--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এতিয়া উত্তৰ-প্ৰদেশৰ চৌপাশে ৰাজনীতিৰ গৰম বতাহ। কোনে দখল কৰিব শাসনৰ গাদী তাক লৈ জল্পনা-কল্পনাৰ অন্ত নাই। ৰাজনৈতিক দলসমূহেও নিজাকৈ গ্ৰহণ কৰিছে নিৰ্বাচনৰ ৰণ কৌশল। শাসনাধিস্থ বিজেপিক কেনেকৈ গাদীৰ পৰা উফৰাব পাৰি, তাক লৈ দিনে নিশাই ব্যস্ত বিৰোধী। তাৰ মাজতে বিজেপিৰ পৰা কেইবাজনো দলিত শ্ৰেণীৰ নেতাই পদত্যাগ কৰাক লৈ শ’লঠেকত বিজেপি। দলিতৰ ভোট যাতে নেহেৰায়, তাক লৈ বিজেপিয়েও প্ৰস্তুত কৰিছে বিভিন্ন কৌশল। শেহতীয়াকৈ উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে নিৰ্বাচনী চমক দিয়াৰ উদ্দেশ্যে এজন দলিতৰ ঘৰত আহাৰ গ্ৰহণ কৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। তাৰ পাছতেই বিভিন্ন জনৰ কটু সমালোচনাৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰীজন। বিৰোধী নেতাই সমালোচনাৰ লক্ষ্য কৰি লৈছিল যোগী আদিত্য নাথক। SBSPৰ নেতা ওম প্ৰকাশ ৰাজভাৰে সমালোচনা কৰি কৈছিল যে বিগত ৫ বছৰে দলিতৰ প্ৰাপ্য হজম কৰি অহা আদিত্য নাথে এতিয়া দলিতৰ ঘৰৰ আহাৰ হজম কৰিছে। বহুতে যোগী আদিত্য নাথৰ ফটোৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এটা টুইট সংলগ্ন কৰি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী তিনিওকে চোকা সমালোচনা কৰিছিল। টুইটটোত মোদীয়ে কংগ্ৰেছক দোষাৰোপ কৰি কৈছিল যে কংগ্ৰেছ দুখীয়াৰ ঘৰলৈ গৈ আহাৰ খাই ফটো উঠাত পাকৈত। মোদীৰ টুইটেৰে বিজেপিৰ নেতাকেই প্ৰত্যুত্তৰ দিলে বহুতে। কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক উদ্বেগজনক খবৰ। যোগী আদিত্য নাথে তেওঁ আৰু বিজেপিৰ প্ৰতি হেৰুৱা আস্থা ঘূৰাই আনিবলৈ আৰু দলিত সকলৰ ভোটবেংক নিকপ্ কপীয়া কৰিবলৈ দলিতৰ ঘৰত উঠা ফটোখনৰ আঁৰৰ কাহিনী এতিয়া পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে শুক্ৰবাৰে গোৰখপুৰৰ এটা দলিত বস্তিৰ এটা দলিতৰ ঘৰত আহাৰ গ্ৰহণ কৰি দলিতসকলৰ প্ৰতি তেওঁৰ সমভাৱ দেখুওৱাৰ যত্ন কৰিছিল। কিন্তু শেহতীয়া তথ্য অনুযায়ী আদিত্য নাথে আহাৰ গ্ৰহণ কৰা সেই দলিতজন এজন বিজেপিৰ নেতাহে। দলিত জনৰ নাম অমৃত লাল ভাৰতী বুলি জানিব পৰা গৈছে। তেওঁ পেছাত এজন জীৱন বিমাৰ এজেন্ট। লগতে তেওঁ বিজেপিৰ মহানগৰ সমিতিৰ এজন বিষয়ববীয়া। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বিগত কাৰ্যকালত দলিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে কোনো উল্লেখনীয় পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। তদুপৰি এগৰাকী দলিত সম্প্ৰদায়ৰ ছোৱালীৰ মৃতদেহ কেৰাচিন-পেট্ৰ’ল ঢালি জ্বলাই দিয়া অভিযুক্তক যোগী চৰকাৰে ৰক্ষণাবেক্ষণ দি দলিতসকলক অন্যায় কৰ বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছ। এনেবোৰ অভিযোগ খণ্ডণ কৰিবলৈ তথা সকলোকে সমদৃষ্টি পোষণ কৰা বুজাবলৈ যোগী আদিত্য নাথে দলিতৰ ঘৰত আহাৰ গ্ৰহণ কৰি চমক দিবলৈ কৰা প্ৰচেষ্টাৰ আঁৰৰ ৰহস্য ফাদিলত এতিয়া আন এক মূৰ লৈছে উত্তৰ-প্ৰদেশৰ নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু