--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা বছৰ। এনে সময়তে মুখ্যমন্ত্ৰী পদৰ পৰা শনিবাৰে পদত্যাগ কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে। কিন্তু এই পদত্যাগৰ কাৰণ কি? প্ৰধানমন্ত্ৰী মোডীৰে আৰম্ভ হৈছে নেকি গুজৰাট বিজেপিৰ সংঘাত? কংগ্ৰেছৰ দৰেই বিজেপিতো ভাঙোন ধৰিবলৈ আৰম্ভ কৰিছে নেকি? এনে বহু প্ৰশ্নৰেই অৱতাৰণা হৈছে এই মুহুৰ্তত।

ৰূপানীৰ পদত্যাগক ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত বিভিন্ন ধৰণেৰে বাখ্যা কৰিবলৈ আৰম্ভ কৰিছে বিৰোধী দলসমূহে। পিছে এইক্ষেত্ৰত স্বয়ং মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তত্বাৱধানত এয়া আছিল গুজৰাটৰ উন্নয়নৰ এক পাঁচ বছৰীয়া যাত্ৰা।এতিয়া, নতুন শক্তি আৰু উদ্যমেৰে ৰাজ্যখনৰ উন্নতি সাধন কৰাৰ হকে মই মুখ্যমন্ত্ৰীত্বৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো”। ৰূপানীয়ে লগতে কয়, “ এয়া সৰ্বজনবিদিত যে বিজেপি দলত প্ৰয়োজন অনুসৰি সময়ে সময়ে সালসলনি ঘটাই থকা হয়।

এয়া আমাৰ দলৰ বিশেষত্ব যে ইয়াত প্ৰতিগৰাকী সদস্যই নিজৰ সৰ্বস্ব উজাৰি দিয়ে। ময়ো দলৰ এগৰাকী সদস্য হিচাপে একেই উদ্যমেৰে কাম কৰি যাম”।
অৱশ্যেই বিজয় ৰূপানীৰ পিছত গুজৰাটৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া নিশ্চিত হোৱা নাই। এইক্ষেত্ৰত মনসুখ মান্দাৱিয়া আৰু নিটিন পেটেলৰ নাম বিশেষভাৱে চৰ্চিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু