--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত আৰম্ভ হৈছে কৰ’নাৰ তৃতীয় ঢৌ। দৈনিক বৃদ্ধি পাইছে সংক্ৰমণ। দেশত এদিনতে ২লাখ ৫৮হাজাৰ আক্ৰান্ত চিনাক্ত হোৱাটো অশনি সংকেট বিবেচিত হৈছে। সমান্তৰালভাৱে বৃদ্ধি পাইছে চিকিৎসাদীন ৰোগীৰ সংখ্যাও। ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰণৰ সংক্ৰমণে দেশজুৰি তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছত দেশৰ প্ৰায় সকলো প্ৰান্ততে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছ চৰকাৰ তথা প্ৰশাসন। অসমতো অব্যাহত আছে কৰ’নাৰ দ্ৰুত সংক্ৰমণ। দৈনিক সংক্ৰমণ বৃদ্ধিৰ ঘটনাই অসমৰ স্বাস্থ্যখণ্ডলৈও সংকট কঢ়িয়াই আনিছে। সোমবাৰৰ দিনটোত অসমত পুনৰ ৬,৯৮২জন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। ৰাজ্যত কৰা ৬৪,৯১৯টা ক’ভিড পৰীক্ষাত এইসকল আক্ৰান্ত চিনাক্ত হয়। সংক্ৰমণৰ হাৰ এতিয়া বৃদ্ধি হৈছে ১০.৭৫শতাংশলৈ। কামৰূপ মেট্ৰ’ত ১৪৯১জন আক্ৰান্ত চিনাক্ত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে কৰ’নাত মৃতৰ সংখ্যাও বৃদ্ধি পাইছে। আজিৰ দিনটোত ১১জন লোক কৰ’নাত মৃত্যু হোৱাৰ ভয়ংকৰ পৰিসংখ্যা পোহৰলৈ আহিছে। ইফালে আৰোগ্যৰ হাৰ হৈছে ৯৫.১৮শতাংশ। কৰ’নাৰ এই দ্ৰুত সংক্ৰমণ তথা মৃতৰ সংখ্যা বৃদ্ধি ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবেও উদ্বেগৰ কাৰণ হৈ পৰিছে। চৰকাৰে নৈশ সান্ধ্য আইনকে ধৰি বিভিন্ন ক’ভিড প্ৰতিৰোধী নীতি বলৱৎ কৰিছে যদিও জনগণৰ সচেতনতাইহে চৰকাৰৰ প্ৰচেষ্টা ফলৱতী কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী