--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মাত্ৰ পাঁচ বছৰীয়া এটি শিশু। স্বাভাৱিকতেই এই বয়সৰ প্ৰতিটো শিশুৱেই মানসিকভাৱে কিছু জেদী হৈ পৰে। কোনো বস্তুৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিলে এই বয়সৰ এটি শিশুৱে সেই বস্তুবিধ পোৱাৰ বাবে জেদ ধৰে। তেনেদৰেই জেদ ধৰিছিল এই শিশুটিয়েও। আহাৰ গ্ৰহণ কৰি থকা নিজ খুৰাকক আম আনি দিয়াৰ বাবে জোৰ দিছিল শিশুটিয়ে। বাৰে বাৰে ভতিজীৰ এই আহ্বানত অতিষ্ঠ হৈ পৰিছিল খুৰাকজন আৰু মানসিকভাৱে উত্তেজিত হৈ নৃশংসভাৱে হত্যা কৰে মাত্ৰ পাঁচ বছৰীয়া ভতিজাকক।

মানৱ সমাজক লজ্জিত কৰা এই নিষ্ঠুৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ চামলিৰ খেদা কুৰ্তান গাঁৱত এই ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত। অভিযোগ অনুসৰি ৩৩ বছৰীয়া ব্যক্তিগৰাকীয়ে কেৱল মাত্ৰ আম বিচাৰি আমনি কৰাৰ বাবেই নিজৰ ৫ বছৰীয়া ভতিজীক হত্যা কৰিছে।

প্ৰকাশিত প্ৰতিবেদন অনুসৰি, শিশুটিয়ে বাৰে বাৰে আম বিচাৰি বিৰক্তি দিয়াৰ ফলত উত্তেজিত হৈ cঅভিযুক্ত ব্যক্তিজনে প্ৰথমে তাইৰ মূৰত ৰডৰে আঘাত কৰিছিল আৰু তাৰ পিছতে তাইৰ ডিঙি কাটি পেলাইছিল। নিথৰ হৈ পৰা ভতিজাকৰ দেহটো এটা বস্তাত ভৰাই লুকুৱাই ৰখা হৈছিল।

হত্যাৰ বলি হোৱা শিশুটিক খৈৰু নিশা বুলি চিনাক্ত কৰা হৈছে। মৃত নিশা অঞ্চলপোৰ এগৰাকী শ্ৰমিকৰ সন্তান। ঘটনাৰ দিনা আবেলিৰ পৰাই নিৰুদ্দেশ হৈ আছিল।

স্থানীয় এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে অভিযুক্ত হত্যাকাৰীজনে আনকি ছোৱালীজনীক বিচাৰিবলৈ গাওঁবাসীৰ সৈতেও ওলাই গৈছিল। কিন্তু আৰক্ষীয়ে তেওঁৰ ওপৰত সন্দেহ কৰাৰ পিছতে প্ৰকৃত ঘটনা পোহৰলৈ আহে। আৰক্ষীয়ে তেওঁৰ ওপৰত সন্দেহ কৰাৰ প্ৰমাণ পায়ে পলাই যায় অভিযুক্তগৰাকী।

তেওঁৰ পলায়নৰ পিছতে মৃত শিশুটিৰ দেউতাকৰ অভিযোগৰ ভিত্তিত অভিযুক্তগৰাকীৰ বিৰুদ্ধে আইপিচি ধাৰা ৩০২ ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। অনুসন্ধানৰ সময়ত আৰক্ষীয়ে অভিযুক্ত উমাৰদিনৰ ঘৰত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে। আদালতেও ইতিমধ্যে অভিযুক্ত উমাৰদিনক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

শামলিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অ'পি সিঙে জানিবলৈ দিয়া মতে আৰক্ষীয়ে পলাতক অভিযুক্ত উমাৰদিনক গাঁৱৰ ওচৰৰ বনাঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে। উমাৰদিনৰ ওচৰৰ পৰা হত্যাৰ অস্ত্ৰ, এখন ছুৰি আৰু এডাল লোহাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ