--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুগল মেপে এতিয়া দেখুৱাব  আপোনাৰ এলেকাৰ বায়ুৰ মান কিমান ভাল বা বেয়া।গুগল মেপে এতিয়া নেষ্ট হাব আৰু পিক্সেল ফোনৰ দৰেই কাম কৰিব। আপোনাৰ এলেকাৰ এয়াৰ কোৱালিটি ইণ্ডেক্স (একিউআই) গুগল মেপৰ এণ্ড্ৰইড আৰু আইঅ’এছ দুয়োটা এপতে প্ৰদৰ্শিত হ'ব।

বায়ুৰ গুণগত মান জানিবলৈ  আপুনি লেয়াৰ ছেটিংছত টেপ কৰিব লাগিব য'ত ৰাজহুৱা পৰিবহন, ট্ৰেফিক, ৩ ডিৰ আৰু ষ্ট্ৰীট ভিউৰ দৰে বিকল্প উপলব্ধ হ’ব।

 আপুনি এই ছেটিংছত এয়াৰ কোৱালিটি এটা বিকল্প হিচাপে দেখা পাব আৰু ইয়াত টেপ কৰিলেই আপোনাৰ এলেকাৰ বতাহৰ একিউআই তথ্য লাভ কৰিবলৈ সক্ষম হ'ব।

আপুনি এয়াৰ কোৱালিটি বিকল্পত টেপ কৰাৰ লগে লগে, গুগল মেপে আপোনাৰ  এলেকাৰ বতাহৰ তথ্য জনাই দিব৷ গুগল মেপে আপোনাৰ এলেকাৰ বাবে কেতবোৰ বিশেষ পিন ব্যৱহাৰ কৰিব৷ 

বায়ুৰ মান কিমান ভাল বা বেয়া সেই অনুসৰি এই পিনবোৰৰ ৰং সলনি হ'ব আৰু সেইবোৰৰ এটাত টেপ কৰিলে সেই অৱস্থানৰ বাবে নিৰ্দিষ্ট তথ্য প্ৰদৰ্শন কৰিব।

 উল্লেখ্য বিশ্বৰ প্ৰদূষিত দেশ সমূহৰ মাজত ভাৰতো এখন ৷ ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীত প্ৰদূষণৰ মাত্ৰা ভয়াৱহ ভাবে বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত গুগল মেপে বায়ুৰ গুণাগুণ নিৰ্ধাৰণ কৰি দিলে সেইমতে সতৰ্ক হোৱাত সুবিধা হ’ব৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক