--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯২ বছৰ বয়সত মৃত্যু হৈছে মাৰিঅ’ জাগালোৰ। এইগৰাকী ব্ৰাজিলৰ ফুটবলাৰ ফুটবলাৰ আৰু প্ৰশিক্ষক হিচাপে চাৰিবাৰকৈ বিশ্বকাপ জয় কৰিছিল। জাগালোৰ ইনষ্টাগ্ৰাম পোষ্টত তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰা হয়।

ফুটবলাৰ আৰু প্ৰশিক্ষক হিচাপে প্ৰথমে বিশ্বকাপ জয়ৰ অভিলেখ গঢ়িছিল জাগালো। ১৯৫৮ আৰু ১৯৬২ চনত ফুটবল খেলুৱৈ হিচাপে ব্ৰাজিলৰ হৈ বিশ্বকাপ জয় কৰিছিল। ১৯৭০ চনত ব্ৰাজিলৰ প্ৰশিক্ষক হিচাপে তেওঁ বিশ্বকাপ জয় কৰিছিল। ৩৮ বছৰ বয়সত তেওঁ প্ৰশিক্ষক হিচাপে বিশ্বকাপ জয় কৰিছিল। বিশ্বকাপ জয় কৰা দ্বিতীয় কনিষ্ঠ প্ৰশিক্ষক জাগালো। ১৯৯৪ চনত ব্ৰাজিলৰ বিশ্বকাপ বিজয়ী দলৰ সহকাৰী পৰিচালক আছিল।

পেলেৰ মৃত্যুৰ পিছত ১৯৫৮ চনৰ বিশ্বকাপ বিজয়ী ব্ৰাজিল দলৰ শেষৰজন জীৱিত খেলুৱৈ আছিল জাগালো। শনিবাৰে তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰা এটা পোষ্টত লিখা আছিল, ‘বিশ্বকাপ বিজয়ী মাৰিঅ’ জাগালোৰ মৃত্যু হোৱাটো দুখৰ বিষয়। তেওঁ নিজৰ পৰিয়ালটোক অপৰিসীমভাৱে ভাল পাইছিল। তেখেতৰ মৃত্যুত আমি দুখী। তেওঁৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত আমি উপভোগ কৰিছিলোঁ।”

জাগালোৰ জন্ম হৈছিল ১৯৩১ চনত। সেনাবাহিনীতো যোগদান কৰিলে। ১৯৫০ চনৰ বিশ্বকাপত মাৰাকানা ষ্টেডিয়ামত গাৰ্ড হিচাপে উপস্থিত আছিল জাগালো। ৮ বছৰৰ পিছত তেওঁ পেলেৰ সতীৰ্থ হিচাপে খেলি ব্ৰাজিলক বিশ্বকাপ আনিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement