--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ তুংগত বিজেপিৰ৷ ১০ নৱেম্বৰত ৰাঁচীৰ ৰাটু ৰোডত বিজেপি প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে ৰোড শ্ব’ অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ৰোড শ্ব’ৰ পূৰ্বে ৰাঁচীৰ ৰাটু ৰোডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঐতিহাসিক আদৰণি জনোৱা হ’ব আৰু প্ৰধানমন্ত্ৰীক ৫০১ গৰাকী ব্ৰাহ্মণে শংখ ধ্বনীৰে আশীৰ্বাদ দিব বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেথে সদৰি কৰিছে৷

২০২৪ৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচন পূৰ্বে দেওবাৰে ৰাঁচীত প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠিত কৰিব এক গ্ৰেণ্ড ৰোড শ্ব’। বিয়লি ৪ বজাৰ পৰা অ'টিচি খেলপথাৰৰ পৰা আৰম্ভ হ'বলগীয়া এই ৰোড শ্ব'ত ৰাঁচীৰ আশে-পাশে থকা অঞ্চলৰ পৰা ২০ হাজাৰৰো অধিক বাইক আৰোহীয়ে প্ৰধানমন্ত্ৰীক আদৰণি জনাই ৰাঁচীলৈ আহিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰম্পৰাগত ছৌ নৃত্যৰ জৰিয়তে  আদৰণি জনাব শিল্পীসকলে। ৫০১গৰাকী ব্ৰাহ্মণে শংখ ধ্বনীৰে আশীৰ্বাদ প্ৰাদান কৰিব। বিভিন্ন স্থানত, বিভিন্ন মঞ্চৰ পৰা প্ৰধানমন্ত্ৰীক পৰম্পৰাগত ৰীতিৰে আদৰণি জনোৱা হ’ব বুলি জানিব পৰা গৈছে৷ প্ৰধানমন্ত্ৰীগৰাকীক অভূতপূৰ্ব আদৰণি জনাবলৈ সাজু শিখ সম্প্ৰদায়ৰ লোক সকলো। ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাঁচীবাসীয়ে এক উষ্ম আদৰণি জনাইছিল। আকৌ এবাৰ ৰাঁচীবাসী আৰু বিজেপি কৰ্মী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ উচ্ছ্বসিত হৈ পৰা পৰিলক্ষিত হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ