--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা গৈছে। খবৰ অনুসৰি তেওঁক ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ সন্মুখত গ্ৰেপ্তাৰ কৰা হৈছে। পাকিস্তানৰ একাংশ স্থানীয়  সংবাদ মাধ্যমে খান গ্ৰেপ্তাৰ হোৱা বুলি দাবী কৰিছে। 

ভূমি কেলেংকাৰী সম্পৰ্কীয় এটা গোচৰত দেশ খনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জনক  গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা হৈছে। খানক গ্ৰেপ্তাৰৰ পিছতে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদ এক প্ৰকাৰৰ  যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছে। সংঘৰ্ষত ইমৰান খানৰ অধিবক্তাজনো  গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰকৃততে কি ঘটিছিল? খবৰ অনুসৰি ইমৰান খানে আজি এটা গোচৰৰ বাবে আদালতলৈ অহাৰ পিছতে  তেওঁক পাকিস্তান ৰেঞ্জাৰে  আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰে। 

আদালতৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে তেওঁক পাকিস্তান ৰেঞ্জাৰে ঘেৰি ধৰিছিল। তাৰ পিছত তেওঁক এখন গাড়ীত তুলি কোনো এক অজ্ঞাত স্থানলৈ লৈ যোৱা হয় বুলি জানিব পৰা গৈছে। গ্ৰেপ্তাৰৰ সময়ত পিটিআইৰ সমৰ্থক আৰু সাধাৰণ মানুহে পাকিস্তান ৰেঞ্জাৰক বাধা প্ৰদান কৰাত  আদালত চৌহদ  যুদ্ধক্ষেত্ৰলৈ পৰিণত হয়।

ইমৰান খানক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে বহু পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পিটিআইৰ এগৰাকী নেতা মুছাৰাত চিমাই এটা ভিডিঅ' বাৰ্তাত কোৱা শুনা গৈছে, "তেওঁলোকে ইমৰান খানক অত্যাচাৰ কৰিছে। তেওঁলোকে খানক প্ৰহাৰ কৰিছে।’’

উল্লেখ্য পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক কিছুদিন আগতে সাময়িক সকাহ দিছিল আদালতে। বেলুচিস্তান উচ্চ ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই) দলৰ মুৰব্বী ইমৰান খানৰ বিৰুদ্ধে জাৰি কৰা জামিন অযোগ্য গ্ৰেপ্তাৰ পৰোৱানা স্থগিত ৰাখিছিল। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জনে দিয়া উচটনিমূলক  ভাষণৰ ক্ষেত্ৰত অস্থায়ী সকাহ প্ৰদান কৰিছিল।

সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিসকলৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগত  কোৱেটা চহৰৰ এগৰাকী  ন্যায়াধীশে ইমৰানৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল। তেওঁ ইমৰানক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল। ইমৰানে উচ্চ ন্যায়ালয়ত উক্ত আদেশৰ বিৰুদ্ধে আবেদন  কৰিছিল। উচ্চ ন্যায়ালয়ে আৱেদনখন মঞ্জুৰ কৰি গ্ৰেপ্তাৰী পৰোৱানাত স্থগিতাদেশ জাৰি কৰিছিল। উল্লেখ্য পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত আহি পৰিছে  প্ৰচণ্ড চাপ। 

পূৰ্বেও আৰক্ষীয়ে  খানক  গ্ৰেপ্তাৰ কৰিবলৈ লাহোৰত উপস্থিত হৈছিল৷ ইছলামাবাদৰ পৰা যোৱা আৰক্ষীৰ বিশাল দলে লাহোৰত থকা ইমৰানৰ ঘৰত উপস্থিত হোৱাৰ পিছতে পিটিআইৰ সমৰ্থকসকলে আৰক্ষীক বাধা দিছিল৷   পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে  গ্ৰেপ্তাৰ পৰোৱানা লৈ উপস্থিত হোৱা বৃহৎ আৰক্ষী বাহিনীৰ সৈতে পিটিআইৰ সমৰ্থকসকলে তৰ্কত লিপ্ত হোৱা দেখা গৈছিল৷উল্লেখ্য ইমৰান খানে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত বিদেশৰ পৰা লাভ কৰা বহু উপহাৰ বিক্ৰী কৰাৰ  গোচৰৰ শুনানি চলি আছে। পাকিস্তানৰ আইন  অনুসৰি তেনে উপহাৰ নিজৰ ইচ্ছানুসৰি কোনেও বিক্ৰী কৰিব নোৱাৰে৷  পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খানে  শুনানিত ব্যক্তিগতভাৱে উপস্থিত হোৱা নাছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য