষা,পৰিয়াল কল্যাণ আদি অনেক গুৰুত্বপূৰ্ণ বিভাগ পৰিচালনাৰ অভিজ্ঞতাৰে পুষ্ট তেওঁ।
অৱশ্যেই এইসময়ত নিযুক্ত হ’বলগীয়া মুখ্যমন্ত্ৰীগৰাকীৰ কান্ধত যথেষ্ট গুৰু দায়িত্ব থাকিব। তেওঁ গুজৰাটত বিজেপিৰ স্থান অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এটা বছৰ পিছতেই আহিবলগীয়া বিধানসভা নিৰ্বাচনত দলক সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব।

আনহাতে মুখ্যমন্ত্ৰীৰ পদত্যাগক এক ৰাজনৈতিক নাটক আখ্যা দি সমালোচনাত মুখৰ হৈ পৰিছে কংগ্ৰেছ ।কংগ্ৰেছ নেতাসকলৰ দাবী, “ ৰিমোট কণ্ট্ৰলৰ দ্বাৰা পৰিচালিত গুজৰাট চৰকাৰৰ বিগত সময়ৰ বিফলতাক গাপ দিয়াৰ বাবে এনে এক সময়ত মুখ্যমন্ত্ৰী গৰাকীক আঁতৰোৱা হৈছে”। গুজৰাট কংগ্ৰেছৰ শীৰ্ষ নেতা হাৰ্দিক পেটেলে কয়,” মুখ্যমন্ত্ৰীৰ পদত্যাগে বিজেপি দল যে গুজৰাটত চৰকাৰ পৰিচালনাত ব্যৰ্থ হৈছে সেয়াই প্ৰতিপন্ন কৰিছে”।
যি নহওঁক, মুখ্যমন্ত্ৰী পৰিৱৰ্তনে গেৰুৱা বাহিনীক সমাগত বিধানসভা নিৰ্বাচনত গুজৰাটত কিভাৱে উপকৃত কৰে সেয়া সময়েহে ক’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু