--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ বিবিচিয়ে নিৰ্মাণ কৰা  ডকুমেণ্টৰীয়ে সমগ্ৰ বিশ্বতে আলোড়ণৰ সৃষ্টি কৰিছে। গুজৰাটৰ গোধ্ৰা কাণ্ডত মোদীৰ ভূমিকাককলৈ নানান প্ৰশ্নৰ অৱতাৰণা কৰা ডকুমেণ্টৰী খন ইতিমধ্যে ভাৰতত নিষিদ্ধ কৰা হৈছে। ইয়াৰ মাজতে গুজৰাট বিধানসভাই বিবিচিৰ ডকুমেণ্টৰী খনৰ  বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰিছে। 

প্ৰস্তাৱটোত তথ্যচিত্ৰ খনৰ  বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে।  প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰক বিতৰ্কিত তথ্যচিত্ৰ  আৰু বিবিচিৰ বিৰুদ্ধে  কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হৈছে। বিধায়ক বিপুল পেটেলৰ প্ৰস্তাৱটো বিজেপি বিধায়ক মনীষা ভাকিল, অমিত থাকাৰ, ধৱলসিংহ জালা আৰু মন্ত্ৰী হৰ্ষ সংঘৱীয়ে গুজৰাট বিধানসভাত  সমৰ্থন কৰে। কংগ্ৰেছৰ বিধায়কসকলৰ অনুপস্থিতিত ধ্বনি ভোটৰ দ্বাৰা প্ৰস্তাৱটো গৃহীত কৰা হয়। প্ৰস্তাৱটো সৰ্বসন্মতভাৱে গৃহীত হোৱাৰ পিছত অধ্যক্ষ শংকৰ চৌধুৰীয়ে কয় যে বিবিচিৰ কাৰ্য নিন্দনীয়। সদনে কেন্দ্ৰলৈ ইয়াৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে এই প্ৰস্তাৱ গৃহীত কৰিছে।

 প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে "ভাৰত এখন গণতান্ত্ৰিক দেশ আৰু মত প্ৰকাশৰ স্বাধীনতা ইয়াৰ সংবিধানৰ মূল বিষয় । কিন্তু ইয়াৰ অৰ্থ এয়া  নহয় যে সংবাদ মাধ্যমে এনে স্বাধীনতাৰ অপব্যৱহাৰ কৰিব পাৰে" । বিবিচিয়ে ইয়াৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে আৰু ভাৰত  তথা চৰকাৰৰ বিৰুদ্ধে কিছু গোপন অভিপ্ৰায়ৰে  কাম কৰি আছে। সেয়েহে সদনে কেন্দ্ৰীয় চৰকাৰক বিবিচিৰ তথ্যচিত্ৰৰ  বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে বুলি প্ৰস্তাৱটোত কোৱা হৈছে। 

 উল্লেখ্য বিবিচিৰ ডকুমেণ্টৰী খন ভাৰতত নিষিদ্ধ কৰাৰ পিছতে ব্ৰিটেইনৰ সাংসদ সাংসদ ডেভিদ ৰাটলীয়ে ব্ৰিটিছ সংসদৰ মজিয়াত এইদৰে কৈছিল : "আমি বিবিচিৰ কাষত থিয় দিছোঁ। আমি বিবিচিক  টকা দিওঁ। আমি ভাবো বিবিচিৰ বিশ্বজোৰা  সেৱা অতি গুৰুত্বপূৰ্ণ, আমি বিচাৰো যে বিবিচিৰ সম্পাদকীয় স্বাধীনতা থাকিব লাগে।" সাংসদগৰাকীয়ে কয়  , "এই স্বাধীনতাই হৈছে সংবাদমাধ্যমৰ  প্ৰকৃত চাবিকাঠি।  আমি পৃথিৱীৰ সকলো বন্ধুকে  এই কথা ক'ব বিচাৰো,  ইয়াৰ ভিতৰত  ভাৰত চৰকাৰো আছে। কোনো ভয় নোহোৱাকৈ সংবাদ মাধ্যমক কাম কৰিবলৈ দিয়ক।" তেওঁৰ মন্তব্যৰ পৰা এইটো স্পষ্ট হৈছে যে ব্ৰিটিছ চৰকাৰে বিবিচি বিষয়ত সংবাদ মাধ্যমৰ কাষত থিয় দিছে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ  বিবিচিয়ে নিৰ্মাণ কৰা  তথ্যচিত্ৰক লৈ হোৱা বিতৰ্কৰ মাজতে আয়কৰ বিভাগে  দিল্লী আৰু মুম্বাইত বিবিচিৰ কাৰ্যালয়ত প্ৰায় ৫৯ ঘণ্টা ধৰি এটা 'জৰীপ' চলাইছিল। ইয়াৰ পিছত বিবিচিয়ে  এক বিবৃতি জাৰি কৰি কৈছিল  যে আয়কৰ অভিযানে  তেওঁলোকৰ বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত  কোনো প্ৰভাৱ পেলাব নোৱাৰে। আগৰ দৰে, সংগঠনটোৱে নিৰ্ভয়ে আৰু নিৰপেক্ষভাৱে বাতৰি প্ৰকাশ কৰি যাব।  








FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত