--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছৰে পৰা পশ্চিমীয়া ৰাষ্ট্রসমূহৰ ব্লেক লিষ্টেড দেশত পৰিণত হৈছিল ৰাছিয়া। ৰাছিয়াৰ ওপৰত এটাৰ পাছত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছিল আমেৰিকাই। 

ভাৰতকো‌ ৰাছিয়াৰে মিত্ৰতা ছিন্ন কৰিবলৈ প্ৰচণ্ড হেঁচা দিছিল আমেৰিকা, ব্ৰিটেইন, জাৰ্মানীৰ দৰে দেশে। কিন্তু স্বাধীন বৈদেশিক নীতিত বিশ্বাস ৰখা মোদী চৰকাৰে এই হেঁচা ওফৰাই ৰাছিয়াৰে সু-সম্পৰ্ক অব্যাহত ৰাখিছে।‌ ইয়াৰেই প্ৰমাণ প্ৰকাশ পাইছে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ শেহতীয়া ৰাছিয়া ভ্ৰমণত। ৰাছিয়া ভ্ৰমণত জয়শংকৰে ৰুছ ৰাষ্ট্রপতি পুটিনৰ সৈতে কৰে গুৰুত্বপূৰ্ণ আলোচনা। এই আলোচনাত প্ৰধানমন্ত্ৰী মোদীৰ আন্তঃৰাষ্ট্রীয় কূটনীতিৰ উচ্চ প্ৰশংসা কৰে পুটিনে। 

জয়শংকৰৰ সন্মুখত অতি উষ্ণতাৰে পুটিনে মোদীক ৰাছিয়া ভ্ৰমণলৈ নিমন্ত্ৰণ জনায়। পুটিন আৰু ৰাছিয়াবাসী মোদীৰ ৰাছিয়া ভ্ৰমণলৈ অধীৰ আগ্ৰহেৰে অপেক্ষাৰত বুলি মন্তব্য কৰে ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে৷ 

ভাৰতত অনুষ্ঠিত G-20 সন্মিলনক মোদী চৰকাৰৰ বৃহৎ সফলতা বুলিও আখ্যা দিয়ে পুটিনে। মোদীৰ প্ৰতি পুটিনে প্ৰদৰ্শন কৰা এনে উষ্ণতাত প্ৰকাশ পায় ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীৰ আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ বৰ্ধিত জনপ্ৰিয়তাৰো৷ ইউক্ৰেইন যুদ্ধৰ পাছত সম্প্ৰতি বিশ্ব দুটা শিবিৰত বিভক্ত৷ এটা শিবিৰৰ  নেতৃত্ব আমেৰিকাৰ আৰু আনটো শিবিৰৰ নেতৃত্ব ৰাছিয়াৰ৷ গুৰুত্বপূৰ্ণ বিষয় এয়ে যে এই দুয়োটা শিবিৰতে প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তাৰ গ্ৰাফ ঊৰ্ধ্বমুখী হ’বলৈ ধৰিছে৷ আমেৰিকা ভ্ৰমণত মাৰ্কিন ৰাষ্ট্রপতি জ’ বাইডেনে অভূতপূৰ্ব উৎসাহেৰে আদৰণি জনাই আহিছে মোদীক৷ 

একে উৎসাহেৰে মোদীক আদৰণি জনাবলৈ এতিয়া অপেক্ষা কৰি আছে পুটিনেও৷ দৰাচলতে মোদী চৰকাৰৰ কাৰ্যকালত ভাৰত অৰ্থনৈতিক আৰু সামৰিক দিশত মহাশক্তিত পৰিণত হৈছে৷ ইয়াৰ বাবেই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি আকৰ্ষিত আমেৰিকাৰ লগতে ৰাছিয়াও৷ ভাৰতৰে সামৰিক আৰু অৰ্থনৈতিক সহযোগিতাৰে দুয়োখন দেশ এতিয়া হ’ব বিচাৰে উপকৃত৷ 

জয়শংকৰৰ ভ্ৰমণকালত ৰুছ ৰাষ্ট্রপতি পুটিনে দুয়োখন দেশৰ সম্পৰ্ক সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ ইউক্ৰেইন যুদ্ধৰ পাছৰ অশান্ত পৰিস্থিতিয়ে দেশ দুখনৰ সম্পৰ্কত বিঘিনি ঘটাব পৰা নাই  বুলি দৃঢ়তাৰে কয় পুটিনে৷ পশ্চিমীয়া দেশসমূহৰ বিভিন্ন বাধা-নিষেধৰ পাছতো ভাৰত আৰু ৰাছিয়াৰ সামৰিক আৰু অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় হৈ আছে বুলি কয় ৰুছ ৰাষ্ট্রপতিয়ে৷ 

২০২৪ত ভাৰতৰ সাধাৰণ নিৰ্বাচন৷ এই নিৰ্বাচনত যি মৰ্চাই বিজয়ী হওক লাগিলে সেই মৰ্চাৰ সৈতেই ৰাছিয়াই সু সম্পৰ্ক ৰক্ষা কৰি যাব বুলি কয় পুটিনে৷ গুৰুত্বপূৰ্ণ যে, ইউক্ৰেইন যুদ্ধৰ সময়ত ৰুছ অৰ্থনীতি ৰক্ষা কৰাত ভাৰতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় নকৰি দেশখনৰ অৰ্থনীতিৰ কঁকাল ভাঙিবলৈ প্ৰয়াস কৰিছিল৷ তেনে সময়তে পুৰণি মিত্ৰতাৰ আধাৰতে ভাৰতে ৰাছিয়াৰ পৰা বিপুল পৰিমাণৰ তেল ক্ৰয় কৰি ৰাছিয়াক সঞ্জীৱনী শক্তি প্ৰদান কৰিছিল৷ ৰুছ ৰাষ্ট্রপতি পুটিনৰ বক্তব্যত বিপদৰ সময়ত ভাৰতে কৰা এই সহায়ৰ বাবে কৃতজ্ঞতাৰ সুৰ স্পষ্ট হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ