--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অবৈধ সম্পৰ্কই ঘৰ তথা সমাজত পেলায় কুপ্ৰভাৱ। দিনক দিনে যেন বাঢ়িবলৈ ধৰিছে অবৈধ প্ৰেমৰ সম্পৰ্কবোৰ। এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঝান্সীত। এগৰাকী যুৱতীয়ে নিজ মাতৃক পৰপুৰুষৰ সৈতে এটা বন্ধ কোঠাত আপত্তিজনক অৱস্থাত ধৰা পেলায়। যুৱতীগৰাকীয়ে অভিযোগ কৰি কয় যে তেওঁৰ মাতৃয়ে দীৰ্ঘদিন ধৰি এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে। ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকক নিজ জিম্মাত লৈছে। মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি স্বামীৰ সলনি আন এজন যুৱকৰ সৈতে অবৈধ প্ৰেম কৰি আছিল। এই কথাটোত তীব্ৰ খং উঠিছিল কন্যাৰ। প্ৰথমে কন্যাই মাতৃক বহুত বুজাইছিল যে তেওঁ যি কৰি আছে বহুত ভুল কৰি আছে। গতিকে সময় থাকোতেই শুধৰণি হ'লে ভাল। কিন্তু কন্যাৰ কথাত কোনো গুৰুত্ব নিদি মাতৃগৰাকী যুৱকজনৰ সৈতে প্ৰেমত লিপ্ত থাকিল। ক্ষুদ্ধ কন্যাই মাতৃৰ প্ৰতিটো খোজৰ ওপৰত চকু ৰাখিবলৈ আৰম্ভ কৰিলে। 

মাতৃৰ প্ৰেম কাহিনীত অশান্তিত ভুগি থকা ছোৱালীজনীয়ে আৰক্ষীৰ এজাহাৰত কৈছে যে অভিযুক্ত যুৱকজনে হঠাতে মাকক কোছাভানৱাৰলৈ লৈ যায়। মহিলাগৰাকীয়ে মনে মনে যুৱকজনৰ সৈতে কোছাভানৱাৰলৈ ৰাওনা হয়। কন্যাইও তেওঁলোকৰ পিছা লয়। বন্ধ কোঠাৰ ভিতৰত দুয়ো আছে বুলি গম পাই বহু সময় কন্যাই দুৱাৰত টোকৰ মাৰে কিন্তু দুৱাৰ খোল নাখালে। ইয়াৰ পাছত আৰক্ষীৰ সহযোগত কন্যাই দুৱাৰ খোলে আৰু দুয়োকে আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰে। এই সময়ছোৱাত দুয়োপক্ষৰ মাজত এক দীঘলীয়া তৰ্ক-বিতৰ্ক চলিছিল। মাকক এনে অৱস্থাত দেখি জীয়েকৰ খঙে চুলিৰ আগ পাইছিলেগৈ। 

এই সময়ছোৱাত অভিযুক্ত মহিলাগৰাকীয়ে বাৰে বাৰে নিজৰ প্ৰেমিকক ৰক্ষা কৰা দেখিবলৈ পোৱা গৈছিল। বৰ্তমান আৰক্ষীয়ে দুয়োকে জিম্মাত লৈছে। আৰক্ষীয়ে আইন অনুসৰি এই ঘটনাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায়। আৰক্ষীয়ে কয় যে বিবাহিত মহিলা আৰু পুৰুষৰ মাজত অবৈধ সম্পৰ্কৰ ক্ৰমবৰ্ধমান গোচৰে সমাজত নৈতিকতাৰ অৱনতি ঘটা বুলি উদঙাই দিছে। গতিকে তদন্ত অনুযায়ী ইয়াৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় আৰক্ষীয়ে। এতিয়া নিজ মাতৃৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনাইছে ভুক্তভোগী ছোৱালীজনীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক