--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন মৃত্যুদূতৰূপী বাছ! এই অভিশপ্ত বাছৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে ৬জনকৈ লোকে আৰু গুৰুতৰভাৱে আহত হল ১২জনৰো অধিক লোক। উত্তৰ প্ৰদেশৰ কানপুৰত দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ইলেক্ট্ৰিক বাছে চহৰখনৰ বাবুপুৰৱা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত তাতমিল চাৰিআলিৰ ওচৰত কেইবাজনো লোকক মহতিয়াই নিয়ে। দ্ৰুতবেগী অনিয়ন্ত্ৰিত বৈদ্যুতিক বাছখনে ৰাস্তাৰ মাজেৰে পাৰ হৈ যোৱা বহুতো পথচাৰীক মহতিয়াই লৈ যায়। তাৰপাছত অনিয়ন্ত্ৰিত ই-বাছখনে ট্ৰেফিক পইণ্ট ভাঙি এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ই-বাছখনে প্ৰথমে এখন চুইফ্ট গাড়ী, তাৰ পিছত দুখন বাইক, দুখন স্কুটি, এখন টেম্পো, এখন জেন গাড়ী আৰু তাৰ পিছত ডাম্পাৰক খুন্দা মাৰে। বাছখনৰ চকাত পিষ্ট হৈ ৬ জন লোক নিহত হয় আৰু ১২ৰো অধিক লোক আহত হয়। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে আটাইকেইজন আহতক ওচৰৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাইছে। আহতসকলৰ বহু কেইজনৰ অৱস্থা সংকটজনক। ভয়ংকৰ পথ দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি বহুতো গণ্য-মান্য ব্যক্তিয়ে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শোক প্ৰকাশ কৰি কয়, “কানপুৰত বাছ দুৰ্ঘটনাত বহুলোক হতাহত হোৱাৰ খবৰ পাই গভীৰ ভাৱে দুখিত।এই ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালবোৰলৈ মোৰ গভীৰ সমবেদনা। মই আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছো।” কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও ঘটনাটোত শোক প্ৰকাশ কৰি কয় “কানপুৰৰ পথ দুৰ্ঘটনা অতি দুখজনক। মৃতকৰ পৰিয়াললৈ মই গভীৰ সমবেদনা জনাইছোঁ। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে আঘাতপ্ৰাপ্তসকলে সোনকালেই আৰোগ্য লাভ কৰক।” মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, “কানপুৰত সংঘটিত পথ দুৰ্ঘটনাত লোকসকলৰ মৃত্যু অত্যন্ত দুখজনক। ভগৱানে মৃতকৰ আত্মাক তেওঁৰ শ্ৰী চৰণত স্থান দিয়ক আৰু শোকসন্তপ্ত পৰিয়ালক এই অত্যাধিক কষ্ট সহ্য কৰাৰ শক্তি দিয়ক। উল্লেখ্য যে আহতসকলক সকলো প্ৰকাৰৰ চিকিৎসা সহায় আগবঢ়াবলৈ প্ৰশাসনক নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে এতিয়া বাছ চালকজনৰ বিষয়ে জানিবলৈ সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰি আছে। এখন এজাহাৰ পঞ্জীয়ন কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আৰক্ষীয়ে তাত স্থাপন কৰা চিচিটিভি কেমেৰাৰ ফুটেজো স্কেন কৰি আছে। প্ৰাৰম্ভিক অনুসন্ধানত বাছ চালকজনৰ দোষ পোৱা গৈছে। বাকী অনুসন্ধানৰ পিছত তথ্যবোৰ স্পষ্ট হ'ব। আৰু পঢ়কঃ জীৱনে বিচাৰে কি? অট্টালিকাৰ ৬০মহলাৰ পৰা জঁপিয়াই আত্মহত্যা প্ৰাক্তন Miss USAৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত