--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ অৰ্থনীতিৰ বাবে বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে অনিয়ন্ত্ৰিত মুদ্ৰাস্ফীতিয়ে৷ মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণহীনতা আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অৱনমনে ভাৰতীয় অৰ্থনীতিক ঠেলি দিছে গভীৰ সংকটৰ মাজলৈ৷ আজি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি জুন মাহত মুদ্ৰাস্ফীতিৰ হাৰ হয়গৈ ৭.০১ শতাংশ৷ মে’ মাহত এই হাৰ আছিল ৭.০৪ শতাংশ৷ মে’ৰ তুলনাত জুনত মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস পাইছে যদিও জটিল হৈ আছে মুদ্ৰাস্ফীতিৰ হাৰ৷ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আজি ৭৯.৬২লৈ অৱনমিত হৈছে৷

ইপিনে, ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতিৰ হাৰ ৬ শতাংশত যিকোনো প্ৰকাৰে নিয়ন্ত্ৰণত ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল যদিও মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আৰু খাদ্যদ্ৰব্যৰ দাম নিয়ন্ত্ৰণত ক্ৰমাগত ছমাহ ধৰি সফল হ’ব পৰা নাই মোদী চৰকাৰ৷ সংকটে ছানি ধৰিছে ভাৰতীয় অৰ্থনীতি৷ টকাৰ মূল্য হ্ৰাস, জিএছটিৰ অৱনমনে দেশৰ অৰ্থনীতিক কোঙা কৰি তোলাৰ সময়তে আহিছে ইটোৰ পিছত সিটো উদ্বেগজনক খবৰ৷ জিএছটি প্ৰৱৰ্তন, আকস্মিক বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিলৈ বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই অনা বুলি মত ব্যক্ত কৰিছিল দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদসকলে৷

আনকি, দেশৰ বিধ্বস্ত অৰ্থনৈতিক অৱস্থাৰ বাবেই পদত্যাগ পৰ্যন্ত কৰিবলগীয়া হৈছিল ৰিজাৰ্ভ বেংক  অব ইণ্ডিয়াৰ গৱৰ্ণৰে৷ নবেলজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে ইতিমধ্যে কেইবাবাৰো কেন্দ্ৰীয় চৰকাৰক দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ পৰামৰ্শ দি আহিছে৷ কিন্তু, এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাণসাৰ দিয়া পৰিলক্ষিত হোৱা নাই৷ বিধ্বস্ত অৰ্থনীতিৰ প্ৰতি পিঠি দি ধৰ্ম‌, ভাষা জাতীয় সংবেদনশীল বিষয়ৰ অৱতাৰণাৰে জনসাধাৰণক ব্যস্ত কৰি ৰখাৰ মৃদু কৌশল অৱলম্বন কৰাহে পৰিলক্ষিত হয়৷ আৰু মৌলিক বিষয়ৰ অৱতাৰণা নকৰাকৈ স্থূল বিষয়েৰে ঢাকি ৰখা হয় ভগ্ন অৰ্থনীতিৰ কংকালসাৰ জঁকা৷

মুদ্ৰাস্ফীতিৰ সমান্তৰালভাৱে ডলাৰৰ বিপৰীতে টকাৰ মূল্যমান হ্ৰাসেও প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ভাৰতীয় অৰ্থনীতিলৈ৷ ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাসে নিজেই নিজৰ অভিলেখ ভংগ কৰিছে৷ বৈদেশিক প্ৰাতিষ্ঠানিক বিনিয়োগকাৰীৰ ভাৰত ত্যাগৰ বাবেই টকাৰ বাবেই মূল্যমান হ্ৰাস পাইছে বুলি অৰ্থনীতিবিদসকলে সিদ্ধান্তলৈ আহিছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে যদি শীঘ্ৰে ফলপ্ৰসূ ব্যৱস্থা হাতত নল’লে দুই-তিনিদিনৰ ভিতৰতে প্ৰতি ডলাৰৰ মূল্য ৮০ টকাৰ ঘৰ অতিক্ৰম কৰিব৷ জানিব পৰা মতে, ডলাৰৰ বিপৰীতে টকাৰ মূল্য সুস্থিৰ কৰাৰ লগতে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখাৰ বাবে অহা ২-৪ আগষ্টত অনুষ্ঠিতব্য ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিয়ে পুনৰ সুতৰ হাৰ বৃদ্ধিৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে৷

এনে পৰিস্থিতিত দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে বাস্তৱসন্মত আৰু বিজ্ঞানসন্মত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে যে অনাগত দিনত ভাৰতবৰ্ষই ভয়াৱহ সংকটৰ গ্ৰাসত পৰিব সেয়া ধূৰুপ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক