--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উত্তৰাখণ্ডৰ ১৯ কুমাওন ৰেজিমেণ্টৰ বাসিন্দা চন্দ্ৰশেখৰ হাৰ্বোলাৰ মৃতদেহ ৩৮ বছৰৰ পাছত বৰফৰ মাজৰ পৰা উদ্ধাৰ হয়। আত্মীয়ই জনোৱা মতে, এইপৰ্যন্ত অক্ষত অৱস্থাত আছে শ্বহীদজনৰ মৃতদেহ। ছিয়াচেনত বৰফত পুতি পেলাইছিল শ্বহীদজনৰ মৃতদেহ, কিন্তু সুদীৰ্ঘ বছৰৰ পাছতো কোনো ধৰণৰ ক্ষতি হোৱা নাই মৃতদেহটোৰ।

 শ্বহীদ চন্দ্ৰশেখৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত তেওঁৰ হাতত বান্ধি থোৱা ব্ৰেচলেটেৰ সহায়ত কৰিছিল চিনাক্ত। ইয়াত তেওঁৰ বেচ নম্বৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য লিপিবদ্ধ কৰা হৈছিল। বেচ নম্বৰত জোৱানজনৰ বিষয়ে সম্পূৰ্ণ তথ্য পোৱা যায়। ইয়াৰ পাছত তেওঁৰ পৰিয়ালৰ সদস্যসকলক খবৰ দিয়া হয়।

 ১৯৮৪ চনৰ মে’ মাহত ভাৰত-পাক সংঘৰ্ষৰ সময়ত ছিয়াচেনত টহল দিবলৈ পঠিওৱা হৈছিল ২০জনীয়া এটা দল। ইয়াত লেন্স নায়ক চন্দ্ৰশেখৰ হাৰ্বোলাকো অন্তৰ্ভুক্ত কৰা হৈছিল। ছিয়াচেনত হিমবাহ স্খলনৰ ফলত আটাইকেইজন জোৱানৰ মৃত্যু হৈছিল। জোৱানকেইজনক বিচাৰি উলিয়াবলৈ ভাৰত চৰকাৰ আৰু সেনাই তালাচী অভিযান চলাইছিল। ইয়াত ১৫জন জোৱানৰ মৃতদেহ উদ্ধাৰ হয় যদিও ৫জন জোৱানৰ সন্ধান উলিয়াব পৰা নগৈছিল। স্মৰ্তব্য যে ছিয়াচেন বিশ্বৰ অন্যতম দুৰ্গম সামৰিক স্থান। ই অতি উচ্চ উচ্চতাত অৱস্থিত, য’ত এজন মানুহ জীয়াই থকাটো সাধাৰণ কথা নহয়। ভাৰতৰ সৈন্যই এতিয়াও তাতেই নিজৰ কৰ্তব্য পালন কৰে। ১৯৮৪ চনত দেশৰ সৈন্যই সম্পূৰ্ণৰূপে এই স্থান দখল কৰে।

 অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকলে কয় যে ১৯৭২ চনত ভাৰত আৰু পাকিস্তানৰ মাজত ছিমলা চুক্তি হোৱাৰ পাছতো ছিয়াচেন সমস্যা সমাধান নহ’ল৷ পাকিস্তানে এই অঞ্চল দখল কৰিব বিচাৰিছিল। সেইবাবেই নিজৰ পক্ষত থকা পাকিস্তানে পৰ্বতাৰোহীক ছিয়াচেন বগাবলৈ অনুমতি দিছিল। যাতে ভৱিষ্যতেও যদি ভাৰতৰ সৈতে এই বিষয়ত বিবাদ হয়, তেন্তে ই ইয়াৰ ওপৰত নিজৰ দাবী কৰিব পাৰে। ইয়াৰ সমান্তৰালভাৱে ভাৰতে পাকিস্তানৰ এই অঞ্চল সামৰিক ব্যৱস্থাৰ অধীনত নিজৰ অন্তৰ্ভুক্ত কৰিব বিচাৰিছে বুলিও তথ্য লাভ কৰিছিল। সেইবাবেই ১৯৮৪ চনৰ ১৩ এপ্ৰিলত ভাৰতে অপাৰেচন মেঘদূত আৰম্ভ কৰিছিল। ভাৰতে ১৭ এপ্ৰিলত পাকিস্তানে হিমবাহ দখল কৰাৰ পৰিকল্পনা কৰা বুলিও তথ্য লাভ কৰিছিল। আনকি ভাৰতে সমগ্ৰ হিমবাহ দখল কৰাৰ আগতেই। ১৯৭১ চনৰ যুদ্ধৰ পাছত এয়া আছিল পাকিস্তানৰ আন এক বৃহৎ পৰাজয়। এই গুৰুত্ব কথাটো বুজিব পাৰি যে যদি পাকিস্তানে ইয়াক দখল কৰিলেহেঁতেন, তেন্তে ইয়াৰ সীমান্ত আস্কাই চীনৰ সৈতে মিলিত হ’লহেঁতেন, যিটো ভাৰতৰ বাবে এক বৃহৎ ভাবুকি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু