--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:গণতন্ত্ৰত ৰাইজেই ৰজা’। এই গুৰুত্বপূৰ্ণ কথাষাৰ ভাৰতৰ ৰাজনৈতিক নেতাৰ নিৰ্বাচনৰ আগে আগেহে মনলৈ আহে। নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণক ৰজা পাতি কৃপাধন্য হৈ পৰৱৰ্তী পাঁচবছৰৰ নিজৰ আঙুলি মূৰত নচুৱাই থাকে এইসকল মুকুটবিহীন ৰজাক। এয়াই ভাৰতীয় ৰাজনীতিৰ স্বৰূপ। ইয়াৰ বিৰূপ দেখা নগ’ল উত্তৰ-প্ৰদেশতো। মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে দলিতৰ ঘৰত ভাতখোৱা এখন ফটো ভাইৰেল হৈ পৰাৰ পাছতেই বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰীগৰাকীক। ইয়াৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদীৰ এটা পূৰণা টুইট ভাইৰেল হৈ পৰিছে। ২০১৪ চনৰ টুইটটোৱে যেন খাল খান্দি যখিনী চপালে বিজেপিলৈ। শুকুৰবাবে উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আগন্তুক বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে গোৰখপুৰৰ এটা দলিত ঘৰৰ পৰিয়ালত উপস্থিত হয়। তাতেই তেওঁ পৰিয়ালৰ আন সদস্যৰ সৈতে আহাৰ গ্ৰহণ কৰে। এই ফটো ভাইৰেল হৈ পৰা পাছত যোগী আদিত্য নাথক সমালোচনাৰ লক্ষ্য কৰি লয় SBSPৰ নেতা ওম প্ৰকাশ ৰাজভাৰে। তেওঁ এটা টুইটত সমালোচনা কৰি কয় যে, যোগী আদিত্যনাথে দলিতৰ ঘৰত আজি আহাৰ খাইছে, কিন্তু বিগত ৫ বছৰ ধৰি তেওঁ দলিতৰ প্ৰাপ্য খাই আহিছে। হাথৰসৰ এগৰাকী ছোৱালীৰ মৃতদেহ নিশা ২ বজাত পেট্ৰ’ল-কেৰাচিন ঢালি জ্বলাই দিয়া হৈছিল। তেতিয়া মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে অপৰাধীৰ পক্ষ লৈছিল। এই কথা পিছপৰা দলিত লোকসকলে পাহৰি যোৱা নাই বুলি সকীয়াই দি ওম প্ৰকাশ ৰাজভাৰে কয়, যোগী চৰকাৰে কেৱল দলিত আৰু পিছপৰা লোকসকলক অত্যাচাৰ কৰিছে। মন কৰিব লগা যে বিগত কেইটামান সপ্তাহৰ পৰা যোগী চৰকাৰৰ বহু মন্ত্ৰী-বিধায়কে ভাজপা ত্যাগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰি আছে। এই পদত্যাগী মন্ত্ৰী-বিধায়কসকলৰ অধিকাংশই দলিত তথা পিছপৰা শ্ৰেণীৰ। যাৰ বাবে ভাজপাৰ পৰা এই দলিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ সমৰ্থন হেৰাই গৈছে। ভাজপাৰ প্ৰতি দলিতসকলৰ হেৰাই যোৱা এই সমৰ্থন ঘূৰাই আনিবলৈ যোগী আদিত্য নাথে দলিতৰ ঘৰত আহাৰ গ্ৰহণ কৰি তেওঁলোকৰ মন জয়ৰ প্ৰচেষ্টা চলাইছে বুলি জানিব পৰা গৈছে। যোগী আদিত্য নাথৰ ভাইৰেল ফটোত এতিয়া তীব্ৰ ঘৃণা আৰু সমালোচনামূলক মন্তব্যৰে ভৰি পৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও বাছি যোৱা নাই সাধাৰণ নাগৰিকৰ সমালোচনাৰ পৰা। মোদীৰ এটা পূৰণি টুইট বৰ্তমান ভাইৰেল হৈ পৰা দেখা গৈছে। টুইটটোৰ মোদীয়ে কৈছিল যে ‘কংগ্ৰেছ নেতাসকল দৰিদ্ৰতা পৰ্যটনত বিশেষজ্ঞ। কেমেৰাৰ সৈতে তেওঁলোকে গাঁৱলৈ যায় আৰু দৰিদ্ৰ লোকৰ সৈতে বহি খাদ্য খাই ফটো তোলে’। মোদীৰ এই টুইটতো সমালোচকসকলে প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী য়োগী আদিত্য নাথক লক্ষ্য কৰি লয় আৰু যোগীৰ এই ফটোৰ আঁৰত নিজৰ ন্যস্ত স্বাৰ্থ আৰু নাটক নিৰ্হিত হৈ আছে বুলি মন্তব্য কৰে। স্বৰূপাৰ্থত মোদীয়ে পোতা শূলত ফুটি মৰিছে বিজেপিৰ বহু বাঘা বাঘা নেতা। এনেদৰেই সমালোচনা-প্ৰতি সমালোচনাৰে এতিয়া মুখৰ হৈ পৰিছে উত্তৰ-প্ৰদেশৰ ৰাজনীতি। হিন্দু-মুছলমানৰ ৰাজনীতিৰে ধৰ্মীয় মেৰুকৰণ কৰিব বিচৰা বিজেপিয়ে উত্তৰ-প্ৰদেশৰ প্ৰেক্ষাপটত ধৰ্মীয় মেৰু বিভাজনত ঠাৱনি নাপাই উচ্চ-নিম্নবৰ্ণৰ ৰাজনীতিত আশ্ৰয় লোৱা ঘটনাই সমগ্ৰ দেশতে আকৌ বিচ্চিন্নতাবাদৰ ৰাজনীতিত নতুন মূৰ আনি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ