--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা গৈছে। খবৰ অনুসৰি তেওঁক ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ সন্মুখত গ্ৰেপ্তাৰ কৰা হৈছে। পাকিস্তানৰ একাংশ স্থানীয়  সংবাদ মাধ্যমে খান গ্ৰেপ্তাৰ হোৱা বুলি দাবী কৰিছে। 

ভূমি কেলেংকাৰী সম্পৰ্কীয় এটা গোচৰত দেশ খনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জনক  গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা হৈছে। খানক গ্ৰেপ্তাৰৰ পিছতে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদ এক প্ৰকাৰৰ  যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছে। সংঘৰ্ষত ইমৰান খানৰ অধিবক্তাজনো  গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰকৃততে কি ঘটিছিল? খবৰ অনুসৰি ইমৰান খানে আজি এটা গোচৰৰ বাবে আদালতলৈ অহাৰ পিছতে  তেওঁক পাকিস্তান ৰেঞ্জাৰে  আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰে। 

আদালতৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে তেওঁক পাকিস্তান ৰেঞ্জাৰে ঘেৰি ধৰিছিল। তাৰ পিছত তেওঁক এখন গাড়ীত তুলি কোনো এক অজ্ঞাত স্থানলৈ লৈ যোৱা হয় বুলি জানিব পৰা গৈছে। গ্ৰেপ্তাৰৰ সময়ত পিটিআইৰ সমৰ্থক আৰু সাধাৰণ মানুহে পাকিস্তান ৰেঞ্জাৰক বাধা প্ৰদান কৰাত  আদালত চৌহদ  যুদ্ধক্ষেত্ৰলৈ পৰিণত হয়।

ইমৰান খানক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে বহু পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পিটিআইৰ এগৰাকী নেতা মুছাৰাত চিমাই এটা ভিডিঅ' বাৰ্তাত কোৱা শুনা গৈছে, "তেওঁলোকে ইমৰান খানক অত্যাচাৰ কৰিছে। তেওঁলোকে খানক প্ৰহাৰ কৰিছে।’’

উল্লেখ্য পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক কিছুদিন আগতে সাময়িক সকাহ দিছিল আদালতে। বেলুচিস্তান উচ্চ ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই) দলৰ মুৰব্বী ইমৰান খানৰ বিৰুদ্ধে জাৰি কৰা জামিন অযোগ্য গ্ৰেপ্তাৰ পৰোৱানা স্থগিত ৰাখিছিল। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জনে দিয়া উচটনিমূলক  ভাষণৰ ক্ষেত্ৰত অস্থায়ী সকাহ প্ৰদান কৰিছিল।

সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিসকলৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগত  কোৱেটা চহৰৰ এগৰাকী  ন্যায়াধীশে ইমৰানৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল। তেওঁ ইমৰানক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল। ইমৰানে উচ্চ ন্যায়ালয়ত উক্ত আদেশৰ বিৰুদ্ধে আবেদন  কৰিছিল। উচ্চ ন্যায়ালয়ে আৱেদনখন মঞ্জুৰ কৰি গ্ৰেপ্তাৰী পৰোৱানাত স্থগিতাদেশ জাৰি কৰিছিল। উল্লেখ্য পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত আহি পৰিছে  প্ৰচণ্ড চাপ। 

পূৰ্বেও আৰক্ষীয়ে  খানক  গ্ৰেপ্তাৰ কৰিবলৈ লাহোৰত উপস্থিত হৈছিল৷ ইছলামাবাদৰ পৰা যোৱা আৰক্ষীৰ বিশাল দলে লাহোৰত থকা ইমৰানৰ ঘৰত উপস্থিত হোৱাৰ পিছতে পিটিআইৰ সমৰ্থকসকলে আৰক্ষীক বাধা দিছিল৷   পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে  গ্ৰেপ্তাৰ পৰোৱানা লৈ উপস্থিত হোৱা বৃহৎ আৰক্ষী বাহিনীৰ সৈতে পিটিআইৰ সমৰ্থকসকলে তৰ্কত লিপ্ত হোৱা দেখা গৈছিল৷উল্লেখ্য ইমৰান খানে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত বিদেশৰ পৰা লাভ কৰা বহু উপহাৰ বিক্ৰী কৰাৰ  গোচৰৰ শুনানি চলি আছে। পাকিস্তানৰ আইন  অনুসৰি তেনে উপহাৰ নিজৰ ইচ্ছানুসৰি কোনেও বিক্ৰী কৰিব নোৱাৰে৷  পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খানে  শুনানিত ব্যক্তিগতভাৱে উপস্থিত হোৱা নাছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক
তিনিচুকীয়া  স্ক্ৰেপিং প্ৰতিষ্ঠানত চুৰি ডাম্পাৰ উদ্ধাৰৰ অভিযোগ
পাকিস্তানলৈ বোৱা সিন্ধুৰ জলধাৰাৰ গতি পৰিৱৰ্তন কৰিব ৰাজস্থানলৈ
'অপাৰেশ্যন সিন্দূৰ' শেষ হোৱা নাই, সন্ত্রাসবাদীক সমর্থন দি থাকিলে পৰিণাম বিষম হ'ব: ৰাজনাথ সিং
এইবাৰ নিষিদ্ধ গো-মাংস উদ্ধাৰ কামৰূপৰ মদন কামদেৱ দেৱালয়ৰ সমীপত
'চিটি চেণ্টাৰ'ৰ খাদ্য বিপণীৰ নুডলছত ওলাল নিষিদ্ধ মাংস
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত