--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহৰৰ উৎসৱ দেৱালী এতিয়া কেৱল যেন ভাৰততে সীমাবদ্ধ হৈ থকা নাই। সুদূৰ আমেৰিকাৰ  নিউয়ৰ্ক চহৰতো এতিয়াৰে পৰা দেৱালীত বন্ধ থাকিব  বিদ্যালয়। নিউয়ৰ্কৰ মেয়ৰ মেয়ৰ এৰিক এডামছে  এই কথা ঘোষণা কৰিছে। উল্লেখ্য ভাৰতৰ লগতে নিউয়ৰ্কত বাস কৰা হাজাৰ হাজাৰ লোকে  দেৱালী উদযাপন কৰে। শেহতীয়াকৈ আমেৰিকাৰ আইন প্ৰণেতাসকলে দেশ খনৰ  বিদ্যালয়ত দেৱালীৰ দিনটো বন্ধৰ দিন হিচাপে গ্ৰহণ কৰাৰ বিষয়ত অনিমোদন জনাইছে।

 নিউয়ৰ্ক মহানগৰৰ মেয়ৰ এৰিক এডামছে এয়া  ভাৰতীয় মূলৰ লোকৰ বাবে এক গুৰুত্বপূৰ্ণ জয় বুলি অভিহিত কৰিছে। তেওঁ কয় "দেৱালীত বিদ্যালয় বন্ধ ৰখাৰ যুঁজত ৰাজনীতিক  জেনিফাৰ ৰাজকুমাৰ  আৰু আন  নেতাসকলৰ সৈতে চামিল হ’বলৈ পাই  মই বহুত গৌৰৱান্বিত। মই আগতীয়াকৈয়ে জনালো  শুভ দেৱালী!।" মেয়ৰগৰাকীয়ে লগতে কয় যে ৰাজ্যপাল কেথি হোচুলে বিধেয়কখনত স্বাক্ষৰ কৰিব বুলি তেওঁ আশাবাদী। দেৱালীত বিদ্যালয় বন্ধ ৰখাৰ প্ৰস্তাৱটোত  ৰাজ্যপাল কেথি হোচুলে  স্বাক্ষৰ কৰাৰৰ পিছতে সেয়া আইনত পৰিণত হ’ব।

এই ঘোষণাৰ পিছতে নিউয়ৰ্ক ষ্টেট এচেম্বলীৰ সদস্য জেনিফাৰ ৰাজকুমাৰে টুইট কৰে, "আজি চিটি হলত নিউয়ৰ্কৰ মেয়ৰৰ সৈতে মই  সংবাদমেল অনুষ্ঠিত কৰিছো। মেয়ৰ এৰিক এডামছৰ সৈতে একেলগে মিলি দেৱালীক স্কুল হলিডে হিচাপে ঘোষণা কৰাৰ  যুঁজত নেতৃত্ব দি আৰু সেই যুঁজত জয় লাভ কৰি মই গৌৰৱান্বিত।" মেয়ৰ এডামছে কয়  যে এই ঘোষণাই এই কথাও প্ৰতীয়মান কৰিব যে ভাৰতীয়মূলৰ লোকসকলক বহিৰাগত বুলি গণ্য নহয়।তেওঁ লগতে কয় " আমি কওঁ  যে নিউয়ৰ্ক সকলোৰে । আপুনি ক’ৰ  পৰাই আহিছিল সেয়া ডাঙৰ কথা নহয়। " উল্লেখ্য এই বছৰ ১২ নৱেম্বৰ দেওবাৰে দেৱালী পালন কৰা হ'ব।   







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ