--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে বৃহস্পতিবাৰে কয় যে এজন ব্যক্তিয়ে  ভুল ধৰণৰ খাদ্য খোৱা উচিত নহয় আৰু  হিংসা বৃদ্ধি কৰিব পৰা  খাদ্য গ্ৰহণ কৰাটো পৰিহাৰ কৰিব লাগে। আৰ এছ এছ ৰ মুৰব্বীয়ে আৰ এছ এছৰ সৈতে সম্পৰ্কিত সংগঠন ভাৰত বিকাশ মঞ্চৰ দ্বাৰা আয়োজিত এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰি থাকোঁতেই মোহন ভাগৱতে এই বিতৰ্কিত মন্তব্য কৰে৷  

ইয়াৰোপৰি আৰ এছ এছৰ নেতাজনে কয় যে, যদি আপুনি ভুল খাদ্য খায় তেন্তে এই খাদ্যই আপোনাক ভুল পথলৈ  লৈ যাব। সেয়েহে কোনো  ব্যক্তিয়েই তামসিক খাদ্য খাব নালাগে। অত্যাধিক হিংসাৰ সৈতে জড়িত খাদ্য খোৱা উচিত নহয়।৷তামসিক  খাদ্যত সাধাৰণতে আমিষ ব্যঞ্জন থাকে।

 লগতে তেওঁ  প্ৰাশ্চাত্যৰ আমিষভোজী লোকসকলক   ভাৰতীয় লোকসকলৰ মাজত তুলনা কৰি কয়, "ভাৰতত এনে লোক আছে যিয়ে পৃথিৱীৰ আন ঠাইৰ দৰে মাংস খায়, কিন্তু আমাৰ দেশত আনকি আমিষ লোকসকলেও সংযম পালন কৰে আৰু কিছুমান নিয়ম অনুসৰণ কৰে।"

"ইয়াত আমিষ খাদ্য খোৱা লোকসকলে শ্ৰৱণৰ গোটেই মাহটোত ইয়াক নাখায়। তেওঁলোকে ইয়াক সোমবাৰে, মঙলবাৰে, বৃহস্পতিবাৰে বা শনিবাৰে নাখায়। তেওঁলোকে নিজৰ ওপৰত কিছুমান নিয়ম আৰোপ কৰে," ভাগৱতে উল্লেখ কৰে।

ভাৰতত এনে কিছুমান লোক আছে যিয়ে পৃথিৱীৰ আন ঠাইৰ দৰে মাংস খায়, কিন্তু আমাৰ দেশত আনকি আমিষ লোকসকলেও সংযম পালন কৰে আৰু কিছুমান নিয়ম পালন কৰে৷ 

সমান্তৰালভাৱে , 'আধ্যাত্মিকতা হৈছে ভাৰতৰ আত্মা' বুলি উল্লেখ কৰি তেওঁ কয় যে সংকটৰ সময়ত কেৱল ভাৰতেই শ্ৰীলংকা আৰু মালদ্বীপক সহায় কৰিছিল ৷  এই দেশবোৰ সংকটতত থকাৰ সময়ত ভাৰতৰ সৈতে ব্যৱসায় কৰিবলৈ আগ্ৰহী হৈ উঠিছিল৷ চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পাকিস্তানৰ দৰে দেশসমূহে শ্ৰীলংকাৰ প্ৰতি মনোযোগ দিছিল যেতিয়া তেওঁলোকে তাত ব্যৱসায়ৰ পাতনি মেলিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ