--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ অৰ্থনীতিৰ বাবে বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে অনিয়ন্ত্ৰিত মুদ্ৰাস্ফীতিয়ে৷ মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণহীনতা আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অৱনমনে ভাৰতীয় অৰ্থনীতিক ঠেলি দিছে গভীৰ সংকটৰ মাজলৈ৷ আজি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি জুন মাহত মুদ্ৰাস্ফীতিৰ হাৰ হয়গৈ ৭.০১ শতাংশ৷ মে’ মাহত এই হাৰ আছিল ৭.০৪ শতাংশ৷ মে’ৰ তুলনাত জুনত মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস পাইছে যদিও জটিল হৈ আছে মুদ্ৰাস্ফীতিৰ হাৰ৷ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আজি ৭৯.৬২লৈ অৱনমিত হৈছে৷

ইপিনে, ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতিৰ হাৰ ৬ শতাংশত যিকোনো প্ৰকাৰে নিয়ন্ত্ৰণত ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল যদিও মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আৰু খাদ্যদ্ৰব্যৰ দাম নিয়ন্ত্ৰণত ক্ৰমাগত ছমাহ ধৰি সফল হ’ব পৰা নাই মোদী চৰকাৰ৷ সংকটে ছানি ধৰিছে ভাৰতীয় অৰ্থনীতি৷ টকাৰ মূল্য হ্ৰাস, জিএছটিৰ অৱনমনে দেশৰ অৰ্থনীতিক কোঙা কৰি তোলাৰ সময়তে আহিছে ইটোৰ পিছত সিটো উদ্বেগজনক খবৰ৷ জিএছটি প্ৰৱৰ্তন, আকস্মিক বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিলৈ বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই অনা বুলি মত ব্যক্ত কৰিছিল দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদসকলে৷

আনকি, দেশৰ বিধ্বস্ত অৰ্থনৈতিক অৱস্থাৰ বাবেই পদত্যাগ পৰ্যন্ত কৰিবলগীয়া হৈছিল ৰিজাৰ্ভ বেংক  অব ইণ্ডিয়াৰ গৱৰ্ণৰে৷ নবেলজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে ইতিমধ্যে কেইবাবাৰো কেন্দ্ৰীয় চৰকাৰক দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ পৰামৰ্শ দি আহিছে৷ কিন্তু, এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাণসাৰ দিয়া পৰিলক্ষিত হোৱা নাই৷ বিধ্বস্ত অৰ্থনীতিৰ প্ৰতি পিঠি দি ধৰ্ম‌, ভাষা জাতীয় সংবেদনশীল বিষয়ৰ অৱতাৰণাৰে জনসাধাৰণক ব্যস্ত কৰি ৰখাৰ মৃদু কৌশল অৱলম্বন কৰাহে পৰিলক্ষিত হয়৷ আৰু মৌলিক বিষয়ৰ অৱতাৰণা নকৰাকৈ স্থূল বিষয়েৰে ঢাকি ৰখা হয় ভগ্ন অৰ্থনীতিৰ কংকালসাৰ জঁকা৷

মুদ্ৰাস্ফীতিৰ সমান্তৰালভাৱে ডলাৰৰ বিপৰীতে টকাৰ মূল্যমান হ্ৰাসেও প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ভাৰতীয় অৰ্থনীতিলৈ৷ ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাসে নিজেই নিজৰ অভিলেখ ভংগ কৰিছে৷ বৈদেশিক প্ৰাতিষ্ঠানিক বিনিয়োগকাৰীৰ ভাৰত ত্যাগৰ বাবেই টকাৰ বাবেই মূল্যমান হ্ৰাস পাইছে বুলি অৰ্থনীতিবিদসকলে সিদ্ধান্তলৈ আহিছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে যদি শীঘ্ৰে ফলপ্ৰসূ ব্যৱস্থা হাতত নল’লে দুই-তিনিদিনৰ ভিতৰতে প্ৰতি ডলাৰৰ মূল্য ৮০ টকাৰ ঘৰ অতিক্ৰম কৰিব৷ জানিব পৰা মতে, ডলাৰৰ বিপৰীতে টকাৰ মূল্য সুস্থিৰ কৰাৰ লগতে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখাৰ বাবে অহা ২-৪ আগষ্টত অনুষ্ঠিতব্য ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিয়ে পুনৰ সুতৰ হাৰ বৃদ্ধিৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে৷

এনে পৰিস্থিতিত দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে বাস্তৱসন্মত আৰু বিজ্ঞানসন্মত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে যে অনাগত দিনত ভাৰতবৰ্ষই ভয়াৱহ সংকটৰ গ্ৰাসত পৰিব সেয়া ধূৰুপ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ