--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমথুৰাৰ মন্দিৰত জন্মাষ্টমী উদযাপনৰ কৰুণ পৰিণাম। ভিৰৰ কাৰণে শ্বাসৰুদ্ধ হোৱাৰ ফলত কমেও দুজন লোকে প্ৰাণ হেৰুৱাইছে।  উত্তৰ প্ৰদেশ আৰক্ষীয়ে শনিবাৰে এই কথা প্ৰকাশ কৰিছে।উল্লেখ্য সমগ্ৰ দেশতে শুক্ৰবাৰে জন্মাষ্টমী উদযাপন কৰিছে। জন্মাষ্টমী উদযাপনৰ সময়তে  মথুৰাৰ মন্দিৰত শোকাৱহ ঘটনাটো ঘটনা সংঘটিত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, কৃষ্ণাৰ জন্মদিন উপলক্ষ্যে মাজনিশা মথুৰাৰ বাঙ্কেৰ বিহাৰী মন্দিৰত ধুমধামেৰে আৰতি কৰা হৈছিল। হাজাৰ হাজাৰ লোকে ভাগ লোৱা আৰতিৰ সময়ত মন্দিৰত যেন ভৰি থবলৈও ঠাইৰ অভাৱ হৈছিল।  

সেই ভিৰৰ মাজতে দুজন ভক্তৰ শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে। মথুৰাৰ এজন জ্যেষ্ঠ বিষয়াই কয়, "জন্মাষ্টমী উপলক্ষে নিশা মন্দিৰত ভক্তৰ সংখ্যা হঠাতে বৃদ্ধি পাইছিল। দৰাচলতে, আৰতি চাবলৈ মন্দিৰ চৌহদত বহু মানুহ গোট খাবলৈ আৰম্ভ কৰিছিল। তাতেই ভিৰৰ মাজত  উশাহ-নিশাহৰ সমস্যাৰ বাবে এগৰাকী মহিলা আৰু এজন পুৰুষৰ মৃত্যু হয়।"

ছয়জন লোকগুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। তেওঁলোকক বৰ্তমান চিকিৎসালয়ত চিকিৎসা কৰা কৰি থকা হৈছে।

শ্ৰী কৃষ্ণৰ জন্মস্থান মথুৰাত প্ৰতিবছৰে জন্মাষ্টমীৰ সময়ত দেশ-বিদেশৰ অগণন ভক্তৰ ভিৰ হয়। কেৱল দেশৰ বিভিন্ন প্ৰান্তৰ পৰাই নহয়, বহু বিদেশী ভক্তও মথুৰালৈ আহে আৰু 'হৰে কৃষ্ণ হৰে ৰাম'ৰ ছন্দত আত্মহাৰা হৈ পৰে। কৰোনা কালৰ পিছত এইবাৰ জন্মাষ্টমীত তুলনামূলকভাৱে বেছি ভিৰ হৈছিল। উত্তৰ প্ৰদেশ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও মন্দিৰ দৰ্শন কৰে।মাজনিশা মংগল আৰতিৰ সময়ত ঘটা  দুৰ্ঘটনাটোৱে ভক্তৰ মাজত শোকৰ ছাঁ পেলাইছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ