--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী উপাধিক লৈ বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ বাবে দোষী সাব্যস্ত হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইয়াৰ বাবে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড শাস্তি ঘোষণা কৰা হৈছিল। গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া এই শাস্তিৰ নিৰ্দেশ স্থগিত উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল ৰাহুল গান্ধীয়ে। সেই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সাজু হৈছে উচ্চতম ন্যায়ালয়। গুজৰাট উচ্চতম ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই ১৫ জুলাইত ৰাহুল গান্ধী উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। 

জানিব পৰা মতে, মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠে অহা ২১ জুলাইত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব। এই কথা প্ৰকাশ কৰিছে ৰাহুল গান্ধীৰ অধিবক্তা অভিষেক মনু সিংভীয়ে। 

এই সম্পৰ্কত ৰাহুল গান্ধীয়ে কয় যে যদি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা উচ্চ ন্যায়ালয়ৰ ৰায়দান স্থগিত ৰখা নহয় তেন্তে  এই ৰায়দানে মুক্ত বাক, মত প্ৰকাশ, চিন্তা, মুক্ত বক্তব্যৰ প্ৰতি সংকট কঢ়িয়াই আনিব। যি সমাজৰ বাবে অতি বিপদজনক।

যদি উচ্চ ন্যায়ালয়ৰ ৰায়দান স্থগিত ৰখা নহয় তেন্তে ই গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ লগতে ভাৰতৰ ৰাজনৈতিক জলবায়ু আৰু ভৱিষ্যতৰ বাবে ক্ষতিকাৰক হ’ব।

উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা মন্তব্যৰ বাবে যোৱা মাৰ্চ মাহত দণ্ডাধীশ আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰিছিল।

দণ্ডাধীশ আদালতে গান্ধীক দোষী সাব্যস্ত কৰাৰ পিছত তেওঁ চেচনছ আদালতৰ কাষ চাপিছিল আৰু ২০ এপ্ৰিলত চেচন আদালতেও তেওঁৰ আবেদন নাকচ কৰিছিল।

তাৰ পিছত তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়েও তেওঁৰ শাস্তি স্থগিতাদেশ বিচাৰি কৰা আবেদন নাকচ কৰে।

স্মৰ্তব্য যে, এই গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত লোকসভা সচিবালয়ৰ অধিসূচনাৰ অনুসৰি ২৪ মাৰ্চত কেৰালাৰ ৱায়ানাদ সমষ্টিৰ সাংসদ ৰাহুল গান্ধীক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হয়।

কংগ্ৰেছ নেতা গৰাকীয়ে ২০১৯ চনত কৰ্ণাটকত অনুষ্ঠিত এক ৰাজহুৱা সভাত মোদীৰ বিৰুদ্ধে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে- ''নীৰৱ মোদী, ললিত মোদী, নৰেন্দ্ৰ মোদীৰ উপাধি কিয় একে? কিয় প্ৰতিজন চোৰৰ উপাধি মোদী হয়? '' ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই বিধায়ক পূৰ্ণেশ মোদীয়ে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন