--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ লোকসভাৰ সদস্যপদ বাতিল সন্দৰ্ভত জাৰ্মানীয়ে দিয়া বক্তব্যৰ বাবে কংগ্ৰেছ দলে জাৰ্মানীৰ বৈদেশিক মন্ত্ৰালয়ক ধন্যবাদ জনাইছে।একে সময়তে বিজেপিয়ে এই বিষয়ত জাৰ্মানী আৰু আমেৰিকাই কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰি বিৰোধী দলটোক উদযাপন কৰাৰ অভিযোগ উত্থাপন কৰিছে।

 জাৰ্মানীৰ বৈদেশিক মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই বুধবাৰে কয় যে,"আমি আশা কৰিছো যে ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত ন্যায়িক স্বাধীনতা আৰু মৌলিক অধিকাৰৰ মানদণ্ডৰ যত্ন লোৱা ব।"

ৰাহুল গান্ধী গোচৰ সন্দৰ্ভত জাৰ্মানীয়ে দিয়া মন্তব্য সন্দৰ্ভত কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ দিগ্বিজয় সিঙে টুইটাৰত লিখিছে, "ৰাহুল গান্ধীৰ ওপৰত চৰকাৰে কৰা অত্যাচাৰে দেখুৱাইছে যে ভাৰতত গণতন্ত্ৰৰ সৈতে কেনেদৰে আপোচ কৰা হৈছে। ইয়াৰ প্ৰতি মনোযোগ দিবলৈ।জাৰ্মানীৰ বৈদেশিক মন্ত্ৰালয়লৈ ধন্যবাদ৷"

 ইয়াৰ উপৰিও কংগ্ৰেছ নেতা নাগমাইও টুইট কৰি ৰাহুল গান্ধী বিষয়ত মনোযোগ দিয়াৰ বাবে জাৰ্মান বৈদেশিক মন্ত্ৰালয়ক ধন্যবাদ জনাইছে৷

কংগ্ৰেছ নেতাৰ এই ধন্যবাদ পত্ৰৰ প্ৰত্ত্যুতৰ দিছে বিজেপিয়ে। বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইট কৰি কয় যে, ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা আৰু বিদেশী শক্তিক আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ ৰাহুল গান্ধী।কিন্তু মনত ৰাখিব যে ভাৰতীয় ন্যায়পালিকা বিদেশী হস্তক্ষেপৰ দ্বাৰা প্ৰভাৱিত নোৱাৰে।"

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জয়ীৰ শ্বাৰগিলেও টুইটযোগে কয়, "জাৰ্মানী আৰু ৰাহুল গান্ধীৰ গোচৰৰ ওপৰত আমেৰিকাৰ মন্তব্যৰ ওপৰত কংগ্ৰেছৰ ধন্যবাদ পত্ৰই ইয়াৰ ৰাজনৈতিক হতাশাৰ কথা প্ৰকাশ কৰিছে। ভাৰতৰ ভোটাৰে প্ৰত্যাখ্যান কৰা দলটোৱে এতিয়া বিদেশী শক্তিৰ পৰা সমৰ্থন বিচাৰিছে।এয়া কংগ্ৰেছৰ দুখজনক বাস্তৱ৷"

জাৰ্মানীৰ বৈদেশিক মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই ৰাহুল গান্ধী গোচৰ সন্দৰ্ভত কয় যে, “আমাৰ তথ্য অনুসৰি ৰাহুল গান্ধীয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়াই আবেদন কৰিব পাৰে।এই আবেদনৰ পিছত এই সিদ্ধান্ত মানি লোৱা নে নহয় সেয়া স্পষ্ট ব। কিন্তু আমি আশা কৰোঁ যে ৰাহুল গান্ধীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত ন্যায়িক স্বাধীনতাৰ মানদণ্ড আৰু মৌলিক গণতান্ত্ৰিক নীতিৰ অধিকাৰৰ কথা মনত ৰখা ব।"

ৰাহুল গান্ধী গোচৰত জাৰ্মানী বা ইউৰোপৰ আন কোনো দেশৰ এইটোৱেই আছিল প্ৰথম প্ৰতিক্ৰিয়া। জাৰ্মানীৰ এই বক্তব্য এনে সময়ত প্ৰকাশ কৰিছে যেতিয়া শেহতীয়াকৈ আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে কৈছিল যে আমেৰিকাই ভাৰতীয় আদালতত ৰাহুল গান্ধীৰ গোচৰটো সন্দৰ্ভত নিৰীক্ষণ কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক