--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘গণতন্ত্ৰত ৰাইজেই ৰজা’। এই গুৰুত্বপূৰ্ণ কথাষাৰ ভাৰতৰ ৰাজনৈতিক নেতাৰ নিৰ্বাচনৰ আগে আগেহে মনলৈ আহে। নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণক ৰজা পাতি কৃপাধন্য হৈ পৰৱৰ্তী পাঁচবছৰৰ নিজৰ আঙুলি মূৰত নচুৱাই থাকে এইসকল মুকুটবিহীন ৰজাক। এয়াই ভাৰতীয় ৰাজনীতিৰ স্বৰূপ। ইয়াৰ বিৰূপ দেখা নগ’ল উত্তৰ-প্ৰদেশতো। মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে দলিতৰ ঘৰত ভাতখোৱা এখন ফটো ভাইৰেল হৈ পৰাৰ পাছতেই বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰীগৰাকীক। ইয়াৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদীৰ এটা পূৰণা টুইট ভাইৰেল হৈ পৰিছে। ২০১৪ চনৰ টুইটটোৱে যেন খাল খান্দি যখিনী চপালে বিজেপিলৈ। শুকুৰবাবে উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আগন্তুক বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে গোৰখপুৰৰ এটা দলিত ঘৰৰ পৰিয়ালত উপস্থিত হয়। তাতেই তেওঁ পৰিয়ালৰ আন সদস্যৰ সৈতে আহাৰ গ্ৰহণ কৰে। এই ফটো ভাইৰেল হৈ পৰা পাছত যোগী আদিত্য নাথক সমালোচনাৰ লক্ষ্য কৰি লয় SBSPৰ নেতা ওম প্ৰকাশ ৰাজভাৰে। তেওঁ এটা টুইটত সমালোচনা কৰি কয় যে, যোগী আদিত্যনাথে দলিতৰ ঘৰত আজি আহাৰ খাইছে, কিন্তু বিগত ৫ বছৰ ধৰি তেওঁ দলিতৰ প্ৰাপ্য খাই আহিছে। হাথৰসৰ এগৰাকী ছোৱালীৰ মৃতদেহ নিশা ২ বজাত পেট্ৰ’ল-কেৰাচিন ঢালি জ্বলাই দিয়া হৈছিল। তেতিয়া মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে অপৰাধীৰ পক্ষ লৈছিল। এই কথা পিছপৰা দলিত লোকসকলে পাহৰি যোৱা নাই বুলি সকীয়াই দি ওম প্ৰকাশ ৰাজভাৰে কয়, যোগী চৰকাৰে কেৱল দলিত আৰু পিছপৰা লোকসকলক অত্যাচাৰ কৰিছে। মন কৰিব লগা যে বিগত কেইটামান সপ্তাহৰ পৰা যোগী চৰকাৰৰ বহু মন্ত্ৰী-বিধায়কে ভাজপা ত্যাগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰি আছে। এই পদত্যাগী মন্ত্ৰী-বিধায়কসকলৰ অধিকাংশই দলিত তথা পিছপৰা শ্ৰেণীৰ। যাৰ বাবে ভাজপাৰ পৰা এই দলিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ সমৰ্থন হেৰাই গৈছে। ভাজপাৰ প্ৰতি দলিতসকলৰ হেৰাই যোৱা এই সমৰ্থন ঘূৰাই আনিবলৈ যোগী আদিত্য নাথে দলিতৰ ঘৰত আহাৰ গ্ৰহণ কৰি তেওঁলোকৰ মন জয়ৰ প্ৰচেষ্টা চলাইছে বুলি জানিব পৰা গৈছে। যোগী আদিত্য নাথৰ ভাইৰেল ফটোত এতিয়া তীব্ৰ ঘৃণা আৰু সমালোচনামূলক মন্তব্যৰে ভৰি পৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও বাছি যোৱা নাই সাধাৰণ নাগৰিকৰ সমালোচনাৰ পৰা। মোদীৰ এটা পূৰণি টুইট বৰ্তমান ভাইৰেল হৈ পৰা দেখা গৈছে। টুইটটোৰ মোদীয়ে কৈছিল যে ‘কংগ্ৰেছ নেতাসকল দৰিদ্ৰতা পৰ্যটনত বিশেষজ্ঞ। কেমেৰাৰ সৈতে তেওঁলোকে গাঁৱলৈ যায় আৰু দৰিদ্ৰ লোকৰ সৈতে বহি খাদ্য খাই ফটো তোলে’। মোদীৰ এই টুইটতো সমালোচকসকলে প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী য়োগী আদিত্য নাথক লক্ষ্য কৰি লয় আৰু যোগীৰ এই ফটোৰ আঁৰত নিজৰ ন্যস্ত স্বাৰ্থ আৰু নাটক নিৰ্হিত হৈ আছে বুলি মন্তব্য কৰে। স্বৰূপাৰ্থত মোদীয়ে পোতা শূলত ফুটি মৰিছে বিজেপিৰ বহু বাঘা বাঘা নেতা। এনেদৰেই সমালোচনা-প্ৰতি সমালোচনাৰে এতিয়া মুখৰ হৈ পৰিছে উত্তৰ-প্ৰদেশৰ ৰাজনীতি। হিন্দু-মুছলমানৰ ৰাজনীতিৰে ধৰ্মীয় মেৰুকৰণ কৰিব বিচৰা বিজেপিয়ে উত্তৰ-প্ৰদেশৰ প্ৰেক্ষাপটত ধৰ্মীয় মেৰু বিভাজনত ঠাৱনি নাপাই উচ্চ-নিম্নবৰ্ণৰ ৰাজনীতিত আশ্ৰয় লোৱা ঘটনাই সমগ্ৰ দেশতে আকৌ বিচ্চিন্নতাবাদৰ ৰাজনীতিত নতুন মূৰ আনি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু