--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেলনীয়া কণ্ডমো সাৰি নাযায় এই গৰাকী যুৱতীৰ পৰা সেই কণ্ডম তেওঁ সযতনে ঘৰলৈ লৈ আহে। কেৱল কণ্ডমেই নহয়, আন বহু জাৱৰো তেওঁ প্ৰতিদিনে সংগ্ৰহ কৰে। কিন্তু কিয় তেনে কৰে যুৱতীগৰাকীয়ে?

শুভী নামৰ যুৱতীগৰাকী ব্যস্ত  পৰিৱেশ সুৰক্ষাত। পৰিৱেশ বচাবলৈ তেওঁ আৱৰ্জনা সংগ্ৰহ কৰে আৰু সেই আৱৰ্জনাৰ পৰা সৃষ্টি কৰে নানান ঘৰ সজোৱা সামগ্ৰী। হাতমোজাই হওঁক বা নানান আকৃতিৰ পাত্ৰ , সকলো তেওঁ জাৱৰৰ পৰাই তৈয়াৰ কৰি আহিছে।। ঔষধৰ পেকেটৰ পৰা কন্ডমলৈ সকলো তেওঁ ব্যৱহাৰ কৰে সৃষ্টিশীল কামত।  নয়ডাৰ যুৱতীগৰাকীয়ে আৱৰ্জনাত সৃষ্টিশীলতাৰ সংমিশ্ৰণ ঘটাই  এক নতুন ৰূপ দিবলৈ সক্ষম হৈছে।

সঁচা অৰ্থৎ ক’বলৈ গ’লে বৰ্তমান আমি "আৱৰ্জনাৰ যুগ"ত বাস কৰি আছো।  বিশ্ব বেঙ্কৰ প্ৰতিবেদন অনুসৰি, প্ৰতি বছৰে বিশ্বজুৰি ২০১ নিযুত টন আৱৰ্জনা উৎপন্ন হয়। যদি এইবাৰ এই আৱৰ্জনাপুনৰ ব্যৱহাৰ কৰিব পাৰি তেন্তে  বহুতো সমস্যাৰ সমাধান হ'ব।

লাহে লাহে, এই আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে। অনুমান কৰা হৈছে যে ২০৫০  চনত প্ৰতি বছৰে বিশ্বজুৰি মুঠ ৩.৪ বিলিয়ন টন আৱৰ্জনা উৎপন্ন হ'ব।

প্ৰতিজন ব্যক্তিয়ে দিনে ০.১১ কিলোগ্ৰামৰ পৰা ৪.৫৪ কিলোগ্ৰাম আৱৰ্জনা উৎপাদন কৰে। এই পৰিমাণটো আকৌ মানুহৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰতো নিৰ্ভৰ কৰে। তেওঁ যিমানে ধনী হয় প্ৰতিদিনে সিমানেই বেছি আৱৰ্জনা উৎপাদন কৰিব।

এই কথাবোৰে  নয়ডাৰ শুভী চাচানক ভাবিবলৈ বাধ্য কৰাইছে। পেছাত এজন টেক্সটাইল ডিজাইনাৰ। তেওঁ অনুভৱ কৰিছিল যে বহুআৱৰ্জনা পুনৰ ব্যৱহাৰযোগ্য কৰিব পাৰি। আৱৰ্জনাক ঘৰ সজাবলৈ বা যিকোনো উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰি।  শুভীয়ে সেয়াই কৰি আছে।

শুভীয়ে কয় "বহুলোকে বুজি নাপায় যে পেলাই দিয়া বহুতো বস্তু পুনৰ ব্যৱহাৰৰ যোগ্য কৰি তুলিব পাৰি । সেইবোৰ অতি কম খৰচত পুনৰ ব্যৱহাৰ কৰিব পাৰি।ইয়াৰ বাবে  কেৱল কল্পনা আৰু ইচ্ছাশক্তিৰ প্ৰয়োজন। ''

শুভীয়ে পেলাই দিয়া চিডি, কিতাপ  আদি  'সামগ্ৰী'ৰে এটা পুথিভঁৰাল স্থাপন কৰিছে। তেওঁ পৰীক্ষাগাৰৰ পৰা কাৰখানালৈকে, মলৰ পৰা শ্বুটিং ছেটলৈকে সকলো ঠাইৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰে। আনকি মানুহৰ ঘৰৰ পৰাও, তেওঁ আৱৰ্জনা সংগ্ৰহ কৰে আৰু ইয়াক তেওঁৰ ভঁৰালত জমা কৰে। 

শুভীয়ে সেই সকলো পুৰণি, ভঙা বস্তুবোৰক এক নতুন ৰূপ দিছে। তেওঁ কয় "মই প্ৰতিদিনে   একৰ পৰা পাঁচ কিলোগ্ৰাম আৱৰ্জনা সংগ্ৰহ কৰোঁ। সেই বোৰ পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰো। সেই আৱৰ্জনাৰ যিবোৰ  উপাদান পুনৰ ব্যৱহাৰ কৰিব পাৰি সেয়া ঘৰলৈ লৈ আহো। । ''

শুভীয়ে পেকেজিঙৰ সামগ্ৰী  পেলাই দিয়া কপাহৰ হাতমোজাৰে তৈয়াৰ কৰিছে। তেওঁ এক নতুন ধৰণৰ কাপোৰো সৃষ্টি কৰিছে। শুভীয়ে সেই আঁহৰজৰিয়তে  ৰছী তৈয়াৰ কৰিছে। তেওঁ সেই ৰচীৰে চকী, মেজকে ধৰি বিভিন্ন আচবাব তৈয়াৰ কৰিছে।

শুভীয়ে ফাৰ্মাচিউটিকেল কোম্পানী এটাৰ কিছুমান বৰ্জিত  সামগ্ৰীৰে  কিছুমান নতুন বস্তুও তৈয়াৰ কৰিছে। তেওঁ ঔষধৰ পেকেটবোৰৰ পৰা এলুমিনিয়াম আৰু প্লাষ্টিক সংগ্ৰহ কৰি সেয়া পুনৰ ব্যৱহাৰ কৰিছে। শুভীৰ সংগৃহিত  আৱৰ্জনাৰ  পৰা হায়দৰাবাদৰ ওচৰৰ ৱাৰাংগলৰ কেইজনমান শিপিনীয়ে আঁহ সংগ্ৰহ কৰি মোনা তৈয়াৰ কৰি আছে।

শুভীয়ে পেলাই দিয়া কন্ডম ব্যৱহাৰ কৰি নতুন বস্তু তৈয়াৰ কৰিছে। এটা কোম্পানীত উৎপাদিত কন্ডমৰ চাৰিৰ পৰা পাঁচ শতাংশ বাতিল কৰা হয়। তেনে কণ্ডমেৰে কাপোৰপ্ৰক্ৰিয়াকৰণ কৰি ডিজাইনৰ কাম কৰা হৈছে। এয়া সকলো শুভীৰ মস্তিষ্কৰ উদ্ভাৱন। 

শুভীয়ে কয় যে তেওঁ  পৰিৱেশক সুৰক্ষিত কৰি ৰাখিবলৈয়েই এনেবোৰ কাম কৰি গৈছে। তেওঁ বিচাৰে যে তেওঁৰ দৰে অধিক লোক এনে কামৰ বাবে আগবাঢ়ি আহক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু