--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ নকৰা বাবেই এগৰাকী ছাত্ৰীক ব্লেডেৰে আক্ৰমণ কৰে এজন যুৱকে। যুৱকজনে ছাত্ৰীগৰাকীক ডিঙি আৰু মুখত ব্লেডেৰে আঘাত কৰে। ছাত্ৰীগৰাকীক আক্ৰমণ কৰি সেই স্থানৰ পৰা পলায়ন কৰে যুৱকজনে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঝান্সীত। আহত কিশোৰীগৰাকীক অসামৰিক চিকিৎসালয়ৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে। চিকিৎসকে তেওঁৰ ৩১টা চিলাই কৰিছে। 

হিন্দু ধৰ্মৰ কিশোৰী অৰ্চনা (নাম সলোৱা হৈছে)ৰ ঘৰ গোৱালিয়ৰ ৰোডত। দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। সচৰাচৰৰ দৰেই সোমবাৰে বিয়লি প্ৰায় ৪ বজাত তেওঁ মিছন চৌহদৰ ওচৰতে ইংৰাজী ক্লাচৰ কোচিং কৰিবলৈ গৈ আছিল। বাটত থিয় হৈ আছিল কাৰাৰী গাঁৱৰ বাসিন্দা ডেনিছ খান। ৰাস্তাত ৰৈ থকা ডেনিছে হঠাতে ব্লেডেৰে অৰ্চনাৰ ডিঙিত আক্ৰমণ কৰে। তেওঁক ব্লেডেৰে কেইবাবাৰো আঘাত কৰে ডেনিছে। এজনী ছোৱালীয়ে ভুক্তভোগী ছাত্ৰীগৰাকীক ৰক্ষা কৰে। তেজ ওলোৱা অৱস্থাৰে আহত ছোৱালীজনীয়ে কেনেবাকৈ কোচিং পালেগৈ। কোচিং কৰ্তৃপক্ষই ছাত্ৰীগৰাকীক চিকিৎসালয়লৈ লৈ যায়। ইয়াৰ পিছতে তেওঁলোকে পৰিয়ালক খবৰ দিয়ে।

ভূক্তভোগীৰ মাতৃয়ে কয়, ডেনিছ খানে যোৱা দুবছৰ ধৰি ছোৱালীজনীক হাৰাশাস্তি কৰি আহিছে। অৰ্চনাক বন্ধুত্বৰ প্ৰস্তাৱ দি হেঁচা প্ৰয়োগ কৰি আছিল ডেনিছ খানে। ডেনিছে প্ৰায়ে অৰ্চনাক ভাবুকি দিছিল। ভয়ৰ বাবে কন্যাই ঘৰত কাকো একো কোৱা নাছিল। যেতিয়া কন্যাই তেওঁৰ লগত কথা পাতিবলৈ অস্বীকাৰ কৰিছিল তেতিয়া তেওঁ আক্ৰমণ কৰিছিল। ছোৱালীজনীতকৈ ডেনিছ প্ৰায় ৮ৰ পৰা ১০ বছৰ ডাঙৰ। 

উল্লেখ্য যে ছোৱালীজনীৰ পিতৃৰ মৃত্যু হৈছে।  তিনিজনী ভগ্নীৰ ভিতৰত তেওঁ আটাইতকৈ সৰু আৰু এজন ভাতৃ আছে। অৰ্চনাৰ মাতৃয়ে ইতিমধ্যে ডেনিছৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। পলাতক ডেনিছক বিচাৰি অভিযানত নামি পৰিছে ঝান্সী আৰক্ষী। অভিযুক্ত ডেনিছক গ্ৰেপ্তাৰৰ বাবে তিনিটা দল গঠন কৰা হৈছে। সকলোৱে ডেনিছ খানৰ কঠোৰ শাস্তিৰ দাবী জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ