--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনৰ কোনো কথাতে ভুল নেদেখা একান্ত বন্ধু পাকিস্তান। কিন্তু শেহতীয়াকৈ পাকিস্তানে চীনৰ উইঘুৰ মুছলমানৰ অধিকাৰকলৈ  সোচ্চাৰ হৈ উঠাৰ কথাই বহুতকে আচৰিত কৰিছে। চীনত পশুৰ দৰে জীৱন কটাই থকা উইঘুৰ মুছলমানৰ হকে পাকিস্তানে মন্তব্য কৰা বুলি প্ৰকাশ পোৱাৰ পিছতে চীনে অসন্তুষ্টি ব্যক্ত  কৰিছে। 

ইছলামাবাদ আৰু বেইজিঙে জিনজিয়াং প্ৰদেশৰ উইঘুৰসকলৰ অধিকাৰ আৰু স্বাধীনতাৰ বিষয়ত একেলগে কাম কৰি আছে। এই পোষ্টটো চীনৰ চেংডুত থকা পাকিস্তানী দূতাবাসৰ টুইটাৰ একাউণ্টত কৰাৰ পিছতে চীনৰ চৰকাৰৰ মাজত হাহাকাৰ লাগে। টুইটটোকলৈ  আন্তৰ্জাতিক ক্ষেত্ৰতো যথেষ্ট চৰ্চা  আৰম্ভ হয়। অৱশ্যে, পৰৱৰ্তী সময়ত  পাকিস্তানে সমগ্ৰ বিষয়টো খোলোচা কৰি কয় যে তেওঁলোকৰ টুইটাৰ একাউণ্ট হেক কৰা হৈছে। হেক কৰাৰ পিছতে হেকাৰে এনে ধৰণৰ বাৰ্তা প্ৰচাৰ কৰিছে।

উল্লেখ্য চীনৰ জ্বলন্ত সমস্যা হৈছে জিনজিয়াং প্ৰদেশৰ উইঘুৰসকল। বেইজিঙে  উইঘুৰসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে আন্তৰ্জাতিক সম্প্ৰদায়ৰ চোকা সমালোচনাৰ সন্মুখীন হৈছে।  তথাপিও চীনে  উইঘুৰৰ ওপৰত অত্যাচাৰ বন্ধ কৰা  নাই। চীনৰ 'বন্ধু' পাকিস্তানক উইগুৰ আৰু অন্যান্য মুছলমান সম্প্ৰদায়ৰ অধিকাৰৰ বিষয়ে আজিলৈকে সোচ্চাৰ হোৱা কোনেও দেখা  নাই। কিন্তু ইছলামাবাদ সদায় আন দেশৰ  মুছলমানৰ ওপৰত হোৱা  উৎপীড়নৰ বিষয়ে অতি সক্ৰিয় পৰাত সেয়ে বহুতে আচৰিত হৈছিল।

ইপিনে বহুতে এইবুলি কৈছে যে পাকিস্তানে ' বন্ধু' চীনৰ হেঁচাতে নিজৰ বিবৃতি সলনি কৰিছে।
 সন্ত্ৰাসবাদ দমনৰ নামত জিনজিয়াং প্ৰদেশত গুৰুতৰভাবে  মানৱ অধিকাৰ উলংঘন হৈছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি উইঘুৰ মহিলাক ধৰ্ষণ, পুৰুষৰ বলপূৰ্বক বন্ধ্যাকৰণৰ দৰে ঘটনাও ঘটিছে। অভিযোগ অনুসৰি উইঘুৰ আৰু অন্যান্য মুছলমান গোটৰ লোকসকলৰ সাধাৰণ নাগৰিক অধিকাৰ কাঢ়ি লোৱা হৈছে। তেওঁলোকক বলপূৰ্বক ডিটেনচন কেম্পত আটক কৰি ৰখা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ