--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী উপাধিক লৈ বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ বাবে দোষী সাব্যস্ত হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইয়াৰ বাবে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড শাস্তি ঘোষণা কৰা হৈছিল। গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া এই শাস্তিৰ নিৰ্দেশ স্থগিত উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল ৰাহুল গান্ধীয়ে। সেই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সাজু হৈছে উচ্চতম ন্যায়ালয়। গুজৰাট উচ্চতম ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই ১৫ জুলাইত ৰাহুল গান্ধী উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। 

জানিব পৰা মতে, মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠে অহা ২১ জুলাইত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব। এই কথা প্ৰকাশ কৰিছে ৰাহুল গান্ধীৰ অধিবক্তা অভিষেক মনু সিংভীয়ে। 

এই সম্পৰ্কত ৰাহুল গান্ধীয়ে কয় যে যদি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা উচ্চ ন্যায়ালয়ৰ ৰায়দান স্থগিত ৰখা নহয় তেন্তে  এই ৰায়দানে মুক্ত বাক, মত প্ৰকাশ, চিন্তা, মুক্ত বক্তব্যৰ প্ৰতি সংকট কঢ়িয়াই আনিব। যি সমাজৰ বাবে অতি বিপদজনক।

যদি উচ্চ ন্যায়ালয়ৰ ৰায়দান স্থগিত ৰখা নহয় তেন্তে ই গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ লগতে ভাৰতৰ ৰাজনৈতিক জলবায়ু আৰু ভৱিষ্যতৰ বাবে ক্ষতিকাৰক হ’ব।

উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা মন্তব্যৰ বাবে যোৱা মাৰ্চ মাহত দণ্ডাধীশ আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰিছিল।

দণ্ডাধীশ আদালতে গান্ধীক দোষী সাব্যস্ত কৰাৰ পিছত তেওঁ চেচনছ আদালতৰ কাষ চাপিছিল আৰু ২০ এপ্ৰিলত চেচন আদালতেও তেওঁৰ আবেদন নাকচ কৰিছিল।

তাৰ পিছত তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়েও তেওঁৰ শাস্তি স্থগিতাদেশ বিচাৰি কৰা আবেদন নাকচ কৰে।

স্মৰ্তব্য যে, এই গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত লোকসভা সচিবালয়ৰ অধিসূচনাৰ অনুসৰি ২৪ মাৰ্চত কেৰালাৰ ৱায়ানাদ সমষ্টিৰ সাংসদ ৰাহুল গান্ধীক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হয়।

কংগ্ৰেছ নেতা গৰাকীয়ে ২০১৯ চনত কৰ্ণাটকত অনুষ্ঠিত এক ৰাজহুৱা সভাত মোদীৰ বিৰুদ্ধে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে- ''নীৰৱ মোদী, ললিত মোদী, নৰেন্দ্ৰ মোদীৰ উপাধি কিয় একে? কিয় প্ৰতিজন চোৰৰ উপাধি মোদী হয়? '' ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই বিধায়ক পূৰ্ণেশ মোদীয়ে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ