--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰথমগৰাকী আদিবাসী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মু। দ্ৰৌপদী মূৰ্মুৰ মনোনয়ন ঘোষণা কৰাৰ দিনৰ পৰাই প্ৰচাৰ চলাই আহিছে বিজেপিয়ে। এইবাৰ দ্ৰৌপদীৰ জয় নিশ্চিত কৰাৰ লক্ষ্যৰে গেৰুৱা শিবিৰে নতুন প্ৰচাৰ পৰিকল্পনা আৰম্ভ কৰিছে। আশ্চৰ্যজনকভাৱে,  অহা ২১ জুলাইত তৃণমূল কংগ্ৰেছে ‘শ্বহীদ দিৱস’ উদযাপন কৰাৰ দিনাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব। নিৰ্বাচনৰ সময়সূচী অনুসৰি, উক্তদিনা পুৱাৰে পৰা হ’ব ভোটগণনা। ফলাফল ঘোষণা কৰাৰ লগে লগে বিজেপিয়ে কলকাতাকে ধৰি সমগ্ৰ ৰাজ্যতে বিজয় শোভাযাত্ৰা উলিয়াব। কেৱল সেয়াই নহয়, দেশৰ নতুন ৰাষ্ট্ৰপতিগৰাকীৰ শপত গ্ৰহণৰ দিনাও সমগ্ৰ ৰাজ্যজুৰি এক শোভাযাত্ৰা উলিওৱাৰ প্ৰস্তুতি চলোৱা বু‌লি জানিবলৈ পোৱা গৈছে।

মঙলবাৰে কলকাতাত দ্ৰৌপদী মূৰ্মুৰ উপস্থিতিত বিজেপিৰ সাংসদ-বিধায়কৰ বৈঠক অনুষ্ঠিত হয়। জানিব পৰা মতে, সেই কার্যসূচীৰ পূর্বে দলীয় বিধায়কসকলৰ সৈতে এখন বৈঠকত এই দুয়োটা কার্যসূচীৰ বিষয়ে আলোচনা কৰা হৈছিল৷ 

ৰাইচিনা পাহাৰত বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত অন্ত পৰিব। ২৮ জুলাইত নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে শপত গ্ৰহণৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে। সেই উদ্দেশ্যে ২১ আৰু ২৬ জুলাইত অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে। প্ৰথম দিনা বিজয় শোভাযাত্ৰা আৰু দ্বিতীয় দিনা শপত গ্ৰহণ অনুষ্ঠানৰ লাইভ টেলিকাষ্ট কৰা হ’ব। ৰাজ্যত বিজেপিৰ সাংগঠনিক সংস্থাসমূহে  ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ লাইভ টেলিকাষ্ট কৰাৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ বাবে ইতিমধ্যে জিলা আৰু মণ্ডল পৰ্যায়ৰ নেতৃত্বলৈ প্ৰয়োজনীয় নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে বুলিও খবৰ ওলাইছে। 

বিজেপিৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰপতি পদৰ বাবে দ্ৰৌপদীৰ কৃতিত্ব দাবী কৰি দলটোৱে ইতিমধ্যে পোষ্টাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। বিজেপি ক্ষমতাত থাকিলে দেশৰ সকলো সপোন পূৰণ কৰিব পৰা যাব বুলিও দাবী দলীয় কৰ্মকৰ্তাৰ। একে ধাৰাতে জনজাতীয় বিধায়ক জুৱেলে কয়, ‘মোদীজী হ্যে তো মুমকিন হ্যে। বিজেপি থাকিলে সকলো সম্ভৱ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব