--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সমাগত গুজৰাট বিধানসভা নিৰ্বাচন৷ গুজৰাট নিৰ্বাচনত জয় লাভ কৰিবলৈ উঠি-পৰি লাগিছে বিজেপি আৰু আপ ৷ এনে সময়তে এতিয়া যেন বিফল হৈ পৰিছে আপৰ পাবলিচিটি ষ্টান্ট৷  এই মাহৰ আৰম্ভণিতে আপৰ সৰ্বোচ্চ নেতা অৰবিন্দ কেজৰিৱালক  নৈশ ভোজনৰ  বাবে  ঘৰলৈ আমন্ত্ৰণ জনোৱা এজন অটো-ৰিক্সা চালক বিক্ৰম দান্তনীক শেহতীয়াকৈ  আহমেদাবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সভাত দেখা গৈছিল। 

শাসনাধিষ্ঠিত  দল ভাৰতীয় জনতা পাৰ্টিৰ  গেৰুৱা টুপী পৰিধান কৰি থকা দন্তনীয়ে কয় যে,  তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ অনুৰাগী আৰু সদায় বিজেপিৰ ভোটাৰ। তেওঁ লগতে কয় যে তেওঁ বিজেপিৰ পৰম্পৰাগত দুৰ্গ দন্তনিৱাস এলেকাৰ বাসিন্দা। 

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি দন্তনীয়ে কয় যে দন্তনীনগৰৰ পৰা মানুহেৰে ভৰ্তি এখন বাছ আজি প্ৰধানমন্ত্ৰী মোডীৰ ৰেলীলৈ আহিছে। তেওঁ লগতে কৈছিল যে তেওঁ কেতিয়াও অৱগত নাছিল যে কেজৰিৱালে তেওঁৰ ঘৰলৈ যোৱাক লৈ ৰাজনীতি কৰিব৷ 
 
গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী থকাৰ লগে লগে, আম আদমী পাৰ্টীয়ে তেওঁলোকৰ পি আৰ ষ্টাণ্টও বৃদ্ধি কৰিছিল৷লগতে ৰাজ্যখনৰ নাগৰিকসকলৰ সৈতে এক আৱেগিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল৷ এই উদ্দেশ্যৰেই হয়তো কেজৰিৱালে এজন অটো-ৰিক্সা চালকৰ  নৈশ ভোজৰ আমন্ত্ৰণ গ্ৰহণ কৰিছিল ৷ যি পিছত এজন প্ৰতিশ্ৰুতিবদ্ধ আপ কৰ্মী হিচাপে পৰিগণিত হৈছিল।

গুজৰাটত শেহতীয়াকৈ অনুষ্ঠিত বিজেপিৰ এক জনসভাত  ইয়াৰ বিপৰীত  দৃশ্যহে দেখা পোৱা গৈছেিল৷কেজৰিৱালক আমন্ত্ৰণ জনোৱা  অটো-ৰিক্সা চালকজনক মোদীৰ প্ৰশংসাতহে গদগদ্ হৈ পৰা দেখা গ’ল৷কিছু দিন পূৰ্বে আপৰ হৈ প্ৰচাৰ চলোৱাৰ পিছতে বিজেপি মুখী হৈ পৰা অটো’ চালকজনে সকলোৰে মনত সন্দেহৰ সৃষ্টি কৰিছে৷  গতিকে  ক’ৰ পানী ক’লৈ যায় সেইয়া সময়েহে ক’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু