--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা বছৰ। এনে সময়তে মুখ্যমন্ত্ৰী পদৰ পৰা শনিবাৰে পদত্যাগ কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে। কিন্তু এই পদত্যাগৰ কাৰণ কি? প্ৰধানমন্ত্ৰী মোডীৰে আৰম্ভ হৈছে নেকি গুজৰাট বিজেপিৰ সংঘাত? কংগ্ৰেছৰ দৰেই বিজেপিতো ভাঙোন ধৰিবলৈ আৰম্ভ কৰিছে নেকি? এনে বহু প্ৰশ্নৰেই অৱতাৰণা হৈছে এই মুহুৰ্তত।

ৰূপানীৰ পদত্যাগক ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত বিভিন্ন ধৰণেৰে বাখ্যা কৰিবলৈ আৰম্ভ কৰিছে বিৰোধী দলসমূহে। পিছে এইক্ষেত্ৰত স্বয়ং মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তত্বাৱধানত এয়া আছিল গুজৰাটৰ উন্নয়নৰ এক পাঁচ বছৰীয়া যাত্ৰা।এতিয়া, নতুন শক্তি আৰু উদ্যমেৰে ৰাজ্যখনৰ উন্নতি সাধন কৰাৰ হকে মই মুখ্যমন্ত্ৰীত্বৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো”। ৰূপানীয়ে লগতে কয়, “ এয়া সৰ্বজনবিদিত যে বিজেপি দলত প্ৰয়োজন অনুসৰি সময়ে সময়ে সালসলনি ঘটাই থকা হয়।

এয়া আমাৰ দলৰ বিশেষত্ব যে ইয়াত প্ৰতিগৰাকী সদস্যই নিজৰ সৰ্বস্ব উজাৰি দিয়ে। ময়ো দলৰ এগৰাকী সদস্য হিচাপে একেই উদ্যমেৰে কাম কৰি যাম”।
অৱশ্যেই বিজয় ৰূপানীৰ পিছত গুজৰাটৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া নিশ্চিত হোৱা নাই। এইক্ষেত্ৰত মনসুখ মান্দাৱিয়া আৰু নিটিন পেটেলৰ নাম বিশেষভাৱে চৰ্চিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ