--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ নকৰা বাবেই এগৰাকী ছাত্ৰীক ব্লেডেৰে আক্ৰমণ কৰে এজন যুৱকে। যুৱকজনে ছাত্ৰীগৰাকীক ডিঙি আৰু মুখত ব্লেডেৰে আঘাত কৰে। ছাত্ৰীগৰাকীক আক্ৰমণ কৰি সেই স্থানৰ পৰা পলায়ন কৰে যুৱকজনে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঝান্সীত। আহত কিশোৰীগৰাকীক অসামৰিক চিকিৎসালয়ৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে। চিকিৎসকে তেওঁৰ ৩১টা চিলাই কৰিছে। 

হিন্দু ধৰ্মৰ কিশোৰী অৰ্চনা (নাম সলোৱা হৈছে)ৰ ঘৰ গোৱালিয়ৰ ৰোডত। দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। সচৰাচৰৰ দৰেই সোমবাৰে বিয়লি প্ৰায় ৪ বজাত তেওঁ মিছন চৌহদৰ ওচৰতে ইংৰাজী ক্লাচৰ কোচিং কৰিবলৈ গৈ আছিল। বাটত থিয় হৈ আছিল কাৰাৰী গাঁৱৰ বাসিন্দা ডেনিছ খান। ৰাস্তাত ৰৈ থকা ডেনিছে হঠাতে ব্লেডেৰে অৰ্চনাৰ ডিঙিত আক্ৰমণ কৰে। তেওঁক ব্লেডেৰে কেইবাবাৰো আঘাত কৰে ডেনিছে। এজনী ছোৱালীয়ে ভুক্তভোগী ছাত্ৰীগৰাকীক ৰক্ষা কৰে। তেজ ওলোৱা অৱস্থাৰে আহত ছোৱালীজনীয়ে কেনেবাকৈ কোচিং পালেগৈ। কোচিং কৰ্তৃপক্ষই ছাত্ৰীগৰাকীক চিকিৎসালয়লৈ লৈ যায়। ইয়াৰ পিছতে তেওঁলোকে পৰিয়ালক খবৰ দিয়ে।

ভূক্তভোগীৰ মাতৃয়ে কয়, ডেনিছ খানে যোৱা দুবছৰ ধৰি ছোৱালীজনীক হাৰাশাস্তি কৰি আহিছে। অৰ্চনাক বন্ধুত্বৰ প্ৰস্তাৱ দি হেঁচা প্ৰয়োগ কৰি আছিল ডেনিছ খানে। ডেনিছে প্ৰায়ে অৰ্চনাক ভাবুকি দিছিল। ভয়ৰ বাবে কন্যাই ঘৰত কাকো একো কোৱা নাছিল। যেতিয়া কন্যাই তেওঁৰ লগত কথা পাতিবলৈ অস্বীকাৰ কৰিছিল তেতিয়া তেওঁ আক্ৰমণ কৰিছিল। ছোৱালীজনীতকৈ ডেনিছ প্ৰায় ৮ৰ পৰা ১০ বছৰ ডাঙৰ। 

উল্লেখ্য যে ছোৱালীজনীৰ পিতৃৰ মৃত্যু হৈছে।  তিনিজনী ভগ্নীৰ ভিতৰত তেওঁ আটাইতকৈ সৰু আৰু এজন ভাতৃ আছে। অৰ্চনাৰ মাতৃয়ে ইতিমধ্যে ডেনিছৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। পলাতক ডেনিছক বিচাৰি অভিযানত নামি পৰিছে ঝান্সী আৰক্ষী। অভিযুক্ত ডেনিছক গ্ৰেপ্তাৰৰ বাবে তিনিটা দল গঠন কৰা হৈছে। সকলোৱে ডেনিছ খানৰ কঠোৰ শাস্তিৰ দাবী জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক