--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সাংবাদিকৰ ওচৰত নিজৰ চিৰপৰিচিত শান্ত-সৌম্য ৰূপৰ পৰা বিচলিত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ধৈৰ্য হেৰুৱাই তেওঁৰ মুখৰ পৰা নিৰ্গত হ’ল অপশব্দ। তাৰ পাছতে অস্বস্তিৰ সন্মুখীন হ’ল সাধাৰণতে ভদ্ৰলোক বুলি পৰিচিত জো বাইডন। ঘটনাৰ পাছতে অপ্ৰস্তুত হৈ পৰা বাইডেনে ক্ষমা বিচাৰিলে সাংবাদিকক। ডিএনএৰ খবৰ অনুসৰি বাইডেনৰ মুখৰ পৰা অপশব্দ নিৰ্গত হোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে তেওঁ সাংবাদিকগৰাকীক ফোন কৰি ক্ষমা খুজিবলৈ বাধ্য হ’ল। তেওঁ সাংবাদিকগৰাকীলৈ ফোন কৰি ক্ষমা খোজাৰ লগতে এয়া ব্যক্তিগত নাছিল বুলিও স্পষ্টীকৰণ দিয়ে। উল্লেখ্য যে, বিগত ২৪ জানুৱাৰীত এই ঘটনা সংঘটিত হৈছিল। এখন সংবাদমেলত সাংবাদিক পীটাৰ ডুছীয়ে প্ৰশ্ন কৰিছিল যে, দেশত ধাৰাবাহিকভাৱে বাঢ়ি অহা মূল্যবৃদ্ধিৰ মাজতে মধ্যৱৰ্তী নিৰ্বাচন অনুষ্ঠিত কৰাৰ ফলত আপোনাৰ দলৰ কিমান ক্ষতি হ’ব? এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বাইডেনৰ মুখৰ পৰা অপশব্দ নিৰ্গত হয়। তেওঁ ইয়াৰ উত্তৰ হিচাপে কয় যে তেওঁৰ দলৰ ক্ষতি নহয় বৰং লাভহে হ’ব। কিন্তু প্ৰশ্নটোৱে অতীষ্ঠ কৰি তোলা বাইডেনৰ মুখৰ পৰা নিৰ্গত হয় অপশব্দটো। তেওঁ উত্তেজিত হৈ “What a stupid son of a b*tch.” বুলি গালি পাৰিছিল। এই ঘটনাৰ পাছত হোৱাইট হাউছৰ ফালৰ পৰা যি লিখিত প্ৰতিলিপি জাৰি কৰা হয় তাতো বাইডেনৰ মুখৰ পৰা নিসৃত এই অপশব্দ নিসৃত হৈছিল। ইয়াক নিউয়ৰ্ক টাইমছ কাকতৰ হোৱাইট হাউছৰ সংবাদদাতা কেটি ৰোজৰ্ছে টুইটো কৰে। উল্লেখ্য যে, বাইডেনে ইয়াৰ পূৰ্বেও সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ ঘটনা সংঘটিত হৈছিল। যোৱা সপ্তাহতো এগৰাকী মহিলা সাংবাদিকক য়ুক্ৰেন সম্পৰ্কীয় বিষয় সন্দৰ্ভত প্ৰশ্ন কৰোঁতে তেওঁ ক্ষুব্ধ হৈ পৰিছিল আৰু এয়া বুৰ্বকামিভৰা প্ৰশ্ন বুলি আখ্যা দিছিল। মন কৰিবলগীয়া যে, জো বাইডেনৰ পূৰ্বসূৰী ড’নাল্ড ট্ৰাম্পেও সংবাদমেলত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি কুখ্যাতি অৰ্জন কৰি থৈছে। তেওঁ বিভিন্ন সাংবাদিকৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ লগতে বিভিন্ন ভুৱা তথ্য প্ৰকাশ কৰি কুখ্যাতি অৰ্জন কৰিছিল। বাইডেনৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও সেয়া নোহোৱাত বহুতেই আশ্বৰ্য প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু