--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে অহোপুৰুষাৰ্থ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেয়েহে মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ‘বিকাশ’ ৰ চমকপ্ৰদ নীতি। দেশৰ সৰ্বপ্ৰান্তত সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে অভিনৱ উন্নয়নমুখী আঁচনি গ্ৰহণ কৰিছে। দেখিবলৈ তথা শুনিবলৈ এয়া সঠিক যেনেই লাগে। বিকাশৰ চকু চাৎ মৰা শ্ল'গানে ঠিকেই আকৃষ্ট কৰিছে দেশৰ জনসাধাৰণক।

পিছে ২০১৪ চনৰ পৰা মোদীৰ লগতে বিজেপিৰ নেতা-পালিনেতাৰ মুখত আখৈ ফুটাদি ফুটা এই ‘বিকাশ’ৰ প্ৰকৃত স্বৰূপ ইতিমধ্যে দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক অৱস্থাই সমুখলৈ আনিছে। বিকাশৰ চমকপ্ৰদ ফটাঢোল কোবাই প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ১৬ জুলাইত উদ্বোধন কৰা এটা ১৪,৮৫০ কোটি টকীয়া প্ৰকল্পই প্ৰকাশ কৰিছে বিকাশৰ প্ৰকৃত নমুনা।

কেন্দ্ৰত মোদী ঢৌৰ সমানে দেশৰ ৰাজ্য চৰকাৰ সমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওপৰত শ্ৰেষ্ঠত্ব আৰোপৰ এক কাৰচাজি চলি আহিছে। কিন্তু এই সকলো প্ৰচাৰৰ আঁৰত থকা সত্যও ইতিমধ্যে ফাদিল হৈছে। দেশৰ ভিতৰতে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ ঢাক-ঢোল কোবোৱা যোগীৰ উত্তৰ প্ৰদেশে উন্নয়নৰ দিশত শীৰ্ষস্থান দখল কৰাত ব্যৰ্থ হ’লেও পিছে অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত উপনীত হৈছে।

ভাৰতক বিশ্বগুৰু ৰূপে গঢ়ি তোলাৰ মূল কাৰিকৰ প্ৰধানমন্ত্ৰী মোদী আৰু দেশৰ ‘শ্ৰেষ্ঠ’ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ যুগলবন্দীয়ে শেহতীয়াকৈ যোৱা ১৬ জুলাইত উদ্বোধন কৰিছিল বুন্দেলখণ্ড এক্সপ্ৰেছৱে। কিন্তু দুয়োগৰাকী ‘শ্ৰেষ্ঠ পুৰুষ’ ৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই উদ্বোধনৰ মাত্ৰ পাঁচদিন পিছতে চপৰা-চপৰে এৰাই গৈছে এক্সপ্ৰেছৱেৰ ওপৰভাগ। কেইজাকমান বৰষুণতে এইদৰে ১৪,৮৫০ কোটি টকীয়া এটা বৃহৎ প্ৰকল্পৰ এই দুৰ্গতিৰ বাবে স্বাভাৱিকতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উত্তৰ প্ৰদেশৰ বিৰোধী ৰাজনৈতিক দল সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এক্সপ্ৰেছৱেৰ এই অৱস্থাৰ পাছতে মোডী চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লয়। বিজেপি চৰকাৰক কটাক্ষ কৰি যাদৱে কয় যে এয়াই বিজেপিৰ উন্নয়নৰ মানদণ্ডৰ নমুনা। উদ্বোধন কৰাৰ এসপ্তাহৰ ভিতৰতে বুন্দেলখণ্ড এক্সপ্ৰেছৱেত দুৰ্নীতিৰ ডাঙৰ গাঁত ওলাই আহিছে বুলি কটুক্তি কৰে যাদৱে।

আনহাতে বিজেপিৰে সাংসদ বৰুণ গান্ধীয়ে এক টুইটত এক্সপ্ৰেছৱেৰ নিৰ্মাণৰ মানদণ্ডৰ সন্দৰ্ভত কয় যে যদি ১৫,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এক্সপ্ৰেছৱেটোৱে পাঁচ দিনৰ বৰষুণো সহ্য কৰিব নোৱাৰে, তেন্তে ইয়াৰ মানদণ্ডৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপিত হ’ব।

উল্লেখ্য যে ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে কংগ্ৰেছ চৰকাৰৰ ব্যাপক দুৰ্নীতিক অন্যতম নিৰ্বাচনী ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰি দেশবাসীক এক দুৰ্নীতিমুক্ত ভাৰতবৰ্ষৰ সপোন দেখুৱাইছিল। পিছে স্বয়ং ‘বিশ্বগুৰু’ প্ৰধানমন্ত্ৰী আৰু ‘শ্ৰেষ্ঠ’ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা এই বৃহৎ প্ৰকল্পটো মাত্ৰ পাঁচ দিনৰ ভিতৰতে এনেদৰে চপৰা-চপৰে এৰাই যোৱাৰ পাছত স্বাভাৱিকতেই প্ৰকল্পটোত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ