--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে অহোপুৰুষাৰ্থ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেয়েহে মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ‘বিকাশ’ ৰ চমকপ্ৰদ নীতি। দেশৰ সৰ্বপ্ৰান্তত সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে অভিনৱ উন্নয়নমুখী আঁচনি গ্ৰহণ কৰিছে। দেখিবলৈ তথা শুনিবলৈ এয়া সঠিক যেনেই লাগে। বিকাশৰ চকু চাৎ মৰা শ্ল'গানে ঠিকেই আকৃষ্ট কৰিছে দেশৰ জনসাধাৰণক।

পিছে ২০১৪ চনৰ পৰা মোদীৰ লগতে বিজেপিৰ নেতা-পালিনেতাৰ মুখত আখৈ ফুটাদি ফুটা এই ‘বিকাশ’ৰ প্ৰকৃত স্বৰূপ ইতিমধ্যে দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক অৱস্থাই সমুখলৈ আনিছে। বিকাশৰ চমকপ্ৰদ ফটাঢোল কোবাই প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ১৬ জুলাইত উদ্বোধন কৰা এটা ১৪,৮৫০ কোটি টকীয়া প্ৰকল্পই প্ৰকাশ কৰিছে বিকাশৰ প্ৰকৃত নমুনা।

কেন্দ্ৰত মোদী ঢৌৰ সমানে দেশৰ ৰাজ্য চৰকাৰ সমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওপৰত শ্ৰেষ্ঠত্ব আৰোপৰ এক কাৰচাজি চলি আহিছে। কিন্তু এই সকলো প্ৰচাৰৰ আঁৰত থকা সত্যও ইতিমধ্যে ফাদিল হৈছে। দেশৰ ভিতৰতে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ ঢাক-ঢোল কোবোৱা যোগীৰ উত্তৰ প্ৰদেশে উন্নয়নৰ দিশত শীৰ্ষস্থান দখল কৰাত ব্যৰ্থ হ’লেও পিছে অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত উপনীত হৈছে।

ভাৰতক বিশ্বগুৰু ৰূপে গঢ়ি তোলাৰ মূল কাৰিকৰ প্ৰধানমন্ত্ৰী মোদী আৰু দেশৰ ‘শ্ৰেষ্ঠ’ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ যুগলবন্দীয়ে শেহতীয়াকৈ যোৱা ১৬ জুলাইত উদ্বোধন কৰিছিল বুন্দেলখণ্ড এক্সপ্ৰেছৱে। কিন্তু দুয়োগৰাকী ‘শ্ৰেষ্ঠ পুৰুষ’ ৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই উদ্বোধনৰ মাত্ৰ পাঁচদিন পিছতে চপৰা-চপৰে এৰাই গৈছে এক্সপ্ৰেছৱেৰ ওপৰভাগ। কেইজাকমান বৰষুণতে এইদৰে ১৪,৮৫০ কোটি টকীয়া এটা বৃহৎ প্ৰকল্পৰ এই দুৰ্গতিৰ বাবে স্বাভাৱিকতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উত্তৰ প্ৰদেশৰ বিৰোধী ৰাজনৈতিক দল সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এক্সপ্ৰেছৱেৰ এই অৱস্থাৰ পাছতে মোডী চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লয়। বিজেপি চৰকাৰক কটাক্ষ কৰি যাদৱে কয় যে এয়াই বিজেপিৰ উন্নয়নৰ মানদণ্ডৰ নমুনা। উদ্বোধন কৰাৰ এসপ্তাহৰ ভিতৰতে বুন্দেলখণ্ড এক্সপ্ৰেছৱেত দুৰ্নীতিৰ ডাঙৰ গাঁত ওলাই আহিছে বুলি কটুক্তি কৰে যাদৱে।

আনহাতে বিজেপিৰে সাংসদ বৰুণ গান্ধীয়ে এক টুইটত এক্সপ্ৰেছৱেৰ নিৰ্মাণৰ মানদণ্ডৰ সন্দৰ্ভত কয় যে যদি ১৫,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এক্সপ্ৰেছৱেটোৱে পাঁচ দিনৰ বৰষুণো সহ্য কৰিব নোৱাৰে, তেন্তে ইয়াৰ মানদণ্ডৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপিত হ’ব।

উল্লেখ্য যে ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে কংগ্ৰেছ চৰকাৰৰ ব্যাপক দুৰ্নীতিক অন্যতম নিৰ্বাচনী ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰি দেশবাসীক এক দুৰ্নীতিমুক্ত ভাৰতবৰ্ষৰ সপোন দেখুৱাইছিল। পিছে স্বয়ং ‘বিশ্বগুৰু’ প্ৰধানমন্ত্ৰী আৰু ‘শ্ৰেষ্ঠ’ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা এই বৃহৎ প্ৰকল্পটো মাত্ৰ পাঁচ দিনৰ ভিতৰতে এনেদৰে চপৰা-চপৰে এৰাই যোৱাৰ পাছত স্বাভাৱিকতেই প্ৰকল্পটোত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু