--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ‘পলাতক’ অৱস্থাত থকা আই পি এলৰ প্ৰাক্তন আয়ুক্ত ললিত মোদীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ দিচে। ললিত মোদীয়ে দাবী কৰিছে যে ৰাহুলে ভিত্তিহীনভাৱে তেওঁক চোৰ বুলি কৈছে। আজিলৈকে কোনো আদালতে তেওঁৰ দুৰ্নীতিৰ প্ৰমাণ পোৱা নাই।

২০১৯ চনত কৰ্ণাটকৰ কোলাৰত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে কৈছিল- “নীৰৱ মোডী, ললিত মোডী, নৰেন্দ্ৰ মোডী, সকলো চোৰক কিয় মোডী বুলি কোৱা হয়?” সেই মন্তব্যৰ বাবেই শেহতীয়াকৈ চুৰাটৰ এখন আদালতে ৰাহুলক অপৰাধমূলক মানহানিৰ গোচৰত ২ বছৰৰ কাৰাদণ্ড বিহে। যাৰ বাবে আনকি ৰাহুলৰ সাংসদ পদও নাকচ কৰা হৈছে।

কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে এইবাৰ হঠাৎ ললিত মোডীৰ  জাগ্ৰত হৈছে। কংগ্ৰেছ সাংসদগৰাকীক কাৰ্যতঃ অশ্লীল ভাষাৰে টুইটযোগে আক্ৰমণ কৰে আই পি এলৰ প্ৰাক্তন আয়ুক্তগৰাকীয়ে।

তেওঁ দাবী কৰে যে ‘পাপ্পু’ ৰাহুল গান্ধীয়ে তেওঁৰ নামত যি কৈছে, সেয়া কেৱল ৰাজনৈতিক উদ্দেশ্যৰ বাবেই কৈছে। আজিলৈকে তেওঁৰ বিৰুদ্ধে কোনো আদালতত দুৰ্নীতি প্ৰমাণিত হোৱা নাই। যোৱা ১৫ বছৰত তেওঁ এটকাও লোৱা নাই।



আই পি এলৰ প্ৰাক্তন আয়ুক্তগৰাকীয়ে কয় যে ৰাহুল গান্ধী আৰু তেওঁৰ সহযোগীসকল হয় অজ্ঞান নহয় প্ৰতিশোধপৰায়ণ। শীঘ্ৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্ৰিটেইনৰ আদালতত গোচৰ ৰুজু কৰিব বুলি স্পষ্ট কৰি দিছে ললিতে। ৰাহুলে যি অভিযোগ উত্থাপন কৰিছে তাৰ সঠিক প্ৰমাণ দেখুৱাব লাগিব।

ললিতে কয় মই নিশ্চিত যে ৰাহুল গান্ধীয়ে পুনৰ প্ৰমাণ কৰিব যে তেওঁ কিমান মূৰ্খ। তেওঁ কয়, গান্ধী পৰিয়ালৰ লোকে ভাবে যে তেওঁলোকেহে এই দেশখন শাসন কৰিব পাৰে।

ললিতে সতৰ্কবাণী প্ৰেৰণ কৰিছে যে দেশৰ জনসাধাৰণক মূৰ্খ সজোৱাৰ খেলা বন্ধ কৰক। লগতে ভাৰত চৰকাৰৰ সৈতে চুক্তি হ’লে শীঘ্ৰে তেওঁ দেশলৈ উভতি আহিব বুলিও কয়।

আমোদজনকভাৱে নিজকে নিৰ্দোষী বুলি দাবী কৰা ললিত মোডীৰ বিৰুদ্ধে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। আনকি, দেশৰ ন্যায়িক ব্যৱস্থাৰ পৰা পলায়ন কৰিবলৈ তেওঁ বিভিন্ন দেশলৈ পলায়ন কৰিবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক