--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এন্টিলিয়া কেলেংকাৰীৰ পাছত আজি ইণ্ডাষ্ট্ৰিয়েলিষ্ট আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীয়ে লাভ কৰিছে মৃত্যুৰ ভাবুকি। ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত ৮ বাৰ ফোন কৰি দিয়া হৈছিল এই ভাবুকি। মুম্বাই আৰক্ষীয়ে ভাবুকি কলৰ পিছত একচন মোডত দোল খাই বৰিভালিৰ এম এইচ বি কলনীৰ এজন ব্যক্তিক আটক কৰে। ভাবুকিটো মানসিকভাৱে অসুস্থ লোকৰ কাম  বুলি কোৱা হৈছে যদিও তদন্ত অব্যাহত আছে।

ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালৰ ডাঃ তৰং জ্ঞানচন্দনীয়ে জনোৱা মতে, সোমবাৰে পুৱা ৮টা ভাবুকি ফোন কৰা হৈছিল। এই অচিনাকি ব্যক্তিজনে ফোনযোগে মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিছিল। ইয়াৰ পিছত ডি বি মাৰ্গ থানাত এজাহাৰ দাখিল কৰা হৈছে। মুম্বাই আৰক্ষীৰ মতে, ভাবুকি দিয়া, হত্যা কৰাৰ ভাবুকি দিয়া, গালি-গালাজ ব্যৱহাৰ কৰাৰ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পাছতে আৰক্ষীয়ে বৰিভালিৰ এম এইচ বি কলনীৰ এজন ব্যক্তিক আটক কৰি জেৰা অব্যাহত ৰাখিছে। আটক কৰা ব্যক্তিজন মানসিকভাৱে অসুস্থ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা মতে, ভাবুকি দিয়া ফোন কৰাজনে বাৰে বাৰে একেটা কথাকে কৈ আছিল, মই আম্বানী পৰিয়ালটোক হত্যা কৰিবলৈ ওলাইছো, সিহঁতৰ মৃত্যু হ’ব লাগিব। আৰক্ষীৰ জিম্মাত থকা ব্যক্তিজনৰ কণ্ঠ আৰু ফোনটোৰ কণ্ঠৰ সৈতে মিল থকাৰ পাছতহে বাস্তৱতা গম পোৱা যাব। আম্বানীৰ নিৰাপত্তা মুৰব্বীৰ সৈতে যোগাযোগ কৰিছে মুম্বাই আৰক্ষীৰ উচ্চপদস্থ বিষয়াই। নিৰাপত্তা বৃদ্ধিৰ প্ৰয়োজন হ’লে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হ’ব। আম্বানী পৰিয়ালৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। আম্বানীৰ এন্টিলিয়াৰ বাসগৃহৰ বাহিৰতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ