--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেলনীয়া কণ্ডমো সাৰি নাযায় এই গৰাকী যুৱতীৰ পৰা সেই কণ্ডম তেওঁ সযতনে ঘৰলৈ লৈ আহে। কেৱল কণ্ডমেই নহয়, আন বহু জাৱৰো তেওঁ প্ৰতিদিনে সংগ্ৰহ কৰে। কিন্তু কিয় তেনে কৰে যুৱতীগৰাকীয়ে?

শুভী নামৰ যুৱতীগৰাকী ব্যস্ত  পৰিৱেশ সুৰক্ষাত। পৰিৱেশ বচাবলৈ তেওঁ আৱৰ্জনা সংগ্ৰহ কৰে আৰু সেই আৱৰ্জনাৰ পৰা সৃষ্টি কৰে নানান ঘৰ সজোৱা সামগ্ৰী। হাতমোজাই হওঁক বা নানান আকৃতিৰ পাত্ৰ , সকলো তেওঁ জাৱৰৰ পৰাই তৈয়াৰ কৰি আহিছে।। ঔষধৰ পেকেটৰ পৰা কন্ডমলৈ সকলো তেওঁ ব্যৱহাৰ কৰে সৃষ্টিশীল কামত।  নয়ডাৰ যুৱতীগৰাকীয়ে আৱৰ্জনাত সৃষ্টিশীলতাৰ সংমিশ্ৰণ ঘটাই  এক নতুন ৰূপ দিবলৈ সক্ষম হৈছে।

সঁচা অৰ্থৎ ক’বলৈ গ’লে বৰ্তমান আমি "আৱৰ্জনাৰ যুগ"ত বাস কৰি আছো।  বিশ্ব বেঙ্কৰ প্ৰতিবেদন অনুসৰি, প্ৰতি বছৰে বিশ্বজুৰি ২০১ নিযুত টন আৱৰ্জনা উৎপন্ন হয়। যদি এইবাৰ এই আৱৰ্জনাপুনৰ ব্যৱহাৰ কৰিব পাৰি তেন্তে  বহুতো সমস্যাৰ সমাধান হ'ব।

লাহে লাহে, এই আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে। অনুমান কৰা হৈছে যে ২০৫০  চনত প্ৰতি বছৰে বিশ্বজুৰি মুঠ ৩.৪ বিলিয়ন টন আৱৰ্জনা উৎপন্ন হ'ব।

প্ৰতিজন ব্যক্তিয়ে দিনে ০.১১ কিলোগ্ৰামৰ পৰা ৪.৫৪ কিলোগ্ৰাম আৱৰ্জনা উৎপাদন কৰে। এই পৰিমাণটো আকৌ মানুহৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰতো নিৰ্ভৰ কৰে। তেওঁ যিমানে ধনী হয় প্ৰতিদিনে সিমানেই বেছি আৱৰ্জনা উৎপাদন কৰিব।

এই কথাবোৰে  নয়ডাৰ শুভী চাচানক ভাবিবলৈ বাধ্য কৰাইছে। পেছাত এজন টেক্সটাইল ডিজাইনাৰ। তেওঁ অনুভৱ কৰিছিল যে বহুআৱৰ্জনা পুনৰ ব্যৱহাৰযোগ্য কৰিব পাৰি। আৱৰ্জনাক ঘৰ সজাবলৈ বা যিকোনো উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰি।  শুভীয়ে সেয়াই কৰি আছে।

শুভীয়ে কয় "বহুলোকে বুজি নাপায় যে পেলাই দিয়া বহুতো বস্তু পুনৰ ব্যৱহাৰৰ যোগ্য কৰি তুলিব পাৰি । সেইবোৰ অতি কম খৰচত পুনৰ ব্যৱহাৰ কৰিব পাৰি।ইয়াৰ বাবে  কেৱল কল্পনা আৰু ইচ্ছাশক্তিৰ প্ৰয়োজন। ''

শুভীয়ে পেলাই দিয়া চিডি, কিতাপ  আদি  'সামগ্ৰী'ৰে এটা পুথিভঁৰাল স্থাপন কৰিছে। তেওঁ পৰীক্ষাগাৰৰ পৰা কাৰখানালৈকে, মলৰ পৰা শ্বুটিং ছেটলৈকে সকলো ঠাইৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰে। আনকি মানুহৰ ঘৰৰ পৰাও, তেওঁ আৱৰ্জনা সংগ্ৰহ কৰে আৰু ইয়াক তেওঁৰ ভঁৰালত জমা কৰে। 

শুভীয়ে সেই সকলো পুৰণি, ভঙা বস্তুবোৰক এক নতুন ৰূপ দিছে। তেওঁ কয় "মই প্ৰতিদিনে   একৰ পৰা পাঁচ কিলোগ্ৰাম আৱৰ্জনা সংগ্ৰহ কৰোঁ। সেই বোৰ পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰো। সেই আৱৰ্জনাৰ যিবোৰ  উপাদান পুনৰ ব্যৱহাৰ কৰিব পাৰি সেয়া ঘৰলৈ লৈ আহো। । ''

শুভীয়ে পেকেজিঙৰ সামগ্ৰী  পেলাই দিয়া কপাহৰ হাতমোজাৰে তৈয়াৰ কৰিছে। তেওঁ এক নতুন ধৰণৰ কাপোৰো সৃষ্টি কৰিছে। শুভীয়ে সেই আঁহৰজৰিয়তে  ৰছী তৈয়াৰ কৰিছে। তেওঁ সেই ৰচীৰে চকী, মেজকে ধৰি বিভিন্ন আচবাব তৈয়াৰ কৰিছে।

শুভীয়ে ফাৰ্মাচিউটিকেল কোম্পানী এটাৰ কিছুমান বৰ্জিত  সামগ্ৰীৰে  কিছুমান নতুন বস্তুও তৈয়াৰ কৰিছে। তেওঁ ঔষধৰ পেকেটবোৰৰ পৰা এলুমিনিয়াম আৰু প্লাষ্টিক সংগ্ৰহ কৰি সেয়া পুনৰ ব্যৱহাৰ কৰিছে। শুভীৰ সংগৃহিত  আৱৰ্জনাৰ  পৰা হায়দৰাবাদৰ ওচৰৰ ৱাৰাংগলৰ কেইজনমান শিপিনীয়ে আঁহ সংগ্ৰহ কৰি মোনা তৈয়াৰ কৰি আছে।

শুভীয়ে পেলাই দিয়া কন্ডম ব্যৱহাৰ কৰি নতুন বস্তু তৈয়াৰ কৰিছে। এটা কোম্পানীত উৎপাদিত কন্ডমৰ চাৰিৰ পৰা পাঁচ শতাংশ বাতিল কৰা হয়। তেনে কণ্ডমেৰে কাপোৰপ্ৰক্ৰিয়াকৰণ কৰি ডিজাইনৰ কাম কৰা হৈছে। এয়া সকলো শুভীৰ মস্তিষ্কৰ উদ্ভাৱন। 

শুভীয়ে কয় যে তেওঁ  পৰিৱেশক সুৰক্ষিত কৰি ৰাখিবলৈয়েই এনেবোৰ কাম কৰি গৈছে। তেওঁ বিচাৰে যে তেওঁৰ দৰে অধিক লোক এনে কামৰ বাবে আগবাঢ়ি আহক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement