--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিন বাগৰাৰৰ লগে লগে দেশত জল সংকটে বিভিন্ন স্থানক চুই গৈছে। শেহতীয়া এক প্ৰতিবেদন অনুসৰি  হিমালয় অঞ্চলৰ প্ৰায় ৫০ শতাংশ প্ৰাকৃতিক নিজৰা শুকাই গৈছে। ফলত নদী কাষৰীয়া হাজাৰ হাজাৰ গাঁৱৰ লোকে খোৱা পানী আৰু জলসিঞ্চনৰ বাবে প্ৰয়োজন হোৱা পানীৰ নাটনিত ভোগাৰ আশংকা কৰা হৈছে৷। নিটি আয়োগৰ মতে চিমলা আৰু ভাৰতৰ অন্যান্য পাহাৰীয়া চহৰসমূহত প্ৰায়ে সৃষ্টি হোৱা পানীৰ সংকট  হিমালয়ৰ  স্প্ৰিংবোৰ শুকাই যোৱাৰ প্ৰত্যক্ষ ফল৷

সমগ্ৰ ভাৰতত ৫ নিযুত প্ৰাকৃতিক স্প্ৰিং আছে, যাৰ ভিতৰত প্ৰায় ৩ নিযুত কেৱল হিমালয়তে আছে। ভাৰতত ২০০ নিযুতৰো অধিক লোক এনে স্প্ৰিংৰ ওপৰত নিৰ্ভৰ কৰে৷ তেওঁলোকৰ মাজৰে  ৫০ নিযুত লোকে দেশৰ ১২ খন ৰাজ্যত বাস কৰে। হিমালয়ৰ হিমবাহৰ গলন,পাহাৰীয়া অঞ্চলবোৰৰ পাৰিপাৰ্শ্বিক অৱক্ষয় আদিৰ ফলতে এনে নিজৰাবোৰ শুকাই গৈ আছে।


ইয়াৰ ফলত ভাবুকি আহিছে ব্ৰহ্মপুত্ৰলৈও৷ নিটি আয়োগৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে জল সংৰক্ষণৰ বাবে  প্ৰস্তুত কৰা প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে।নিটি আয়োগে পূৰ্বতে প্ৰকাশ কৰা প্ৰতিবেদন  অনুসৰি যিকোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ পানী ৬০ শতাংশলৈকে হ্ৰাস পাব পাৰে। ইয়াৰ অন্যতম কাৰণ হৈছে হিমালয়ৰ হিমবাহ  দ্ৰুতগতিত গলিবলৈ ধৰা তথা সংকোচন হোৱা।হিমবাহৰ এই সংকোচনৰ আঁৰত কেৱল জলবায়ুৰ পৰিবৰ্তনেই একমাত্ৰ কাৰণ নহয়।

 ভূগৰ্ভত থকা টেকট’নিক প্লেটৰ অস্বাভাৱিক উঠা-নমাৰ বাবেও গ্লেছিয়াৰসমূহ ক্ৰমশঃ খহি পৰিবলৈ আৰম্ভ কৰিছে । তিব্বতত থকা গ্লেছিয়াৰসমূহ ক্ৰমাৎ উত্তৰৰ দিশে অৰ্থাৎ চীনৰ দিশে ধীৰে ধীৰে স্থানচ্যুত হৈছে আৰু ভূগৰ্ভস্থ টেকট’নিক প্লেটকেই ইয়াৰ বাবে দায়ী কৰা হৈছে।

আনহাতে, জলবায়ুৰ পৰিবৰ্তনৰ বাবে গ্লেচিয়াৰসমূহৰ উচ্চতা বছৰি ৩২ চেণ্টিমিটাৰৰ পৰা ৮০ চেণ্টিমিটাৰলৈকে হ্ৰাস পাবলৈ ধৰিছে।এই প্ৰক্ৰিয়া চলি থাকিলে অতি কম সময়ৰ ভিতৰত অসমকে ধৰি হিমালয়ৰ পাদদেশত থকা মুঠ ১২খন ৰাজ্যৰ প্ৰায় ৫ কোটি লোকৰ জীৱন পানীৰ অভাৱত বিপদাপন্ন হৈ পৰিব পাৰে৷গংগা নদীৰ পানীৰো ৯০ শতাংশই আহে হিমালয়ৰ নিজৰাৰ পৰা৷ সেয়ে হিমালয়ৰ নিজৰা শুকাই যোৱাৰ প্ৰভাৱ গংগাৰ ওপৰতো পৰিছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস