--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন মৃত্যুদূতৰূপী বাছ! এই অভিশপ্ত বাছৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে ৬জনকৈ লোকে আৰু গুৰুতৰভাৱে আহত হল ১২জনৰো অধিক লোক। উত্তৰ প্ৰদেশৰ কানপুৰত দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ইলেক্ট্ৰিক বাছে চহৰখনৰ বাবুপুৰৱা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত তাতমিল চাৰিআলিৰ ওচৰত কেইবাজনো লোকক মহতিয়াই নিয়ে। দ্ৰুতবেগী অনিয়ন্ত্ৰিত বৈদ্যুতিক বাছখনে ৰাস্তাৰ মাজেৰে পাৰ হৈ যোৱা বহুতো পথচাৰীক মহতিয়াই লৈ যায়। তাৰপাছত অনিয়ন্ত্ৰিত ই-বাছখনে ট্ৰেফিক পইণ্ট ভাঙি এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ই-বাছখনে প্ৰথমে এখন চুইফ্ট গাড়ী, তাৰ পিছত দুখন বাইক, দুখন স্কুটি, এখন টেম্পো, এখন জেন গাড়ী আৰু তাৰ পিছত ডাম্পাৰক খুন্দা মাৰে। বাছখনৰ চকাত পিষ্ট হৈ ৬ জন লোক নিহত হয় আৰু ১২ৰো অধিক লোক আহত হয়। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে আটাইকেইজন আহতক ওচৰৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাইছে। আহতসকলৰ বহু কেইজনৰ অৱস্থা সংকটজনক। ভয়ংকৰ পথ দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি বহুতো গণ্য-মান্য ব্যক্তিয়ে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শোক প্ৰকাশ কৰি কয়, “কানপুৰত বাছ দুৰ্ঘটনাত বহুলোক হতাহত হোৱাৰ খবৰ পাই গভীৰ ভাৱে দুখিত।এই ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালবোৰলৈ মোৰ গভীৰ সমবেদনা। মই আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছো।” কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও ঘটনাটোত শোক প্ৰকাশ কৰি কয় “কানপুৰৰ পথ দুৰ্ঘটনা অতি দুখজনক। মৃতকৰ পৰিয়াললৈ মই গভীৰ সমবেদনা জনাইছোঁ। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে আঘাতপ্ৰাপ্তসকলে সোনকালেই আৰোগ্য লাভ কৰক।” মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, “কানপুৰত সংঘটিত পথ দুৰ্ঘটনাত লোকসকলৰ মৃত্যু অত্যন্ত দুখজনক। ভগৱানে মৃতকৰ আত্মাক তেওঁৰ শ্ৰী চৰণত স্থান দিয়ক আৰু শোকসন্তপ্ত পৰিয়ালক এই অত্যাধিক কষ্ট সহ্য কৰাৰ শক্তি দিয়ক। উল্লেখ্য যে আহতসকলক সকলো প্ৰকাৰৰ চিকিৎসা সহায় আগবঢ়াবলৈ প্ৰশাসনক নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে এতিয়া বাছ চালকজনৰ বিষয়ে জানিবলৈ সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰি আছে। এখন এজাহাৰ পঞ্জীয়ন কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আৰক্ষীয়ে তাত স্থাপন কৰা চিচিটিভি কেমেৰাৰ ফুটেজো স্কেন কৰি আছে। প্ৰাৰম্ভিক অনুসন্ধানত বাছ চালকজনৰ দোষ পোৱা গৈছে। বাকী অনুসন্ধানৰ পিছত তথ্যবোৰ স্পষ্ট হ'ব। আৰু পঢ়কঃ জীৱনে বিচাৰে কি? অট্টালিকাৰ ৬০মহলাৰ পৰা জঁপিয়াই আত্মহত্যা প্ৰাক্তন Miss USAৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement