--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘মই মুছলমান বাবেই মোক মন্ত্ৰী পদৰ পৰা বাহিৰ কৰিলে’ এই ভয়ংকৰ অভিযোগ ব্ৰিটেইনৰ মন্ত্ৰীসভাৰ এগৰাকী নেত্ৰীৰ। নেত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতেই তোলপাৰ লাগিছে ব্ৰিটেইনৰ ৰাজনৈতিক মহলত। ৪৯ বৰ্ষীয় নেত্ৰীগৰাকীৰ নাম নুছৰত গনী। নুছৰত গনীক ২০২০ চনত ব্ৰিটেইনৰ মন্ত্ৰীসভাৰ পৰা বাহিৰ কৰা হৈছিল। নুৰছত গনী পাকিস্তানীয় মূলৰ। আনহাতে প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু তেখেতৰ মন্ত্ৰীসভাই এই অভিযোগ নস্যাৎ কৰিছে। প্ৰধানমন্ত্ৰী বৰিছ জনছনে কয় যে ''তেওঁলোকৰ দলে কোনোদিনে কোনো মানুহৰ মাজত কোনোধৰণৰ ভেদ-ভাৱ কৰা নাই।নুছৰত গনীয়ে এয়া মনে সজা কথা কৈছে। এয়া সম্পূৰ্ণ মিছা অপবাদ।'' উল্লেখ্য নুছৰত গনীক ২০২০ চনত ব্ৰিটেইনৰ পৰিবহন মন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল। নুছৰত গনীয়ে ইয়াৰ পাছত এখন সভাত কয় যে তেওঁ মুছলমান হোৱা বাবেই বৰিছ জনছনে এই সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ মুছলমান হোৱাৰ বাবেই সহকৰ্মী সকলে অস্বস্তি অনুভৱ কৰে। সেয়ে তেওঁক মন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল। ইয়াৰ পাছতেই বহুতেই নুৰছত গনীলৈ আঙুলি টোৱাই কয় যে যদিহে ব্ৰিটেইন চৰকাৰে এনে এটা নিকৃষ্ট কাম কৰিছিলেই তেন্তে তেওঁ তেতিয়াই মাত নামাতি এতিয়া মাত মতাৰ কাৰণ কি? সেই প্ৰশ্নত নুৰছতে কয় যে সেই সময়ত এগৰাকী মহিলা হিচাপে তেওঁ অপমানিত আৰু শক্তিহীন অনুভৱ কৰিছিল। তেওঁক কোনোৱে লগ নিদিব আৰু সম্পূৰ্ণ কেৰিয়াৰেই ধ্বংস হৈ যাব বুলি ভয় খাইছিল। নুৰছত গনীৰ এই মন্তব্যৰ তদন্ত কৰাটো বিচাৰিছে অন্য ৰাজনৈতিক দলসমূহে। শাসনৰ গাদীত থকা বৰিছ জনছন চৰকাৰক এনেদৰে কৈ নুৰছত গনীয়ে একপ্ৰকাৰ অপমান কৰা বুলি নেত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ তুলিছে একাংশই। উল্লেখ্য যে ২০১৮ চনত বাতৰি কাকতৰ এক স্তম্ভলেখাত বৰিছ জনছনে বোৰ্খা পিন্ধা মুছলমান মহিলাসকলক 'লেটাৰ বক্স' আৰু 'বেংক ডকাইত'ৰ দৰে দেখায় বুলি লিখি ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল। আৰু পঢ়কঃ ১০ টকা আছেনে?গাড়ী কিনিবলৈ যোৱা কৃষকক ছেলছমেনৰ ঠাট্টা; ১০ লাখ টকা লৈ হাজিৰ কৃষক

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ