--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুগল মেপে এতিয়া দেখুৱাব  আপোনাৰ এলেকাৰ বায়ুৰ মান কিমান ভাল বা বেয়া।গুগল মেপে এতিয়া নেষ্ট হাব আৰু পিক্সেল ফোনৰ দৰেই কাম কৰিব। আপোনাৰ এলেকাৰ এয়াৰ কোৱালিটি ইণ্ডেক্স (একিউআই) গুগল মেপৰ এণ্ড্ৰইড আৰু আইঅ’এছ দুয়োটা এপতে প্ৰদৰ্শিত হ'ব।

বায়ুৰ গুণগত মান জানিবলৈ  আপুনি লেয়াৰ ছেটিংছত টেপ কৰিব লাগিব য'ত ৰাজহুৱা পৰিবহন, ট্ৰেফিক, ৩ ডিৰ আৰু ষ্ট্ৰীট ভিউৰ দৰে বিকল্প উপলব্ধ হ’ব।

 আপুনি এই ছেটিংছত এয়াৰ কোৱালিটি এটা বিকল্প হিচাপে দেখা পাব আৰু ইয়াত টেপ কৰিলেই আপোনাৰ এলেকাৰ বতাহৰ একিউআই তথ্য লাভ কৰিবলৈ সক্ষম হ'ব।

আপুনি এয়াৰ কোৱালিটি বিকল্পত টেপ কৰাৰ লগে লগে, গুগল মেপে আপোনাৰ  এলেকাৰ বতাহৰ তথ্য জনাই দিব৷ গুগল মেপে আপোনাৰ এলেকাৰ বাবে কেতবোৰ বিশেষ পিন ব্যৱহাৰ কৰিব৷ 

বায়ুৰ মান কিমান ভাল বা বেয়া সেই অনুসৰি এই পিনবোৰৰ ৰং সলনি হ'ব আৰু সেইবোৰৰ এটাত টেপ কৰিলে সেই অৱস্থানৰ বাবে নিৰ্দিষ্ট তথ্য প্ৰদৰ্শন কৰিব।

 উল্লেখ্য বিশ্বৰ প্ৰদূষিত দেশ সমূহৰ মাজত ভাৰতো এখন ৷ ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীত প্ৰদূষণৰ মাত্ৰা ভয়াৱহ ভাবে বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত গুগল মেপে বায়ুৰ গুণাগুণ নিৰ্ধাৰণ কৰি দিলে সেইমতে সতৰ্ক হোৱাত সুবিধা হ’ব৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত