--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সাংবাদিকৰ ওচৰত নিজৰ চিৰপৰিচিত শান্ত-সৌম্য ৰূপৰ পৰা বিচলিত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ধৈৰ্য হেৰুৱাই তেওঁৰ মুখৰ পৰা নিৰ্গত হ’ল অপশব্দ। তাৰ পাছতে অস্বস্তিৰ সন্মুখীন হ’ল সাধাৰণতে ভদ্ৰলোক বুলি পৰিচিত জো বাইডন। ঘটনাৰ পাছতে অপ্ৰস্তুত হৈ পৰা বাইডেনে ক্ষমা বিচাৰিলে সাংবাদিকক। ডিএনএৰ খবৰ অনুসৰি বাইডেনৰ মুখৰ পৰা অপশব্দ নিৰ্গত হোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে তেওঁ সাংবাদিকগৰাকীক ফোন কৰি ক্ষমা খুজিবলৈ বাধ্য হ’ল। তেওঁ সাংবাদিকগৰাকীলৈ ফোন কৰি ক্ষমা খোজাৰ লগতে এয়া ব্যক্তিগত নাছিল বুলিও স্পষ্টীকৰণ দিয়ে। উল্লেখ্য যে, বিগত ২৪ জানুৱাৰীত এই ঘটনা সংঘটিত হৈছিল। এখন সংবাদমেলত সাংবাদিক পীটাৰ ডুছীয়ে প্ৰশ্ন কৰিছিল যে, দেশত ধাৰাবাহিকভাৱে বাঢ়ি অহা মূল্যবৃদ্ধিৰ মাজতে মধ্যৱৰ্তী নিৰ্বাচন অনুষ্ঠিত কৰাৰ ফলত আপোনাৰ দলৰ কিমান ক্ষতি হ’ব? এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বাইডেনৰ মুখৰ পৰা অপশব্দ নিৰ্গত হয়। তেওঁ ইয়াৰ উত্তৰ হিচাপে কয় যে তেওঁৰ দলৰ ক্ষতি নহয় বৰং লাভহে হ’ব। কিন্তু প্ৰশ্নটোৱে অতীষ্ঠ কৰি তোলা বাইডেনৰ মুখৰ পৰা নিৰ্গত হয় অপশব্দটো। তেওঁ উত্তেজিত হৈ “What a stupid son of a b*tch.” বুলি গালি পাৰিছিল। এই ঘটনাৰ পাছত হোৱাইট হাউছৰ ফালৰ পৰা যি লিখিত প্ৰতিলিপি জাৰি কৰা হয় তাতো বাইডেনৰ মুখৰ পৰা নিসৃত এই অপশব্দ নিসৃত হৈছিল। ইয়াক নিউয়ৰ্ক টাইমছ কাকতৰ হোৱাইট হাউছৰ সংবাদদাতা কেটি ৰোজৰ্ছে টুইটো কৰে। উল্লেখ্য যে, বাইডেনে ইয়াৰ পূৰ্বেও সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ ঘটনা সংঘটিত হৈছিল। যোৱা সপ্তাহতো এগৰাকী মহিলা সাংবাদিকক য়ুক্ৰেন সম্পৰ্কীয় বিষয় সন্দৰ্ভত প্ৰশ্ন কৰোঁতে তেওঁ ক্ষুব্ধ হৈ পৰিছিল আৰু এয়া বুৰ্বকামিভৰা প্ৰশ্ন বুলি আখ্যা দিছিল। মন কৰিবলগীয়া যে, জো বাইডেনৰ পূৰ্বসূৰী ড’নাল্ড ট্ৰাম্পেও সংবাদমেলত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি কুখ্যাতি অৰ্জন কৰি থৈছে। তেওঁ বিভিন্ন সাংবাদিকৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ লগতে বিভিন্ন ভুৱা তথ্য প্ৰকাশ কৰি কুখ্যাতি অৰ্জন কৰিছিল। বাইডেনৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও সেয়া নোহোৱাত বহুতেই আশ্বৰ্য প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ