--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমথুৰাৰ মন্দিৰত জন্মাষ্টমী উদযাপনৰ কৰুণ পৰিণাম। ভিৰৰ কাৰণে শ্বাসৰুদ্ধ হোৱাৰ ফলত কমেও দুজন লোকে প্ৰাণ হেৰুৱাইছে।  উত্তৰ প্ৰদেশ আৰক্ষীয়ে শনিবাৰে এই কথা প্ৰকাশ কৰিছে।উল্লেখ্য সমগ্ৰ দেশতে শুক্ৰবাৰে জন্মাষ্টমী উদযাপন কৰিছে। জন্মাষ্টমী উদযাপনৰ সময়তে  মথুৰাৰ মন্দিৰত শোকাৱহ ঘটনাটো ঘটনা সংঘটিত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, কৃষ্ণাৰ জন্মদিন উপলক্ষ্যে মাজনিশা মথুৰাৰ বাঙ্কেৰ বিহাৰী মন্দিৰত ধুমধামেৰে আৰতি কৰা হৈছিল। হাজাৰ হাজাৰ লোকে ভাগ লোৱা আৰতিৰ সময়ত মন্দিৰত যেন ভৰি থবলৈও ঠাইৰ অভাৱ হৈছিল।  

সেই ভিৰৰ মাজতে দুজন ভক্তৰ শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে। মথুৰাৰ এজন জ্যেষ্ঠ বিষয়াই কয়, "জন্মাষ্টমী উপলক্ষে নিশা মন্দিৰত ভক্তৰ সংখ্যা হঠাতে বৃদ্ধি পাইছিল। দৰাচলতে, আৰতি চাবলৈ মন্দিৰ চৌহদত বহু মানুহ গোট খাবলৈ আৰম্ভ কৰিছিল। তাতেই ভিৰৰ মাজত  উশাহ-নিশাহৰ সমস্যাৰ বাবে এগৰাকী মহিলা আৰু এজন পুৰুষৰ মৃত্যু হয়।"

ছয়জন লোকগুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। তেওঁলোকক বৰ্তমান চিকিৎসালয়ত চিকিৎসা কৰা কৰি থকা হৈছে।

শ্ৰী কৃষ্ণৰ জন্মস্থান মথুৰাত প্ৰতিবছৰে জন্মাষ্টমীৰ সময়ত দেশ-বিদেশৰ অগণন ভক্তৰ ভিৰ হয়। কেৱল দেশৰ বিভিন্ন প্ৰান্তৰ পৰাই নহয়, বহু বিদেশী ভক্তও মথুৰালৈ আহে আৰু 'হৰে কৃষ্ণ হৰে ৰাম'ৰ ছন্দত আত্মহাৰা হৈ পৰে। কৰোনা কালৰ পিছত এইবাৰ জন্মাষ্টমীত তুলনামূলকভাৱে বেছি ভিৰ হৈছিল। উত্তৰ প্ৰদেশ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও মন্দিৰ দৰ্শন কৰে।মাজনিশা মংগল আৰতিৰ সময়ত ঘটা  দুৰ্ঘটনাটোৱে ভক্তৰ মাজত শোকৰ ছাঁ পেলাইছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু