--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল দ্ৰাবিড়ক খেলৰ আটাইতকৈ ভদ্ৰ ক্ৰিকেটাৰ হিচাপে গণ্য কৰা হয়। ৰাহুল দ্ৰাবিড়ক লৈ কোনো বিতৰ্কও নাই। তেওঁৰ খেলা-ধূলা আৰু ব্যক্তিত্বত সকলোৱে আপ্লুত হয়। এতিয়া এনে এটা কথা পোহৰলৈ আহিছে, যাৰ বাবে সকলোৱে তেওঁক প্ৰশংসা কৰিছে। তেওঁৰ উজ্জ্বল ব্যক্তিত্বৰ আন এক উদাহৰণ দেখা গ’ল শেহতীয়াকৈ হোৱা এক ঘটনাত। 

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপত জয়ী হোৱাত ১২৫ কোটি টকাৰ প্ৰাইজমানী ঘোষণা কৰে। তাৰে ৫ কোটি টকা দিয়া হয় মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক। কিন্তু তাৰে ২.৫ কোটি টকা লবলৈ সন্মত নহ’ল ৰাহুল দ্ৰাবিড়।

ৰাহুল দ্ৰাবিড়ে ব’ৰ্ডক তেওঁৰ নগদ পুৰস্কাৰ ২.৫ কোটি টকালৈ হ্ৰাস কৰিবলৈ কয়। ইয়াৰ আঁৰৰ কাৰণটো অতি বিশেষ। তেওঁ বেটিং, বলিং আৰু ফিল্ডিং প্ৰশিক্ষকতকৈ বেছি ধন ল’ব বিচৰা নাছিল। কাৰণ সহ প্ৰশিক্ষকসকলেও ২.৫ কোটি টকা লাভ কৰিছিল। প্ৰতিবেদন অনুসৰি বি চি চি আইৰ এক সূত্ৰই জনোৱা মতে- ৰাহুলে তেওঁৰ বাকী সহ প্ৰশিক্ষক (বলিং প্ৰশিক্ষক পৰস মহাম্বেৰে, ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰ)ৰ দৰেই সমান ধন (২.৫ কোটি টকা) ল’ব বিচাৰিছিল, তাতকৈ এটকাও বেছি ল'ব বিচৰা নাছিল। 

ৰাহুল দ্ৰাবিড়ে কয় যে ''সকলোকে সমান পৰিমাণৰ ধন দিব লাগে। মই সিমানখিনিহে গ্ৰহণ কৰিম যিমানখিনি আন প্ৰশিক্ষকক দিয়া হৈছে।'' 

২০১৮ চনতো এনেধৰণৰ সিদ্ধান্ত লৈছিল

উল্লেখযোগ্য যে ২০১৮ চনত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ বিজয়ী দলৰ মুখ্য প্ৰশিক্ষক হিচাপেও দ্ৰাবিড়ে একেধৰণৰ স্থিতি গ্ৰহণ কৰিছিল। সেই সময়ত দ্ৰাবিড়ে ৫০ লাখ পাইছিল, আনহাতে সহায়ক কৰ্মচাৰীৰ আন সদস্যসকলে ২০ লাখ টকাকৈ লাভ কৰিছিল। দ্ৰাবিড়ে এনে বিভাজন নাকচ কৰাত বিচিচিআইয়ে সকলোকে একেধৰণৰ ধন দিবলৈ বাধ্য হ’ল।

ইয়াৰ পিছতে ব’ৰ্ডে নগদ ধনৰ সংশোধিত তালিকা প্ৰকাশ কৰে, য’ত দ্ৰাবিড়কে ধৰি সহায়ক কৰ্মচাৰীৰ প্ৰতিজন সদস্যই লাভ কৰে ২৫ লাখ টকা। দ্ৰাবিড়ৰ এই নিঃস্বাৰ্থ কৰ্মক সকলোৱে প্ৰশংসা কৰিছিল।

ৰাহুল দ্ৰাবিড়ক সকলোৱে এতিয়া living legend বুলি অভিহিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
Advertisement