--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱ-জন্তু, চৰাই-চিৰিকতিৰ মাজতো মানুহৰ দৰে মৰম-চেনেহ, আৱেগ, অনুভূতি বৰ্তি থাকে। সময়ে সময়ে তাৰ বহু উদাহৰণ পোৱা যায়। এহাল ময়ূৰ চৰাইৰ কাহিনী পোহৰলৈ আহিছে। এই ময়ূৰ চৰাই হালৰ কাহিনীয়ে সকলোকে আৱেগিক কৰি তুলিছে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ নাগৌৰ জিলাত। ৰামস্বৰূপ বিষ্ণুই নামৰ এজন ব্যক্তিৰ ঘৰত তিনিটা ময়ূৰে চাৰি বছৰ ধৰি বাস কৰি আছে। তাৰে দুটা ময়ূৰৰ মাজত আছিল অতি গভীৰ বন্ধুত্ব। সিহঁতৰ বন্ধুত্ব দেখি মানুহো হতবাক হৈ পৰে। ময়ূৰ দুটাৰ মাজত সম্পৰ্ক খুব মধুৰ আছিল। [caption id="attachment_123768" align="aligncenter" width="300"] ৰামস্বৰূপ বিষ্ণুইৰ সৈতে ময়ূৰ দুটাই একেলগে আহাৰ খোৱাৰ দৃশ্য[/caption] খোৱা-বোৱা, মাটিত বিচৰণ কৰা, উৰি ফুৰা, শুৱা আদি আটাইবোৰ কাম দুয়োটাই একেলগে কৰিছিল। কিন্তু হঠাতে এটা ময়ূৰ চৰাইৰ মৃত্যু ঘটিল। সংগীৰ মৃত্যুত শোকত ভাগি পৰিল ময়ূৰ চৰাইটো। সংগী ময়ূৰটোৱে চিৰদিনৰ বাবে এৰি যোৱাত তাৰ মৃতদেহৰ কাষত কেইবাঘণ্টা ধৰি বহি আছিল ইটো ময়ূৰ। কেৱল সেয়াই নহয়, যেতিয়া ময়ূৰৰ মৃতদেহটো অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ যোৱা হৈছিল তেতিয়া জীৱিত ময়ূৰটোৱে মৃত ময়ূৰটোক অনুসৰণ কৰি অন্ত্যেষ্টিক্ৰিয়াস্থলীলৈ গৈছিল। আনকি যেতিয়া সকলোৱে ময়ূৰৰ অন্ত্যেষ্টিক্ৰিয়া কৰি ঘৰলৈ আহিছিল, ময়ূৰটো ঘৰলৈ উভতি অহা নাছিল। মৃত ময়ূৰটোক য'ত কবৰ দিয়া হৈছিল সেই ঠাইত ময়ূৰটো বহি আছিল ঘণ্টা ঘণ্টা ধৰি। মানুহে প্ৰত্যক্ষ কৰিছিল ময়ূৰটোৰ চকু সেমেকি আছিল। https://twitter.com/ParveenKaswan/status/1478389221761114125?s=20 বহু সময়ৰ পাছত ময়ূৰটো ঘৰলৈ উভতি আহিছিল কিন্তু সি ঘৰলৈ আহি শান্তভাৱে শুই পৰিছিল আনকি একো খাদ্য খোৱা নাছিল। সংগী ময়ূৰৰ মৃত্যুত গভীৰভাৱে দুখত কাতৰ হৈছিল ময়ূৰটো। ময়ূৰৰ এনে প্ৰকৃত বন্ধুত্ব দেখি সকলো আচৰিত হৈ পৰিছে। কেৱল মানুহৰ মাজতেই সম্পৰ্ক বৰ্তি নাথাকে তেনে নহয়, ঈশ্বৰে সকলো সত্বাতে একেই আৱেগৰ সৃষ্টি কৰিছে। প্ৰাণীজগততো সিহঁতৰ প্ৰিয় সংগীক হেৰুৱাই সমানে দুখী হোৱা দেখা যায়। মানুহ আৰু প্ৰাণীজগতত বৰ্তি থকা প্ৰেম একেই। একমাত্ৰ পাৰ্থক্যটো হ'ল মানুহে কথা কৈ তেওঁলোকৰ অনুভূতি প্ৰকাশ কৰে আৰু জন্তু-চৰায়ে কথা ক'ব নোৱাৰে, অৱশ্যে সিহঁতৰো নিজা ভাষা আছে। ময়ূৰ চৰাইহালিৰ এই বন্ধুত্বৰ কাহিনীয়ে সকলোতে লাভ কৰিছে চৰ্চা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ