--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯২ বছৰ বয়সত মৃত্যু হৈছে মাৰিঅ’ জাগালোৰ। এইগৰাকী ব্ৰাজিলৰ ফুটবলাৰ ফুটবলাৰ আৰু প্ৰশিক্ষক হিচাপে চাৰিবাৰকৈ বিশ্বকাপ জয় কৰিছিল। জাগালোৰ ইনষ্টাগ্ৰাম পোষ্টত তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰা হয়।

ফুটবলাৰ আৰু প্ৰশিক্ষক হিচাপে প্ৰথমে বিশ্বকাপ জয়ৰ অভিলেখ গঢ়িছিল জাগালো। ১৯৫৮ আৰু ১৯৬২ চনত ফুটবল খেলুৱৈ হিচাপে ব্ৰাজিলৰ হৈ বিশ্বকাপ জয় কৰিছিল। ১৯৭০ চনত ব্ৰাজিলৰ প্ৰশিক্ষক হিচাপে তেওঁ বিশ্বকাপ জয় কৰিছিল। ৩৮ বছৰ বয়সত তেওঁ প্ৰশিক্ষক হিচাপে বিশ্বকাপ জয় কৰিছিল। বিশ্বকাপ জয় কৰা দ্বিতীয় কনিষ্ঠ প্ৰশিক্ষক জাগালো। ১৯৯৪ চনত ব্ৰাজিলৰ বিশ্বকাপ বিজয়ী দলৰ সহকাৰী পৰিচালক আছিল।

পেলেৰ মৃত্যুৰ পিছত ১৯৫৮ চনৰ বিশ্বকাপ বিজয়ী ব্ৰাজিল দলৰ শেষৰজন জীৱিত খেলুৱৈ আছিল জাগালো। শনিবাৰে তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰা এটা পোষ্টত লিখা আছিল, ‘বিশ্বকাপ বিজয়ী মাৰিঅ’ জাগালোৰ মৃত্যু হোৱাটো দুখৰ বিষয়। তেওঁ নিজৰ পৰিয়ালটোক অপৰিসীমভাৱে ভাল পাইছিল। তেখেতৰ মৃত্যুত আমি দুখী। তেওঁৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত আমি উপভোগ কৰিছিলোঁ।”

জাগালোৰ জন্ম হৈছিল ১৯৩১ চনত। সেনাবাহিনীতো যোগদান কৰিলে। ১৯৫০ চনৰ বিশ্বকাপত মাৰাকানা ষ্টেডিয়ামত গাৰ্ড হিচাপে উপস্থিত আছিল জাগালো। ৮ বছৰৰ পিছত তেওঁ পেলেৰ সতীৰ্থ হিচাপে খেলি ব্ৰাজিলক বিশ্বকাপ আনিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু