--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিয়েগো মাৰাডোনা মৃত্যুৰ ৪ বছৰৰ পাছতো শিৰোনামত আছে। কন্যা ডালমাই এতিয়াও তেওঁৰ লগত কথা পাতে! কিন্তু কেনেকৈ? মাৰাডোনা কন্যাই কয় যে তেওঁ মাৰাডোনাৰ কবৰলৈ গৈ তেওঁৰ লগত কথা পাতে। ডালমাই কেৱল দেউতাকৰ লগত নহয়, মৃত আইতাকৰ লগতো কথা পাতে। কিন্তু এটা মাধ্যমৰ সহায়ত।

এটা সাক্ষাৎকাৰত ডালমাই কয়, ‘মই সৰুৰে পৰা এই বিষয়ত বিশ্বাস কৰি আহিছো। পিতৃৰ মৃত্যুৰ পিছত বিশ্বাস আৰু বাঢ়ি গ’ল। দেউতাৰ মৃত্যুৰ পিছৰে পৰা মই তেওঁৰ লগত যোগাযোগ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু মৃত্যুৰ পিছতে কৰিবলৈ মন যোৱা নাছিল। মই ভাবিলোঁ, অন্ততঃ এবছৰৰ পিছত, মই চেষ্টা কৰিম। দেউতাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ আগতেই গৈছিলো।"

ডালমাই লগত এটা মাধ্যম লৈ গ’ল। সহায়ৰ বাবে দেউতাকৰ লগত যোগাযোগ কৰিলে। ডালমাই ক’লে, প্ৰথমবাৰৰ বাবে যোগাযোগ হৈছিল। ইয়াৰ পিছত মই প্ৰায়ে দেউতাৰ কবৰলৈ যাওঁ  তেওঁৰ লগত কথা পাতিবলৈ। কেৱল দেউতাই নহয়, মাৰ মা অৰ্থাৎ আইতাৰ লগতো কথা পাতো। তেওঁৰ লগত মোৰ বহুত ভাল সম্পৰ্ক আছিল। সকলো ব্যক্তিগত।”

দেউতাকৰ সৈতে যোগাযোগৰ দাবী কৰিও ডালমাই তেওঁলোকৰ মাজত ঘটা ঘটনা সন্দৰ্ভত একো কোৱা নাছিল। সকলোৰে সন্মুখত ব্যক্তিগত বিষয়ত কথা পাতিবলৈ ইচ্ছুক নহয় বুলিও কয়।

২০২০ চনত ৬০ বছৰ বয়সত মৃত্যু হয় মাৰাডোনাৰ। প্ৰথমতে তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। তেওঁৰ মগজুৰ অস্ত্ৰোপচাৰ হৈছিল। কেইবাদিনো চিকিৎসালয়ত থকাৰ পিছত মৃত্যু হয় মাৰাডোনাৰ। মৃত্যুৰ কাৰণক লৈ বিভ্ৰান্তিৰ সৃষ্টি হয়। আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী ফুটবলাৰৰ পৰিয়ালে অভিযোগ কৰে যে তেওঁৰ মৃত্যু স্বাভাৱিক নহয়। মাৰাডোনাৰ সন্তানেও চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। সেই গোচৰটো এতিয়াও বিচাৰাধীন হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু