--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ বিবিচিয়ে নিৰ্মাণ কৰা  ডকুমেণ্টৰীয়ে সমগ্ৰ বিশ্বতে আলোড়ণৰ সৃষ্টি কৰিছে। গুজৰাটৰ গোধ্ৰা কাণ্ডত মোদীৰ ভূমিকাককলৈ নানান প্ৰশ্নৰ অৱতাৰণা কৰা ডকুমেণ্টৰী খন ইতিমধ্যে ভাৰতত নিষিদ্ধ কৰা হৈছে। ইয়াৰ মাজতে গুজৰাট বিধানসভাই বিবিচিৰ ডকুমেণ্টৰী খনৰ  বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰিছে। 

প্ৰস্তাৱটোত তথ্যচিত্ৰ খনৰ  বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে।  প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰক বিতৰ্কিত তথ্যচিত্ৰ  আৰু বিবিচিৰ বিৰুদ্ধে  কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হৈছে। বিধায়ক বিপুল পেটেলৰ প্ৰস্তাৱটো বিজেপি বিধায়ক মনীষা ভাকিল, অমিত থাকাৰ, ধৱলসিংহ জালা আৰু মন্ত্ৰী হৰ্ষ সংঘৱীয়ে গুজৰাট বিধানসভাত  সমৰ্থন কৰে। কংগ্ৰেছৰ বিধায়কসকলৰ অনুপস্থিতিত ধ্বনি ভোটৰ দ্বাৰা প্ৰস্তাৱটো গৃহীত কৰা হয়। প্ৰস্তাৱটো সৰ্বসন্মতভাৱে গৃহীত হোৱাৰ পিছত অধ্যক্ষ শংকৰ চৌধুৰীয়ে কয় যে বিবিচিৰ কাৰ্য নিন্দনীয়। সদনে কেন্দ্ৰলৈ ইয়াৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে এই প্ৰস্তাৱ গৃহীত কৰিছে।

 প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে "ভাৰত এখন গণতান্ত্ৰিক দেশ আৰু মত প্ৰকাশৰ স্বাধীনতা ইয়াৰ সংবিধানৰ মূল বিষয় । কিন্তু ইয়াৰ অৰ্থ এয়া  নহয় যে সংবাদ মাধ্যমে এনে স্বাধীনতাৰ অপব্যৱহাৰ কৰিব পাৰে" । বিবিচিয়ে ইয়াৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে আৰু ভাৰত  তথা চৰকাৰৰ বিৰুদ্ধে কিছু গোপন অভিপ্ৰায়ৰে  কাম কৰি আছে। সেয়েহে সদনে কেন্দ্ৰীয় চৰকাৰক বিবিচিৰ তথ্যচিত্ৰৰ  বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে বুলি প্ৰস্তাৱটোত কোৱা হৈছে। 

 উল্লেখ্য বিবিচিৰ ডকুমেণ্টৰী খন ভাৰতত নিষিদ্ধ কৰাৰ পিছতে ব্ৰিটেইনৰ সাংসদ সাংসদ ডেভিদ ৰাটলীয়ে ব্ৰিটিছ সংসদৰ মজিয়াত এইদৰে কৈছিল : "আমি বিবিচিৰ কাষত থিয় দিছোঁ। আমি বিবিচিক  টকা দিওঁ। আমি ভাবো বিবিচিৰ বিশ্বজোৰা  সেৱা অতি গুৰুত্বপূৰ্ণ, আমি বিচাৰো যে বিবিচিৰ সম্পাদকীয় স্বাধীনতা থাকিব লাগে।" সাংসদগৰাকীয়ে কয়  , "এই স্বাধীনতাই হৈছে সংবাদমাধ্যমৰ  প্ৰকৃত চাবিকাঠি।  আমি পৃথিৱীৰ সকলো বন্ধুকে  এই কথা ক'ব বিচাৰো,  ইয়াৰ ভিতৰত  ভাৰত চৰকাৰো আছে। কোনো ভয় নোহোৱাকৈ সংবাদ মাধ্যমক কাম কৰিবলৈ দিয়ক।" তেওঁৰ মন্তব্যৰ পৰা এইটো স্পষ্ট হৈছে যে ব্ৰিটিছ চৰকাৰে বিবিচি বিষয়ত সংবাদ মাধ্যমৰ কাষত থিয় দিছে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ  বিবিচিয়ে নিৰ্মাণ কৰা  তথ্যচিত্ৰক লৈ হোৱা বিতৰ্কৰ মাজতে আয়কৰ বিভাগে  দিল্লী আৰু মুম্বাইত বিবিচিৰ কাৰ্যালয়ত প্ৰায় ৫৯ ঘণ্টা ধৰি এটা 'জৰীপ' চলাইছিল। ইয়াৰ পিছত বিবিচিয়ে  এক বিবৃতি জাৰি কৰি কৈছিল  যে আয়কৰ অভিযানে  তেওঁলোকৰ বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত  কোনো প্ৰভাৱ পেলাব নোৱাৰে। আগৰ দৰে, সংগঠনটোৱে নিৰ্ভয়ে আৰু নিৰপেক্ষভাৱে বাতৰি প্ৰকাশ কৰি যাব।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ