--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱাদি আল-ছালাম হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ কবৰস্থান। নিৰ্জন এই কবৰটো ইৰাকৰ পবিত্ৰ চহৰ নাজাফত অৱস্থিত। ৱাদি আল-ছালামত ৬০ লাখৰো অধিক লোকক সমাধিস্থ কৰা বুলি অনুমান কৰা হৈছে। ৱাদি আল-ছালামক শান্তিৰ উপত্যকা বুলিও জনা যায়। ইউনেস্ক’ৰ তথ্য অনুসৰি এই শ্মশানখনেই হৈছে বহু নবী, বিজ্ঞানী আৰু ৰাজপৰিয়ালৰ সদস্যৰ চূড়ান্ত বিশ্ৰাম স্থান।

নাজাফ চহৰৰ মাজমজিয়াৰ পৰা সুদূৰ উত্তৰ-পশ্চিম দিশলৈকে এই শ্মশানখন বিস্তৃত। ৱাডি আল-ছালামে চহৰখনৰ প্ৰায় ১৩ শতাংশ অঞ্চল সামৰি লৈছে। দিনক দিনে ইয়াৰ সম্প্ৰসাৰণ ঘটিছে। সংবাদ সংস্থা ৰয়টাৰ্ছৰ ২০২১ চনৰ এক প্ৰতিবেদন অনুসৰি ৱাদি আল-ছালামে স্বাভাৱিক হাৰতকৈ দুগুণ হাৰত সম্প্ৰসাৰণ কৰিছে। ৱাডি আল-ছালাম কবৰস্থানক ওপৰৰ পৰা কবৰবোৰ সৰু সৰু ঘৰৰ দৰে দেখা যায়।

ইউনেস্ক’ৰ হাতত থকা তথ্য অনুসৰি ৱাডি আল-ছালামৰ এলেকা ২৫০০ একৰৰ ওচৰত। অৰ্থাৎ এই কবৰস্থানত ১৭০০ৰো অধিক ফুটবল খেলপথাৰ সোমাব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মুছলমান লোক এই সমাধিস্থল দৰ্শন কৰিবলৈ আহে। ইউনেস্ক’ৰ তথ্য অনুসৰি ৱাদি আল-ছালামৰ আৰম্ভণি মধ্যযুগৰ। ইয়াত সমাধিস্থ কৰাসকলৰ ভিতৰত আল-হিৰাৰ ৰজা আৰু আল-ছাছানিদ যুগৰ চুলতান আৰু নেতাসকলো আছে। ইয়াত হামদানিয়া, ফাতিমিয়া, আল-বুৱাইহিয়া, ছাফাৱায়া, কাজাৰ আৰু জালাইৰিয়া ৰাজ্যৰ ৰাজকুমাৰসকলৰ সমাধিও আছে।

ৱাদি আল-ছালামৰ বেছিভাগ সমাধিৰ আকাৰ আৰু উচ্চতা অতুলনীয়। বিখ্যাত লোকৰ কবৰ সাধাৰণতে ওখকৈ ৰখা হয়। নাজাফ চহৰত হজৰত মহম্মদৰ জোঁৱাই আলী ইবনে আবি তালিবকে ধৰি কেইবাজনো বিখ্যাত লোকৰ সমাধিস্থল। আলীৰ সমাধিৰ চাৰিওফালে নিৰ্মাণ কৰা হৈছে চহৰখন।

ৱাদি আল-ছালামক ইতিহাসৰ এক অনন্য ল্যাণ্ডমাৰ্ক হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰিও ই ভূমি ব্যৱহাৰৰ পৰম্পৰাগত ব্যৱস্থাকো প্ৰতিনিধিত্ব কৰে। আল জাজিৰাৰ বাতৰি অনুসৰি ৱাদি আল-ছালাম সমগ্ৰ বিশ্বতে শ্বিয়া সমৰ্থক মুছলমানসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সমাধিস্থল। তাত প্ৰতি বছৰে প্ৰায় ৫০ হাজাৰ লোকক সমাধিস্থ কৰা হয়।

সংবাদ সংস্থা এ এফ পিৰ এক প্ৰতিবেদন অনুসৰি ৱাদি আল চালামত কবৰ খান্দিলে সাড়ে আঠ হাজাৰ টকা পৰ্যন্ত খৰচ হয়। সমাধি শিলৰ দাম প্ৰায় ১৫-১৬ হাজাৰ টকা। বহুতৰ মতে ৱাদি আল-ছালাম এটা লেবিৰিন্থৰ দৰে। সমাধিক্ষেত্ৰ চহৰত কোনো গাইড বা মানচিত্ৰ নাই।

বিশ্বাস কৰা হয় যে ইৰাক যুদ্ধৰ সময়ত প্ৰতিদিনে ৱাদি আল-ছালামত ২০০ৰ পৰা ২৫০টা মৃতদেহ সমাধিস্থ কৰা হৈছিল। ২০১০ চনৰ পৰা সেই সংখ্যা লাহে লাহে কমি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ