--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰথমগৰাকী আদিবাসী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মু। দ্ৰৌপদী মূৰ্মুৰ মনোনয়ন ঘোষণা কৰাৰ দিনৰ পৰাই প্ৰচাৰ চলাই আহিছে বিজেপিয়ে। এইবাৰ দ্ৰৌপদীৰ জয় নিশ্চিত কৰাৰ লক্ষ্যৰে গেৰুৱা শিবিৰে নতুন প্ৰচাৰ পৰিকল্পনা আৰম্ভ কৰিছে। আশ্চৰ্যজনকভাৱে,  অহা ২১ জুলাইত তৃণমূল কংগ্ৰেছে ‘শ্বহীদ দিৱস’ উদযাপন কৰাৰ দিনাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব। নিৰ্বাচনৰ সময়সূচী অনুসৰি, উক্তদিনা পুৱাৰে পৰা হ’ব ভোটগণনা। ফলাফল ঘোষণা কৰাৰ লগে লগে বিজেপিয়ে কলকাতাকে ধৰি সমগ্ৰ ৰাজ্যতে বিজয় শোভাযাত্ৰা উলিয়াব। কেৱল সেয়াই নহয়, দেশৰ নতুন ৰাষ্ট্ৰপতিগৰাকীৰ শপত গ্ৰহণৰ দিনাও সমগ্ৰ ৰাজ্যজুৰি এক শোভাযাত্ৰা উলিওৱাৰ প্ৰস্তুতি চলোৱা বু‌লি জানিবলৈ পোৱা গৈছে।

মঙলবাৰে কলকাতাত দ্ৰৌপদী মূৰ্মুৰ উপস্থিতিত বিজেপিৰ সাংসদ-বিধায়কৰ বৈঠক অনুষ্ঠিত হয়। জানিব পৰা মতে, সেই কার্যসূচীৰ পূর্বে দলীয় বিধায়কসকলৰ সৈতে এখন বৈঠকত এই দুয়োটা কার্যসূচীৰ বিষয়ে আলোচনা কৰা হৈছিল৷ 

ৰাইচিনা পাহাৰত বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত অন্ত পৰিব। ২৮ জুলাইত নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে শপত গ্ৰহণৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে। সেই উদ্দেশ্যে ২১ আৰু ২৬ জুলাইত অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে। প্ৰথম দিনা বিজয় শোভাযাত্ৰা আৰু দ্বিতীয় দিনা শপত গ্ৰহণ অনুষ্ঠানৰ লাইভ টেলিকাষ্ট কৰা হ’ব। ৰাজ্যত বিজেপিৰ সাংগঠনিক সংস্থাসমূহে  ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ লাইভ টেলিকাষ্ট কৰাৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ বাবে ইতিমধ্যে জিলা আৰু মণ্ডল পৰ্যায়ৰ নেতৃত্বলৈ প্ৰয়োজনীয় নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে বুলিও খবৰ ওলাইছে। 

বিজেপিৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰপতি পদৰ বাবে দ্ৰৌপদীৰ কৃতিত্ব দাবী কৰি দলটোৱে ইতিমধ্যে পোষ্টাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। বিজেপি ক্ষমতাত থাকিলে দেশৰ সকলো সপোন পূৰণ কৰিব পৰা যাব বুলিও দাবী দলীয় কৰ্মকৰ্তাৰ। একে ধাৰাতে জনজাতীয় বিধায়ক জুৱেলে কয়, ‘মোদীজী হ্যে তো মুমকিন হ্যে। বিজেপি থাকিলে সকলো সম্ভৱ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ