--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অবৈধ সম্পৰ্কই ঘৰ তথা সমাজত পেলায় কুপ্ৰভাৱ। দিনক দিনে যেন বাঢ়িবলৈ ধৰিছে অবৈধ প্ৰেমৰ সম্পৰ্কবোৰ। এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঝান্সীত। এগৰাকী যুৱতীয়ে নিজ মাতৃক পৰপুৰুষৰ সৈতে এটা বন্ধ কোঠাত আপত্তিজনক অৱস্থাত ধৰা পেলায়। যুৱতীগৰাকীয়ে অভিযোগ কৰি কয় যে তেওঁৰ মাতৃয়ে দীৰ্ঘদিন ধৰি এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে। ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকক নিজ জিম্মাত লৈছে। মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি স্বামীৰ সলনি আন এজন যুৱকৰ সৈতে অবৈধ প্ৰেম কৰি আছিল। এই কথাটোত তীব্ৰ খং উঠিছিল কন্যাৰ। প্ৰথমে কন্যাই মাতৃক বহুত বুজাইছিল যে তেওঁ যি কৰি আছে বহুত ভুল কৰি আছে। গতিকে সময় থাকোতেই শুধৰণি হ'লে ভাল। কিন্তু কন্যাৰ কথাত কোনো গুৰুত্ব নিদি মাতৃগৰাকী যুৱকজনৰ সৈতে প্ৰেমত লিপ্ত থাকিল। ক্ষুদ্ধ কন্যাই মাতৃৰ প্ৰতিটো খোজৰ ওপৰত চকু ৰাখিবলৈ আৰম্ভ কৰিলে। 

মাতৃৰ প্ৰেম কাহিনীত অশান্তিত ভুগি থকা ছোৱালীজনীয়ে আৰক্ষীৰ এজাহাৰত কৈছে যে অভিযুক্ত যুৱকজনে হঠাতে মাকক কোছাভানৱাৰলৈ লৈ যায়। মহিলাগৰাকীয়ে মনে মনে যুৱকজনৰ সৈতে কোছাভানৱাৰলৈ ৰাওনা হয়। কন্যাইও তেওঁলোকৰ পিছা লয়। বন্ধ কোঠাৰ ভিতৰত দুয়ো আছে বুলি গম পাই বহু সময় কন্যাই দুৱাৰত টোকৰ মাৰে কিন্তু দুৱাৰ খোল নাখালে। ইয়াৰ পাছত আৰক্ষীৰ সহযোগত কন্যাই দুৱাৰ খোলে আৰু দুয়োকে আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰে। এই সময়ছোৱাত দুয়োপক্ষৰ মাজত এক দীঘলীয়া তৰ্ক-বিতৰ্ক চলিছিল। মাকক এনে অৱস্থাত দেখি জীয়েকৰ খঙে চুলিৰ আগ পাইছিলেগৈ। 

এই সময়ছোৱাত অভিযুক্ত মহিলাগৰাকীয়ে বাৰে বাৰে নিজৰ প্ৰেমিকক ৰক্ষা কৰা দেখিবলৈ পোৱা গৈছিল। বৰ্তমান আৰক্ষীয়ে দুয়োকে জিম্মাত লৈছে। আৰক্ষীয়ে আইন অনুসৰি এই ঘটনাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায়। আৰক্ষীয়ে কয় যে বিবাহিত মহিলা আৰু পুৰুষৰ মাজত অবৈধ সম্পৰ্কৰ ক্ৰমবৰ্ধমান গোচৰে সমাজত নৈতিকতাৰ অৱনতি ঘটা বুলি উদঙাই দিছে। গতিকে তদন্ত অনুযায়ী ইয়াৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় আৰক্ষীয়ে। এতিয়া নিজ মাতৃৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনাইছে ভুক্তভোগী ছোৱালীজনীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ