--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উত্তৰাখণ্ডৰ ১৯ কুমাওন ৰেজিমেণ্টৰ বাসিন্দা চন্দ্ৰশেখৰ হাৰ্বোলাৰ মৃতদেহ ৩৮ বছৰৰ পাছত বৰফৰ মাজৰ পৰা উদ্ধাৰ হয়। আত্মীয়ই জনোৱা মতে, এইপৰ্যন্ত অক্ষত অৱস্থাত আছে শ্বহীদজনৰ মৃতদেহ। ছিয়াচেনত বৰফত পুতি পেলাইছিল শ্বহীদজনৰ মৃতদেহ, কিন্তু সুদীৰ্ঘ বছৰৰ পাছতো কোনো ধৰণৰ ক্ষতি হোৱা নাই মৃতদেহটোৰ।

 শ্বহীদ চন্দ্ৰশেখৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত তেওঁৰ হাতত বান্ধি থোৱা ব্ৰেচলেটেৰ সহায়ত কৰিছিল চিনাক্ত। ইয়াত তেওঁৰ বেচ নম্বৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য লিপিবদ্ধ কৰা হৈছিল। বেচ নম্বৰত জোৱানজনৰ বিষয়ে সম্পূৰ্ণ তথ্য পোৱা যায়। ইয়াৰ পাছত তেওঁৰ পৰিয়ালৰ সদস্যসকলক খবৰ দিয়া হয়।

 ১৯৮৪ চনৰ মে’ মাহত ভাৰত-পাক সংঘৰ্ষৰ সময়ত ছিয়াচেনত টহল দিবলৈ পঠিওৱা হৈছিল ২০জনীয়া এটা দল। ইয়াত লেন্স নায়ক চন্দ্ৰশেখৰ হাৰ্বোলাকো অন্তৰ্ভুক্ত কৰা হৈছিল। ছিয়াচেনত হিমবাহ স্খলনৰ ফলত আটাইকেইজন জোৱানৰ মৃত্যু হৈছিল। জোৱানকেইজনক বিচাৰি উলিয়াবলৈ ভাৰত চৰকাৰ আৰু সেনাই তালাচী অভিযান চলাইছিল। ইয়াত ১৫জন জোৱানৰ মৃতদেহ উদ্ধাৰ হয় যদিও ৫জন জোৱানৰ সন্ধান উলিয়াব পৰা নগৈছিল। স্মৰ্তব্য যে ছিয়াচেন বিশ্বৰ অন্যতম দুৰ্গম সামৰিক স্থান। ই অতি উচ্চ উচ্চতাত অৱস্থিত, য’ত এজন মানুহ জীয়াই থকাটো সাধাৰণ কথা নহয়। ভাৰতৰ সৈন্যই এতিয়াও তাতেই নিজৰ কৰ্তব্য পালন কৰে। ১৯৮৪ চনত দেশৰ সৈন্যই সম্পূৰ্ণৰূপে এই স্থান দখল কৰে।

 অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকলে কয় যে ১৯৭২ চনত ভাৰত আৰু পাকিস্তানৰ মাজত ছিমলা চুক্তি হোৱাৰ পাছতো ছিয়াচেন সমস্যা সমাধান নহ’ল৷ পাকিস্তানে এই অঞ্চল দখল কৰিব বিচাৰিছিল। সেইবাবেই নিজৰ পক্ষত থকা পাকিস্তানে পৰ্বতাৰোহীক ছিয়াচেন বগাবলৈ অনুমতি দিছিল। যাতে ভৱিষ্যতেও যদি ভাৰতৰ সৈতে এই বিষয়ত বিবাদ হয়, তেন্তে ই ইয়াৰ ওপৰত নিজৰ দাবী কৰিব পাৰে। ইয়াৰ সমান্তৰালভাৱে ভাৰতে পাকিস্তানৰ এই অঞ্চল সামৰিক ব্যৱস্থাৰ অধীনত নিজৰ অন্তৰ্ভুক্ত কৰিব বিচাৰিছে বুলিও তথ্য লাভ কৰিছিল। সেইবাবেই ১৯৮৪ চনৰ ১৩ এপ্ৰিলত ভাৰতে অপাৰেচন মেঘদূত আৰম্ভ কৰিছিল। ভাৰতে ১৭ এপ্ৰিলত পাকিস্তানে হিমবাহ দখল কৰাৰ পৰিকল্পনা কৰা বুলিও তথ্য লাভ কৰিছিল। আনকি ভাৰতে সমগ্ৰ হিমবাহ দখল কৰাৰ আগতেই। ১৯৭১ চনৰ যুদ্ধৰ পাছত এয়া আছিল পাকিস্তানৰ আন এক বৃহৎ পৰাজয়। এই গুৰুত্ব কথাটো বুজিব পাৰি যে যদি পাকিস্তানে ইয়াক দখল কৰিলেহেঁতেন, তেন্তে ইয়াৰ সীমান্ত আস্কাই চীনৰ সৈতে মিলিত হ’লহেঁতেন, যিটো ভাৰতৰ বাবে এক বৃহৎ ভাবুকি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ