--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিন বাগৰাৰৰ লগে লগে দেশত জল সংকটে বিভিন্ন স্থানক চুই গৈছে। শেহতীয়া এক প্ৰতিবেদন অনুসৰি  হিমালয় অঞ্চলৰ প্ৰায় ৫০ শতাংশ প্ৰাকৃতিক নিজৰা শুকাই গৈছে। ফলত নদী কাষৰীয়া হাজাৰ হাজাৰ গাঁৱৰ লোকে খোৱা পানী আৰু জলসিঞ্চনৰ বাবে প্ৰয়োজন হোৱা পানীৰ নাটনিত ভোগাৰ আশংকা কৰা হৈছে৷। নিটি আয়োগৰ মতে চিমলা আৰু ভাৰতৰ অন্যান্য পাহাৰীয়া চহৰসমূহত প্ৰায়ে সৃষ্টি হোৱা পানীৰ সংকট  হিমালয়ৰ  স্প্ৰিংবোৰ শুকাই যোৱাৰ প্ৰত্যক্ষ ফল৷

সমগ্ৰ ভাৰতত ৫ নিযুত প্ৰাকৃতিক স্প্ৰিং আছে, যাৰ ভিতৰত প্ৰায় ৩ নিযুত কেৱল হিমালয়তে আছে। ভাৰতত ২০০ নিযুতৰো অধিক লোক এনে স্প্ৰিংৰ ওপৰত নিৰ্ভৰ কৰে৷ তেওঁলোকৰ মাজৰে  ৫০ নিযুত লোকে দেশৰ ১২ খন ৰাজ্যত বাস কৰে। হিমালয়ৰ হিমবাহৰ গলন,পাহাৰীয়া অঞ্চলবোৰৰ পাৰিপাৰ্শ্বিক অৱক্ষয় আদিৰ ফলতে এনে নিজৰাবোৰ শুকাই গৈ আছে।


ইয়াৰ ফলত ভাবুকি আহিছে ব্ৰহ্মপুত্ৰলৈও৷ নিটি আয়োগৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে জল সংৰক্ষণৰ বাবে  প্ৰস্তুত কৰা প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে।নিটি আয়োগে পূৰ্বতে প্ৰকাশ কৰা প্ৰতিবেদন  অনুসৰি যিকোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ পানী ৬০ শতাংশলৈকে হ্ৰাস পাব পাৰে। ইয়াৰ অন্যতম কাৰণ হৈছে হিমালয়ৰ হিমবাহ  দ্ৰুতগতিত গলিবলৈ ধৰা তথা সংকোচন হোৱা।হিমবাহৰ এই সংকোচনৰ আঁৰত কেৱল জলবায়ুৰ পৰিবৰ্তনেই একমাত্ৰ কাৰণ নহয়।

 ভূগৰ্ভত থকা টেকট’নিক প্লেটৰ অস্বাভাৱিক উঠা-নমাৰ বাবেও গ্লেছিয়াৰসমূহ ক্ৰমশঃ খহি পৰিবলৈ আৰম্ভ কৰিছে । তিব্বতত থকা গ্লেছিয়াৰসমূহ ক্ৰমাৎ উত্তৰৰ দিশে অৰ্থাৎ চীনৰ দিশে ধীৰে ধীৰে স্থানচ্যুত হৈছে আৰু ভূগৰ্ভস্থ টেকট’নিক প্লেটকেই ইয়াৰ বাবে দায়ী কৰা হৈছে।

আনহাতে, জলবায়ুৰ পৰিবৰ্তনৰ বাবে গ্লেচিয়াৰসমূহৰ উচ্চতা বছৰি ৩২ চেণ্টিমিটাৰৰ পৰা ৮০ চেণ্টিমিটাৰলৈকে হ্ৰাস পাবলৈ ধৰিছে।এই প্ৰক্ৰিয়া চলি থাকিলে অতি কম সময়ৰ ভিতৰত অসমকে ধৰি হিমালয়ৰ পাদদেশত থকা মুঠ ১২খন ৰাজ্যৰ প্ৰায় ৫ কোটি লোকৰ জীৱন পানীৰ অভাৱত বিপদাপন্ন হৈ পৰিব পাৰে৷গংগা নদীৰ পানীৰো ৯০ শতাংশই আহে হিমালয়ৰ নিজৰাৰ পৰা৷ সেয়ে হিমালয়ৰ নিজৰা শুকাই যোৱাৰ প্ৰভাৱ গংগাৰ ওপৰতো পৰিছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান