--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহৰৰ উৎসৱ দেৱালী এতিয়া কেৱল যেন ভাৰততে সীমাবদ্ধ হৈ থকা নাই। সুদূৰ আমেৰিকাৰ  নিউয়ৰ্ক চহৰতো এতিয়াৰে পৰা দেৱালীত বন্ধ থাকিব  বিদ্যালয়। নিউয়ৰ্কৰ মেয়ৰ মেয়ৰ এৰিক এডামছে  এই কথা ঘোষণা কৰিছে। উল্লেখ্য ভাৰতৰ লগতে নিউয়ৰ্কত বাস কৰা হাজাৰ হাজাৰ লোকে  দেৱালী উদযাপন কৰে। শেহতীয়াকৈ আমেৰিকাৰ আইন প্ৰণেতাসকলে দেশ খনৰ  বিদ্যালয়ত দেৱালীৰ দিনটো বন্ধৰ দিন হিচাপে গ্ৰহণ কৰাৰ বিষয়ত অনিমোদন জনাইছে।

 নিউয়ৰ্ক মহানগৰৰ মেয়ৰ এৰিক এডামছে এয়া  ভাৰতীয় মূলৰ লোকৰ বাবে এক গুৰুত্বপূৰ্ণ জয় বুলি অভিহিত কৰিছে। তেওঁ কয় "দেৱালীত বিদ্যালয় বন্ধ ৰখাৰ যুঁজত ৰাজনীতিক  জেনিফাৰ ৰাজকুমাৰ  আৰু আন  নেতাসকলৰ সৈতে চামিল হ’বলৈ পাই  মই বহুত গৌৰৱান্বিত। মই আগতীয়াকৈয়ে জনালো  শুভ দেৱালী!।" মেয়ৰগৰাকীয়ে লগতে কয় যে ৰাজ্যপাল কেথি হোচুলে বিধেয়কখনত স্বাক্ষৰ কৰিব বুলি তেওঁ আশাবাদী। দেৱালীত বিদ্যালয় বন্ধ ৰখাৰ প্ৰস্তাৱটোত  ৰাজ্যপাল কেথি হোচুলে  স্বাক্ষৰ কৰাৰৰ পিছতে সেয়া আইনত পৰিণত হ’ব।

এই ঘোষণাৰ পিছতে নিউয়ৰ্ক ষ্টেট এচেম্বলীৰ সদস্য জেনিফাৰ ৰাজকুমাৰে টুইট কৰে, "আজি চিটি হলত নিউয়ৰ্কৰ মেয়ৰৰ সৈতে মই  সংবাদমেল অনুষ্ঠিত কৰিছো। মেয়ৰ এৰিক এডামছৰ সৈতে একেলগে মিলি দেৱালীক স্কুল হলিডে হিচাপে ঘোষণা কৰাৰ  যুঁজত নেতৃত্ব দি আৰু সেই যুঁজত জয় লাভ কৰি মই গৌৰৱান্বিত।" মেয়ৰ এডামছে কয়  যে এই ঘোষণাই এই কথাও প্ৰতীয়মান কৰিব যে ভাৰতীয়মূলৰ লোকসকলক বহিৰাগত বুলি গণ্য নহয়।তেওঁ লগতে কয় " আমি কওঁ  যে নিউয়ৰ্ক সকলোৰে । আপুনি ক’ৰ  পৰাই আহিছিল সেয়া ডাঙৰ কথা নহয়। " উল্লেখ্য এই বছৰ ১২ নৱেম্বৰ দেওবাৰে দেৱালী পালন কৰা হ'ব।   







FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল