--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ তুংগত বিজেপিৰ৷ ১০ নৱেম্বৰত ৰাঁচীৰ ৰাটু ৰোডত বিজেপি প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে ৰোড শ্ব’ অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ৰোড শ্ব’ৰ পূৰ্বে ৰাঁচীৰ ৰাটু ৰোডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঐতিহাসিক আদৰণি জনোৱা হ’ব আৰু প্ৰধানমন্ত্ৰীক ৫০১ গৰাকী ব্ৰাহ্মণে শংখ ধ্বনীৰে আশীৰ্বাদ দিব বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেথে সদৰি কৰিছে৷

২০২৪ৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচন পূৰ্বে দেওবাৰে ৰাঁচীত প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠিত কৰিব এক গ্ৰেণ্ড ৰোড শ্ব’। বিয়লি ৪ বজাৰ পৰা অ'টিচি খেলপথাৰৰ পৰা আৰম্ভ হ'বলগীয়া এই ৰোড শ্ব'ত ৰাঁচীৰ আশে-পাশে থকা অঞ্চলৰ পৰা ২০ হাজাৰৰো অধিক বাইক আৰোহীয়ে প্ৰধানমন্ত্ৰীক আদৰণি জনাই ৰাঁচীলৈ আহিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰম্পৰাগত ছৌ নৃত্যৰ জৰিয়তে  আদৰণি জনাব শিল্পীসকলে। ৫০১গৰাকী ব্ৰাহ্মণে শংখ ধ্বনীৰে আশীৰ্বাদ প্ৰাদান কৰিব। বিভিন্ন স্থানত, বিভিন্ন মঞ্চৰ পৰা প্ৰধানমন্ত্ৰীক পৰম্পৰাগত ৰীতিৰে আদৰণি জনোৱা হ’ব বুলি জানিব পৰা গৈছে৷ প্ৰধানমন্ত্ৰীগৰাকীক অভূতপূৰ্ব আদৰণি জনাবলৈ সাজু শিখ সম্প্ৰদায়ৰ লোক সকলো। ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাঁচীবাসীয়ে এক উষ্ম আদৰণি জনাইছিল। আকৌ এবাৰ ৰাঁচীবাসী আৰু বিজেপি কৰ্মী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ উচ্ছ্বসিত হৈ পৰা পৰিলক্ষিত হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু