--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱ-জন্তু, চৰাই-চিৰিকতিৰ মাজতো মানুহৰ দৰে মৰম-চেনেহ, আৱেগ, অনুভূতি বৰ্তি থাকে। সময়ে সময়ে তাৰ বহু উদাহৰণ পোৱা যায়। এহাল ময়ূৰ চৰাইৰ কাহিনী পোহৰলৈ আহিছে। এই ময়ূৰ চৰাই হালৰ কাহিনীয়ে সকলোকে আৱেগিক কৰি তুলিছে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ নাগৌৰ জিলাত। ৰামস্বৰূপ বিষ্ণুই নামৰ এজন ব্যক্তিৰ ঘৰত তিনিটা ময়ূৰে চাৰি বছৰ ধৰি বাস কৰি আছে। তাৰে দুটা ময়ূৰৰ মাজত আছিল অতি গভীৰ বন্ধুত্ব। সিহঁতৰ বন্ধুত্ব দেখি মানুহো হতবাক হৈ পৰে। ময়ূৰ দুটাৰ মাজত সম্পৰ্ক খুব মধুৰ আছিল। [caption id="attachment_123768" align="aligncenter" width="300"] ৰামস্বৰূপ বিষ্ণুইৰ সৈতে ময়ূৰ দুটাই একেলগে আহাৰ খোৱাৰ দৃশ্য[/caption] খোৱা-বোৱা, মাটিত বিচৰণ কৰা, উৰি ফুৰা, শুৱা আদি আটাইবোৰ কাম দুয়োটাই একেলগে কৰিছিল। কিন্তু হঠাতে এটা ময়ূৰ চৰাইৰ মৃত্যু ঘটিল। সংগীৰ মৃত্যুত শোকত ভাগি পৰিল ময়ূৰ চৰাইটো। সংগী ময়ূৰটোৱে চিৰদিনৰ বাবে এৰি যোৱাত তাৰ মৃতদেহৰ কাষত কেইবাঘণ্টা ধৰি বহি আছিল ইটো ময়ূৰ। কেৱল সেয়াই নহয়, যেতিয়া ময়ূৰৰ মৃতদেহটো অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ যোৱা হৈছিল তেতিয়া জীৱিত ময়ূৰটোৱে মৃত ময়ূৰটোক অনুসৰণ কৰি অন্ত্যেষ্টিক্ৰিয়াস্থলীলৈ গৈছিল। আনকি যেতিয়া সকলোৱে ময়ূৰৰ অন্ত্যেষ্টিক্ৰিয়া কৰি ঘৰলৈ আহিছিল, ময়ূৰটো ঘৰলৈ উভতি অহা নাছিল। মৃত ময়ূৰটোক য'ত কবৰ দিয়া হৈছিল সেই ঠাইত ময়ূৰটো বহি আছিল ঘণ্টা ঘণ্টা ধৰি। মানুহে প্ৰত্যক্ষ কৰিছিল ময়ূৰটোৰ চকু সেমেকি আছিল। https://twitter.com/ParveenKaswan/status/1478389221761114125?s=20 বহু সময়ৰ পাছত ময়ূৰটো ঘৰলৈ উভতি আহিছিল কিন্তু সি ঘৰলৈ আহি শান্তভাৱে শুই পৰিছিল আনকি একো খাদ্য খোৱা নাছিল। সংগী ময়ূৰৰ মৃত্যুত গভীৰভাৱে দুখত কাতৰ হৈছিল ময়ূৰটো। ময়ূৰৰ এনে প্ৰকৃত বন্ধুত্ব দেখি সকলো আচৰিত হৈ পৰিছে। কেৱল মানুহৰ মাজতেই সম্পৰ্ক বৰ্তি নাথাকে তেনে নহয়, ঈশ্বৰে সকলো সত্বাতে একেই আৱেগৰ সৃষ্টি কৰিছে। প্ৰাণীজগততো সিহঁতৰ প্ৰিয় সংগীক হেৰুৱাই সমানে দুখী হোৱা দেখা যায়। মানুহ আৰু প্ৰাণীজগতত বৰ্তি থকা প্ৰেম একেই। একমাত্ৰ পাৰ্থক্যটো হ'ল মানুহে কথা কৈ তেওঁলোকৰ অনুভূতি প্ৰকাশ কৰে আৰু জন্তু-চৰায়ে কথা ক'ব নোৱাৰে, অৱশ্যে সিহঁতৰো নিজা ভাষা আছে। ময়ূৰ চৰাইহালিৰ এই বন্ধুত্বৰ কাহিনীয়ে সকলোতে লাভ কৰিছে চৰ্চা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন