--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ‘পলাতক’ অৱস্থাত থকা আই পি এলৰ প্ৰাক্তন আয়ুক্ত ললিত মোদীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ দিচে। ললিত মোদীয়ে দাবী কৰিছে যে ৰাহুলে ভিত্তিহীনভাৱে তেওঁক চোৰ বুলি কৈছে। আজিলৈকে কোনো আদালতে তেওঁৰ দুৰ্নীতিৰ প্ৰমাণ পোৱা নাই।

২০১৯ চনত কৰ্ণাটকৰ কোলাৰত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে কৈছিল- “নীৰৱ মোডী, ললিত মোডী, নৰেন্দ্ৰ মোডী, সকলো চোৰক কিয় মোডী বুলি কোৱা হয়?” সেই মন্তব্যৰ বাবেই শেহতীয়াকৈ চুৰাটৰ এখন আদালতে ৰাহুলক অপৰাধমূলক মানহানিৰ গোচৰত ২ বছৰৰ কাৰাদণ্ড বিহে। যাৰ বাবে আনকি ৰাহুলৰ সাংসদ পদও নাকচ কৰা হৈছে।

কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে এইবাৰ হঠাৎ ললিত মোডীৰ  জাগ্ৰত হৈছে। কংগ্ৰেছ সাংসদগৰাকীক কাৰ্যতঃ অশ্লীল ভাষাৰে টুইটযোগে আক্ৰমণ কৰে আই পি এলৰ প্ৰাক্তন আয়ুক্তগৰাকীয়ে।

তেওঁ দাবী কৰে যে ‘পাপ্পু’ ৰাহুল গান্ধীয়ে তেওঁৰ নামত যি কৈছে, সেয়া কেৱল ৰাজনৈতিক উদ্দেশ্যৰ বাবেই কৈছে। আজিলৈকে তেওঁৰ বিৰুদ্ধে কোনো আদালতত দুৰ্নীতি প্ৰমাণিত হোৱা নাই। যোৱা ১৫ বছৰত তেওঁ এটকাও লোৱা নাই।



আই পি এলৰ প্ৰাক্তন আয়ুক্তগৰাকীয়ে কয় যে ৰাহুল গান্ধী আৰু তেওঁৰ সহযোগীসকল হয় অজ্ঞান নহয় প্ৰতিশোধপৰায়ণ। শীঘ্ৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্ৰিটেইনৰ আদালতত গোচৰ ৰুজু কৰিব বুলি স্পষ্ট কৰি দিছে ললিতে। ৰাহুলে যি অভিযোগ উত্থাপন কৰিছে তাৰ সঠিক প্ৰমাণ দেখুৱাব লাগিব।

ললিতে কয় মই নিশ্চিত যে ৰাহুল গান্ধীয়ে পুনৰ প্ৰমাণ কৰিব যে তেওঁ কিমান মূৰ্খ। তেওঁ কয়, গান্ধী পৰিয়ালৰ লোকে ভাবে যে তেওঁলোকেহে এই দেশখন শাসন কৰিব পাৰে।

ললিতে সতৰ্কবাণী প্ৰেৰণ কৰিছে যে দেশৰ জনসাধাৰণক মূৰ্খ সজোৱাৰ খেলা বন্ধ কৰক। লগতে ভাৰত চৰকাৰৰ সৈতে চুক্তি হ’লে শীঘ্ৰে তেওঁ দেশলৈ উভতি আহিব বুলিও কয়।

আমোদজনকভাৱে নিজকে নিৰ্দোষী বুলি দাবী কৰা ললিত মোডীৰ বিৰুদ্ধে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। আনকি, দেশৰ ন্যায়িক ব্যৱস্থাৰ পৰা পলায়ন কৰিবলৈ তেওঁ বিভিন্ন দেশলৈ পলায়ন কৰিবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানক আৰু ধন নিদিয়ে চীনে
'আমি এছিয়া কাপ জিকিলোঁ, এতিয়া পৰৱৰ্তী লক্ষ্য বিশ্বকাপ'-টিম ইণ্ডিয়াৰ গৰ্জন
এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্য খালে ‘কেন্সাৰ’ হয় নেকি? ডাক্তৰৰ পৰামৰ্শ জানি লওক
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ