--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মৰক্কোত সংঘটিত বিধ্বংসী ভূমিকম্পৰ বিভীষিকা এতিয়াও মাৰ যোৱা নাই৷ ২০০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে এই ভূমিকম্পত৷ 

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি উত্তৰ আফ্ৰিকাৰ এই অংশত বিগত এটা শতিকাত এনেধৰণৰ বৃহৎ ভূমিকম্প হোৱা নাই। মৰক্কোৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ মাৰাকেছৰ পৰা ৭১ কিলোমিটাৰ দক্ষিণ-পশ্চিমে ভূপৃষ্ঠৰ পৰা ১৮.৫ কিলোমিটাৰ তলত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ।

এই বিধ্বংসী ভূমিকম্পৰ পাছত আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে ফুটবলৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে৷ ৰোনাল্ডোৱে তেওঁৰ হোটেল পেষ্টানা চিআৰ7 প্ৰয়োজন হোৱা লোকসকলৰ বাবে মুকলি ৰাখিছে। এই শোকাৱহ ভূমিকম্পৰ পাছত ফুটবলাৰজনে আফ্ৰিকান ৰাষ্ট্ৰৰ বাবে মহৎ কাম কৰি মানৱতাৰ মহান দৃষ্টান্ত দাঙি ধৰিছে৷

এইটো মন কৰিবলগীয়া যে তাৰকা ফুটবলাৰজনে প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা আক্ৰান্ত ভুক্তভোগীসকলক সহায় কৰিবলৈ আগবাঢ়ি অহা কাৰ্য এয়াই প্ৰথম নহয়। তেওঁ পূৰ্বে তুৰস্ক-চিৰিয়াৰ লোকসকললৈও ভূমিকম্পৰ সময়ত সহায়ৰ হাত আগবঢ়াইছিল৷

মাৰাকেচৰ উপকণ্ঠত অৱস্থিত ৰোনাল্ডোৰ হোটেলখনক ফ’ৰ ষ্টাৰ দিয়া হৈছে আৰু ইয়াত পুল, ফিটনেছ চেণ্টাৰ, ৰেষ্টুৰেণ্ট আৰু টেৰেছকে ধৰি অসংখ্য সুবিধা আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা