--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এতিয়া উত্তৰ-প্ৰদেশৰ চৌপাশে ৰাজনীতিৰ গৰম বতাহ। কোনে দখল কৰিব শাসনৰ গাদী তাক লৈ জল্পনা-কল্পনাৰ অন্ত নাই। ৰাজনৈতিক দলসমূহেও নিজাকৈ গ্ৰহণ কৰিছে নিৰ্বাচনৰ ৰণ কৌশল। শাসনাধিস্থ বিজেপিক কেনেকৈ গাদীৰ পৰা উফৰাব পাৰি, তাক লৈ দিনে নিশাই ব্যস্ত বিৰোধী। তাৰ মাজতে বিজেপিৰ পৰা কেইবাজনো দলিত শ্ৰেণীৰ নেতাই পদত্যাগ কৰাক লৈ শ’লঠেকত বিজেপি। দলিতৰ ভোট যাতে নেহেৰায়, তাক লৈ বিজেপিয়েও প্ৰস্তুত কৰিছে বিভিন্ন কৌশল। শেহতীয়াকৈ উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে নিৰ্বাচনী চমক দিয়াৰ উদ্দেশ্যে এজন দলিতৰ ঘৰত আহাৰ গ্ৰহণ কৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। তাৰ পাছতেই বিভিন্ন জনৰ কটু সমালোচনাৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰীজন। বিৰোধী নেতাই সমালোচনাৰ লক্ষ্য কৰি লৈছিল যোগী আদিত্য নাথক। SBSPৰ নেতা ওম প্ৰকাশ ৰাজভাৰে সমালোচনা কৰি কৈছিল যে বিগত ৫ বছৰে দলিতৰ প্ৰাপ্য হজম কৰি অহা আদিত্য নাথে এতিয়া দলিতৰ ঘৰৰ আহাৰ হজম কৰিছে। বহুতে যোগী আদিত্য নাথৰ ফটোৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এটা টুইট সংলগ্ন কৰি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী তিনিওকে চোকা সমালোচনা কৰিছিল। টুইটটোত মোদীয়ে কংগ্ৰেছক দোষাৰোপ কৰি কৈছিল যে কংগ্ৰেছ দুখীয়াৰ ঘৰলৈ গৈ আহাৰ খাই ফটো উঠাত পাকৈত। মোদীৰ টুইটেৰে বিজেপিৰ নেতাকেই প্ৰত্যুত্তৰ দিলে বহুতে। কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক উদ্বেগজনক খবৰ। যোগী আদিত্য নাথে তেওঁ আৰু বিজেপিৰ প্ৰতি হেৰুৱা আস্থা ঘূৰাই আনিবলৈ আৰু দলিত সকলৰ ভোটবেংক নিকপ্ কপীয়া কৰিবলৈ দলিতৰ ঘৰত উঠা ফটোখনৰ আঁৰৰ কাহিনী এতিয়া পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে শুক্ৰবাৰে গোৰখপুৰৰ এটা দলিত বস্তিৰ এটা দলিতৰ ঘৰত আহাৰ গ্ৰহণ কৰি দলিতসকলৰ প্ৰতি তেওঁৰ সমভাৱ দেখুওৱাৰ যত্ন কৰিছিল। কিন্তু শেহতীয়া তথ্য অনুযায়ী আদিত্য নাথে আহাৰ গ্ৰহণ কৰা সেই দলিতজন এজন বিজেপিৰ নেতাহে। দলিত জনৰ নাম অমৃত লাল ভাৰতী বুলি জানিব পৰা গৈছে। তেওঁ পেছাত এজন জীৱন বিমাৰ এজেন্ট। লগতে তেওঁ বিজেপিৰ মহানগৰ সমিতিৰ এজন বিষয়ববীয়া। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বিগত কাৰ্যকালত দলিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে কোনো উল্লেখনীয় পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। তদুপৰি এগৰাকী দলিত সম্প্ৰদায়ৰ ছোৱালীৰ মৃতদেহ কেৰাচিন-পেট্ৰ’ল ঢালি জ্বলাই দিয়া অভিযুক্তক যোগী চৰকাৰে ৰক্ষণাবেক্ষণ দি দলিতসকলক অন্যায় কৰ বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছ। এনেবোৰ অভিযোগ খণ্ডণ কৰিবলৈ তথা সকলোকে সমদৃষ্টি পোষণ কৰা বুজাবলৈ যোগী আদিত্য নাথে দলিতৰ ঘৰত আহাৰ গ্ৰহণ কৰি চমক দিবলৈ কৰা প্ৰচেষ্টাৰ আঁৰৰ ৰহস্য ফাদিলত এতিয়া আন এক মূৰ লৈছে উত্তৰ-প্ৰদেশৰ নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ