--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনীট ইউজি ২০২৪ ত হোৱা নানান খেলি-মেলিৰ অভিযোগে কঁপাই ৰাখিছে দেশ। এনে সময়তে পৰীক্ষাৰ পূৰ্বেই  প্ৰশ্নকাকত পোৱা বুলি দাবী কৰিছে গ্ৰেপ্তাৰ হোৱা ছাত্ৰই। প্ৰশ্নকাকত  ফাদিল হোৱাৰ কথা  চৰকাৰে অস্বীকাৰ কৰাৰ সময়তে গ্ৰেপ্তাৰ হোৱা ছাত্ৰৰ এনে ভাষ্যই বিষয়টোক অধিক সন্দিহান কৰি তুলিছে।  ইতিমধ্যে প্ৰশ্নকাকত  ফাদিলৰ অভিযোগত পাটনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আয়ুষ ৰাজ নামৰ এজন ছাত্ৰক। তেওঁ  টকাৰ বিনিময়ত প্ৰশ্নকাকত পাইছিল। পৰীক্ষা হলত সোমাই তেওঁ দেখিলে যে তেওঁ পূৰ্বে পোৱা প্ৰশ্নকাকত আৰু পৰীক্ষা হলত পোৱা মূল প্ৰশ্নকাকতখন হুবহু একে। কেৱল সেয়াই নহয়, এই ঘটনাত বিহাৰ আৰক্ষীয়ে এতিয়ালৈকে ১৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কিন্তু চৰকাৰে দাবী কৰিছে যে প্ৰশ্নকাকত ফাদিল হোৱাৰ কোনো প্ৰমাণ তেওঁলোকে পোৱা নাই।

সর্বভাৰতীয় সংবাদ মাধ্যমে প্রকাশ কৰা এক প্রতিবেদন অনুসৰি এই ঘটনা সন্দর্ভত এতিয়ালৈকে পাটনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১৯ জন লোকৰ ভিতৰত এজন হৈছে  আয়ুষ ৰাজ ৷ আৰক্ষীক দিয়া স্বীকাৰোক্তি  আয়ুষে এইবুলি  দাবী কৰে-  ‘৪ মে’ৰ নিশা মোক পাটনাৰ লাৰ্ণ হোষ্টেললৈ লৈ যোৱা হৈছিল। তাতে মোক পৰীক্ষাৰ প্ৰশ্নকাকতখন দিয়া হৈছিল। একে সময়তে উত্তৰ বহীও দিয়া হৈছিল। উত্তৰ সমূহ  সম্পূৰ্ণৰূপে মুখস্থ কৰিবলৈ মোক কোৱা হৈছিল।  সেইদিনা মোৰ লগত তাত  আন ২০-২৫ জন পৰীক্ষাৰ্থী উপস্থিত আছিল। ইয়াৰ পিছত পৰীক্ষা হলত সোমাই দেখিলো মোক দিয়া প্ৰশ্নকাকত আৰু পৰীক্ষাৰ প্ৰশ্নকাকত হুবহু একে।  ছাত্ৰজনৰ বক্তব্য ইতিমধ্যে আৰক্ষীয়ে আদালতত দাখিল কৰিছে।

ইফালে, আৰক্ষীৰ এজাহাৰত  স্পষ্টকৈ দাবী কৰা হৈছে যে  এটা  পৰীক্ষা কেন্দ্ৰৰ বাহিৰত ৰখাই থোৱা JH01BW-0019 নম্বৰৰ এখন সন্দেহজনক বাহন জব্দ কৰা হৈছিল। গাড়ীৰ চালকজনে পলাবলৈ চেষ্টা কৰিছিল। গাড়ীখনত মুঠ ৩ জন ব্যক্তি আছিল আৰু তেওঁলোকৰ পৰা ৪ জন প্ৰাৰ্থীৰ এডমিট কাৰ্ডৰ জেৰক্স কপি পোৱা গৈছিল। জেৰাত তেওঁলোকে স্বীকাৰ কৰে যে তেওঁলোকে পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে মিলি কাকত ফাদিল কৰিছিল । আন বহু কেন্দ্ৰতো একেই ঘটনা ঘটিছিল। 

ইপিনে  কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে  স্পষ্টকৈ কৈছে  যে, " পৰীক্ষাত কোনো ধৰণৰ দুৰ্নীতি, প্ৰশ্ন ফাদিল  হোৱাৰ কোনো পৰ্যাপ্ত প্ৰমাণ পোৱা নাই।" উল্লেখ্য এইবাৰ  NEET পৰীক্ষাত ৬৭ গৰাকীয়ে  প্ৰথম স্থান দখল কৰিছে। পৰীক্ষাত প্ৰশ্ন ফাদিল হোৱাৰ অভিযোগৰ উপৰি বহু  পৰীক্ষাৰ্থীক  গ্ৰেচ মাৰ্ক দিয়াৰ অভিযোগো উত্থাপন হৈছে। অৱশ্যে প্ৰতিবাদৰ  পৰিপ্ৰেক্ষিতত কেন্দ্ৰই  ‘ভুল’ প্ৰশ্নৰ বাবে ৰেহাই নম্বৰ পোৱা ১৫৬৩ গৰাকী প্ৰাৰ্থীৰ অতিৰিক্ত ৰেহাই নম্বৰ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে, ঘটনা সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবীত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে বহু জনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement