--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত এতিয়া সাম্প্ৰদায়িকতাবাদৰে জয়গান। ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰিত্ৰক উপহাস কৰি এতিয়া দেশত শাসকপক্ষৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত নিতৌ চলে এক নিৰ্দিষ্ট ধৰ্মৰ বিৰুদ্ধে মুকলি বিৰোধ। হিন্দুত্ববাদৰ চৰম উত্থানেৰে ভাবুকি কঢ়িয়াই অনা হৈছে ভাৰতীয় গণতন্ত্ৰলৈ। অতি সুকৌশলী পৰিকল্পনাৰে দেশত এতিয়া এই পৰিৱেশৰ সৃষ্টি কৰা হৈছে। ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ ধাৰাবাহিক কৰ্মকৌশলত নামি পৰিছে হিন্দুত্ববাদী দল-সংগঠনসমূহ। এই উদ্দেশ্যত সাৰ-পানী যোগাইছে শাসকীয় দল বিজেপি আৰু আৰ এছ এছ। দেশত এতিয়া নাগৰিকৰ প্ৰমাণ দিবলৈ উচ্চাৰণ কৰিব লাগিব জয় শ্ৰী ৰাম ধ্বনি। নতুবা যিকোনো লোকেই হৈ পৰিব পাৰে দেশদ্ৰোহী কিম্বা পাকিস্তানী। এনে দৰেই এতিয়া প্ৰায়ে দেশৰ বিভিন্ন প্ৰান্তত মুছলমান ধৰ্মাৱলম্বী লোকসকল হিন্দুত্ববাদীৰ লাঞ্চনাৰ সন্মুখীন হ’বলগীয়া হৈছে।

শেহতীয়াকৈ এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যোগীৰ উত্তৰ প্ৰদেশত। দেশৰ ভিতৰতে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি সু-শাসন আৰু সুখ-শান্তিৰ ৰাজ্য বুলি ঢাক-ঢোল কোবাই প্ৰচাৰত নামি পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী হিন্দুত্ববাদীৰ যে প্ৰথম পচন্দৰ মুখ, তাত কাৰো দ্বিমত নাই। ইতিপূৰ্বে কেইবাবাৰো মুছলমান ধৰ্মৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰি হিন্দুত্ববাদী শিবিৰৰ নয়নৰ মণি হৈ পৰিছিল যোগী। গতিকে এই যোগীৰ শাসনাধীন উত্তৰ প্ৰদেশত মুছলমান নিৰ্যাতন স্বাভাৱিকতেই এক সাধাৰণ ঘটনা। 

উত্তৰ প্ৰদেশৰ এখন গাঁৱত এনেদৰে মুছলমান নিৰ্যাতনৰ এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। তিনিজন মুছলমান ব্যক্তিক উঠা-বহা কৰাই জয় শ্ৰী ৰাম ধ্বনি উচ্চাৰণ কৰিবলৈ বাধ্য কৰোৱা ভিডিঅ’টোত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে। 

প্ৰকাশিত খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ খৰ্গুপুৰ জিলাৰ এখন গাঁৱত প্ৰৱেশ কৰা তিনিজন মুছলমান ব্যক্তিক গাঁওখনৰ একাংশ লোকে গাঁৱত প্ৰৱেশত বাধা প্ৰদান কৰে। স্থানীয় গাঁওবাসীয়ে তেওঁলোকক অপদস্থ কৰাৰ লগতে পৰিচয় পত্ৰ দেখাবলৈ দাবী ধমকি দিয়ে। ইয়াৰ পিছতে তেওঁলোকক মাটিত বহিবলৈ নিৰ্দেশ দিয়া হয় আৰু জয় শ্ৰী ৰাম উচ্চাৰণ কৰি উঠা-বহা কৰিবলৈ বাধ্য কৰোৱা হয়। 

লগতে মুছলমান লোকসকলক পুনৰ কেতিয়াও পণ্ডিত গাঁৱত প্ৰৱেশ নকৰিবলৈ সতৰ্ক কৰি দিয়ে এই গোটেই কাণ্ডটোৰ নেতৃত্ব দিয়া লোকজনে। এনে পৰিস্থিতিৰ সন্মুখীন হৈ ভয়ভীত হৈ পৰা মুছলমান লোক কেইজনে বাৰে বাৰে ক্ষমা বিচৰাও ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে।

সম্প্ৰতি এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই অসহিষ্ণু, অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক আচৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  এনে ব্যাপক বিৰোধিতাৰ ফলশ্ৰুতিত উত্তৰ প্ৰদেশ আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰিবলৈ বাধ্য হয় আৰু ঘটনাস্থলীত উপস্থিত হয়। ইতিমধ্যে ঘটনাত জড়িত এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত