--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত আৰম্ভ হৈছে কৰ’নাৰ তৃতীয় ঢৌ। দৈনিক বৃদ্ধি পাইছে সংক্ৰমণ। দেশত এদিনতে ২লাখ ৫৮হাজাৰ আক্ৰান্ত চিনাক্ত হোৱাটো অশনি সংকেট বিবেচিত হৈছে। সমান্তৰালভাৱে বৃদ্ধি পাইছে চিকিৎসাদীন ৰোগীৰ সংখ্যাও। ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰণৰ সংক্ৰমণে দেশজুৰি তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছত দেশৰ প্ৰায় সকলো প্ৰান্ততে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছ চৰকাৰ তথা প্ৰশাসন। অসমতো অব্যাহত আছে কৰ’নাৰ দ্ৰুত সংক্ৰমণ। দৈনিক সংক্ৰমণ বৃদ্ধিৰ ঘটনাই অসমৰ স্বাস্থ্যখণ্ডলৈও সংকট কঢ়িয়াই আনিছে। সোমবাৰৰ দিনটোত অসমত পুনৰ ৬,৯৮২জন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। ৰাজ্যত কৰা ৬৪,৯১৯টা ক’ভিড পৰীক্ষাত এইসকল আক্ৰান্ত চিনাক্ত হয়। সংক্ৰমণৰ হাৰ এতিয়া বৃদ্ধি হৈছে ১০.৭৫শতাংশলৈ। কামৰূপ মেট্ৰ’ত ১৪৯১জন আক্ৰান্ত চিনাক্ত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে কৰ’নাত মৃতৰ সংখ্যাও বৃদ্ধি পাইছে। আজিৰ দিনটোত ১১জন লোক কৰ’নাত মৃত্যু হোৱাৰ ভয়ংকৰ পৰিসংখ্যা পোহৰলৈ আহিছে। ইফালে আৰোগ্যৰ হাৰ হৈছে ৯৫.১৮শতাংশ। কৰ’নাৰ এই দ্ৰুত সংক্ৰমণ তথা মৃতৰ সংখ্যা বৃদ্ধি ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবেও উদ্বেগৰ কাৰণ হৈ পৰিছে। চৰকাৰে নৈশ সান্ধ্য আইনকে ধৰি বিভিন্ন ক’ভিড প্ৰতিৰোধী নীতি বলৱৎ কৰিছে যদিও জনগণৰ সচেতনতাইহে চৰকাৰৰ প্ৰচেষ্টা ফলৱতী কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন