--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনৰ কোনো কথাতে ভুল নেদেখা একান্ত বন্ধু পাকিস্তান। কিন্তু শেহতীয়াকৈ পাকিস্তানে চীনৰ উইঘুৰ মুছলমানৰ অধিকাৰকলৈ  সোচ্চাৰ হৈ উঠাৰ কথাই বহুতকে আচৰিত কৰিছে। চীনত পশুৰ দৰে জীৱন কটাই থকা উইঘুৰ মুছলমানৰ হকে পাকিস্তানে মন্তব্য কৰা বুলি প্ৰকাশ পোৱাৰ পিছতে চীনে অসন্তুষ্টি ব্যক্ত  কৰিছে। 

ইছলামাবাদ আৰু বেইজিঙে জিনজিয়াং প্ৰদেশৰ উইঘুৰসকলৰ অধিকাৰ আৰু স্বাধীনতাৰ বিষয়ত একেলগে কাম কৰি আছে। এই পোষ্টটো চীনৰ চেংডুত থকা পাকিস্তানী দূতাবাসৰ টুইটাৰ একাউণ্টত কৰাৰ পিছতে চীনৰ চৰকাৰৰ মাজত হাহাকাৰ লাগে। টুইটটোকলৈ  আন্তৰ্জাতিক ক্ষেত্ৰতো যথেষ্ট চৰ্চা  আৰম্ভ হয়। অৱশ্যে, পৰৱৰ্তী সময়ত  পাকিস্তানে সমগ্ৰ বিষয়টো খোলোচা কৰি কয় যে তেওঁলোকৰ টুইটাৰ একাউণ্ট হেক কৰা হৈছে। হেক কৰাৰ পিছতে হেকাৰে এনে ধৰণৰ বাৰ্তা প্ৰচাৰ কৰিছে।

উল্লেখ্য চীনৰ জ্বলন্ত সমস্যা হৈছে জিনজিয়াং প্ৰদেশৰ উইঘুৰসকল। বেইজিঙে  উইঘুৰসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে আন্তৰ্জাতিক সম্প্ৰদায়ৰ চোকা সমালোচনাৰ সন্মুখীন হৈছে।  তথাপিও চীনে  উইঘুৰৰ ওপৰত অত্যাচাৰ বন্ধ কৰা  নাই। চীনৰ 'বন্ধু' পাকিস্তানক উইগুৰ আৰু অন্যান্য মুছলমান সম্প্ৰদায়ৰ অধিকাৰৰ বিষয়ে আজিলৈকে সোচ্চাৰ হোৱা কোনেও দেখা  নাই। কিন্তু ইছলামাবাদ সদায় আন দেশৰ  মুছলমানৰ ওপৰত হোৱা  উৎপীড়নৰ বিষয়ে অতি সক্ৰিয় পৰাত সেয়ে বহুতে আচৰিত হৈছিল।

ইপিনে বহুতে এইবুলি কৈছে যে পাকিস্তানে ' বন্ধু' চীনৰ হেঁচাতে নিজৰ বিবৃতি সলনি কৰিছে।
 সন্ত্ৰাসবাদ দমনৰ নামত জিনজিয়াং প্ৰদেশত গুৰুতৰভাবে  মানৱ অধিকাৰ উলংঘন হৈছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি উইঘুৰ মহিলাক ধৰ্ষণ, পুৰুষৰ বলপূৰ্বক বন্ধ্যাকৰণৰ দৰে ঘটনাও ঘটিছে। অভিযোগ অনুসৰি উইঘুৰ আৰু অন্যান্য মুছলমান গোটৰ লোকসকলৰ সাধাৰণ নাগৰিক অধিকাৰ কাঢ়ি লোৱা হৈছে। তেওঁলোকক বলপূৰ্বক ডিটেনচন কেম্পত আটক কৰি ৰখা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে