--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘মই মুছলমান বাবেই মোক মন্ত্ৰী পদৰ পৰা বাহিৰ কৰিলে’ এই ভয়ংকৰ অভিযোগ ব্ৰিটেইনৰ মন্ত্ৰীসভাৰ এগৰাকী নেত্ৰীৰ। নেত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতেই তোলপাৰ লাগিছে ব্ৰিটেইনৰ ৰাজনৈতিক মহলত। ৪৯ বৰ্ষীয় নেত্ৰীগৰাকীৰ নাম নুছৰত গনী। নুছৰত গনীক ২০২০ চনত ব্ৰিটেইনৰ মন্ত্ৰীসভাৰ পৰা বাহিৰ কৰা হৈছিল। নুৰছত গনী পাকিস্তানীয় মূলৰ। আনহাতে প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু তেখেতৰ মন্ত্ৰীসভাই এই অভিযোগ নস্যাৎ কৰিছে। প্ৰধানমন্ত্ৰী বৰিছ জনছনে কয় যে ''তেওঁলোকৰ দলে কোনোদিনে কোনো মানুহৰ মাজত কোনোধৰণৰ ভেদ-ভাৱ কৰা নাই।নুছৰত গনীয়ে এয়া মনে সজা কথা কৈছে। এয়া সম্পূৰ্ণ মিছা অপবাদ।'' উল্লেখ্য নুছৰত গনীক ২০২০ চনত ব্ৰিটেইনৰ পৰিবহন মন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল। নুছৰত গনীয়ে ইয়াৰ পাছত এখন সভাত কয় যে তেওঁ মুছলমান হোৱা বাবেই বৰিছ জনছনে এই সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ মুছলমান হোৱাৰ বাবেই সহকৰ্মী সকলে অস্বস্তি অনুভৱ কৰে। সেয়ে তেওঁক মন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল। ইয়াৰ পাছতেই বহুতেই নুৰছত গনীলৈ আঙুলি টোৱাই কয় যে যদিহে ব্ৰিটেইন চৰকাৰে এনে এটা নিকৃষ্ট কাম কৰিছিলেই তেন্তে তেওঁ তেতিয়াই মাত নামাতি এতিয়া মাত মতাৰ কাৰণ কি? সেই প্ৰশ্নত নুৰছতে কয় যে সেই সময়ত এগৰাকী মহিলা হিচাপে তেওঁ অপমানিত আৰু শক্তিহীন অনুভৱ কৰিছিল। তেওঁক কোনোৱে লগ নিদিব আৰু সম্পূৰ্ণ কেৰিয়াৰেই ধ্বংস হৈ যাব বুলি ভয় খাইছিল। নুৰছত গনীৰ এই মন্তব্যৰ তদন্ত কৰাটো বিচাৰিছে অন্য ৰাজনৈতিক দলসমূহে। শাসনৰ গাদীত থকা বৰিছ জনছন চৰকাৰক এনেদৰে কৈ নুৰছত গনীয়ে একপ্ৰকাৰ অপমান কৰা বুলি নেত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ তুলিছে একাংশই। উল্লেখ্য যে ২০১৮ চনত বাতৰি কাকতৰ এক স্তম্ভলেখাত বৰিছ জনছনে বোৰ্খা পিন্ধা মুছলমান মহিলাসকলক 'লেটাৰ বক্স' আৰু 'বেংক ডকাইত'ৰ দৰে দেখায় বুলি লিখি ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল। আৰু পঢ়কঃ ১০ টকা আছেনে?গাড়ী কিনিবলৈ যোৱা কৃষকক ছেলছমেনৰ ঠাট্টা; ১০ লাখ টকা লৈ হাজিৰ কৃষক

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু