--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সমাগত গুজৰাট বিধানসভা নিৰ্বাচন৷ গুজৰাট নিৰ্বাচনত জয় লাভ কৰিবলৈ উঠি-পৰি লাগিছে বিজেপি আৰু আপ ৷ এনে সময়তে এতিয়া যেন বিফল হৈ পৰিছে আপৰ পাবলিচিটি ষ্টান্ট৷  এই মাহৰ আৰম্ভণিতে আপৰ সৰ্বোচ্চ নেতা অৰবিন্দ কেজৰিৱালক  নৈশ ভোজনৰ  বাবে  ঘৰলৈ আমন্ত্ৰণ জনোৱা এজন অটো-ৰিক্সা চালক বিক্ৰম দান্তনীক শেহতীয়াকৈ  আহমেদাবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সভাত দেখা গৈছিল। 

শাসনাধিষ্ঠিত  দল ভাৰতীয় জনতা পাৰ্টিৰ  গেৰুৱা টুপী পৰিধান কৰি থকা দন্তনীয়ে কয় যে,  তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ অনুৰাগী আৰু সদায় বিজেপিৰ ভোটাৰ। তেওঁ লগতে কয় যে তেওঁ বিজেপিৰ পৰম্পৰাগত দুৰ্গ দন্তনিৱাস এলেকাৰ বাসিন্দা। 

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি দন্তনীয়ে কয় যে দন্তনীনগৰৰ পৰা মানুহেৰে ভৰ্তি এখন বাছ আজি প্ৰধানমন্ত্ৰী মোডীৰ ৰেলীলৈ আহিছে। তেওঁ লগতে কৈছিল যে তেওঁ কেতিয়াও অৱগত নাছিল যে কেজৰিৱালে তেওঁৰ ঘৰলৈ যোৱাক লৈ ৰাজনীতি কৰিব৷ 
 
গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী থকাৰ লগে লগে, আম আদমী পাৰ্টীয়ে তেওঁলোকৰ পি আৰ ষ্টাণ্টও বৃদ্ধি কৰিছিল৷লগতে ৰাজ্যখনৰ নাগৰিকসকলৰ সৈতে এক আৱেগিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল৷ এই উদ্দেশ্যৰেই হয়তো কেজৰিৱালে এজন অটো-ৰিক্সা চালকৰ  নৈশ ভোজৰ আমন্ত্ৰণ গ্ৰহণ কৰিছিল ৷ যি পিছত এজন প্ৰতিশ্ৰুতিবদ্ধ আপ কৰ্মী হিচাপে পৰিগণিত হৈছিল।

গুজৰাটত শেহতীয়াকৈ অনুষ্ঠিত বিজেপিৰ এক জনসভাত  ইয়াৰ বিপৰীত  দৃশ্যহে দেখা পোৱা গৈছেিল৷কেজৰিৱালক আমন্ত্ৰণ জনোৱা  অটো-ৰিক্সা চালকজনক মোদীৰ প্ৰশংসাতহে গদগদ্ হৈ পৰা দেখা গ’ল৷কিছু দিন পূৰ্বে আপৰ হৈ প্ৰচাৰ চলোৱাৰ পিছতে বিজেপি মুখী হৈ পৰা অটো’ চালকজনে সকলোৰে মনত সন্দেহৰ সৃষ্টি কৰিছে৷  গতিকে  ক’ৰ পানী ক’লৈ যায় সেইয়া সময়েহে ক’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement