--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিয়েগো মাৰাডোনা মৃত্যুৰ ৪ বছৰৰ পাছতো শিৰোনামত আছে। কন্যা ডালমাই এতিয়াও তেওঁৰ লগত কথা পাতে! কিন্তু কেনেকৈ? মাৰাডোনা কন্যাই কয় যে তেওঁ মাৰাডোনাৰ কবৰলৈ গৈ তেওঁৰ লগত কথা পাতে। ডালমাই কেৱল দেউতাকৰ লগত নহয়, মৃত আইতাকৰ লগতো কথা পাতে। কিন্তু এটা মাধ্যমৰ সহায়ত।

এটা সাক্ষাৎকাৰত ডালমাই কয়, ‘মই সৰুৰে পৰা এই বিষয়ত বিশ্বাস কৰি আহিছো। পিতৃৰ মৃত্যুৰ পিছত বিশ্বাস আৰু বাঢ়ি গ’ল। দেউতাৰ মৃত্যুৰ পিছৰে পৰা মই তেওঁৰ লগত যোগাযোগ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু মৃত্যুৰ পিছতে কৰিবলৈ মন যোৱা নাছিল। মই ভাবিলোঁ, অন্ততঃ এবছৰৰ পিছত, মই চেষ্টা কৰিম। দেউতাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ আগতেই গৈছিলো।"

ডালমাই লগত এটা মাধ্যম লৈ গ’ল। সহায়ৰ বাবে দেউতাকৰ লগত যোগাযোগ কৰিলে। ডালমাই ক’লে, প্ৰথমবাৰৰ বাবে যোগাযোগ হৈছিল। ইয়াৰ পিছত মই প্ৰায়ে দেউতাৰ কবৰলৈ যাওঁ  তেওঁৰ লগত কথা পাতিবলৈ। কেৱল দেউতাই নহয়, মাৰ মা অৰ্থাৎ আইতাৰ লগতো কথা পাতো। তেওঁৰ লগত মোৰ বহুত ভাল সম্পৰ্ক আছিল। সকলো ব্যক্তিগত।”

দেউতাকৰ সৈতে যোগাযোগৰ দাবী কৰিও ডালমাই তেওঁলোকৰ মাজত ঘটা ঘটনা সন্দৰ্ভত একো কোৱা নাছিল। সকলোৰে সন্মুখত ব্যক্তিগত বিষয়ত কথা পাতিবলৈ ইচ্ছুক নহয় বুলিও কয়।

২০২০ চনত ৬০ বছৰ বয়সত মৃত্যু হয় মাৰাডোনাৰ। প্ৰথমতে তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। তেওঁৰ মগজুৰ অস্ত্ৰোপচাৰ হৈছিল। কেইবাদিনো চিকিৎসালয়ত থকাৰ পিছত মৃত্যু হয় মাৰাডোনাৰ। মৃত্যুৰ কাৰণক লৈ বিভ্ৰান্তিৰ সৃষ্টি হয়। আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী ফুটবলাৰৰ পৰিয়ালে অভিযোগ কৰে যে তেওঁৰ মৃত্যু স্বাভাৱিক নহয়। মাৰাডোনাৰ সন্তানেও চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। সেই গোচৰটো এতিয়াও বিচাৰাধীন হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ