--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মুখৰ আলচাৰ অতি বেদনাদায়ক। আলচাৰৰ সমস্যাত ভুগিলে মানুহে খোৱা-বোৱাত বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।  বগা ৰঙৰ এই ফোহাবোৰ প্ৰায়ে আমাৰ আঁঠু, জিভা, গাল আৰু ওঁঠত দেখা দিয়ে। পানী কমকৈ খোৱা বা পেট পৰিষ্কাৰ নোহোৱাৰ উপৰি অন্য বহু কাৰণত এই ফোহা ওলায়। কেতিয়াবা ফোহাবোৰ নিজে নিজে ভাল হৈ যায়। কিন্তু যেতিয়া সংক্ৰমণ বাঢ়ে, তেতিয়া খাদ্য খোৱাৰ পৰা মুখ মেলিবলৈও সমস্যাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত ঘৰুৱা ঔষধ ব্যৱহাৰ কৰি নিৰাময় পাব পাৰি।

 ১. মৌঃ-মৌত এন্টিবেক্টেৰিয়েল আৰু এন্টিবায়টিক গুণ পোৱা যায়। সেইবাবেই ইহঁতে মুখৰ আলচাৰ সহজে কমায়। আলচাৰত দিনে ৪-৫বাৰ মৌ লগাব লাগে। মৌ লগোৱাৰ পাছত মুখৰ পৰা লেলাৱতীবোৰ পেলাই দিব। এনে কৰিলে ফোহাৰ পৰা অতি সোনকালে উপশম পাব।

২. হালধিঃ-হালধি হৈছে ঔষধি গুণেৰে সমৃদ্ধ। মুখৰ আলচাৰ কমোৱাত ই অতি ফলপ্ৰসূ। ইয়াক ব্যৱহাৰ কৰিবলৈ প্ৰথমে কেইচামুচমান হালধি লৈ তাত অলপ পানী দি পেষ্ট বনাওক। এই পেষ্টটো আলচাৰত দিনে দুবাৰৰ পৰা তিনিবাৰকৈ লগাব লাগে। ইয়াৰ ফলত আপোনাৰ ফোহাবোৰ নাইকিয়া হৈ যাব।

৩. নিমখ আৰু কুহুমীয়া পানীঃ-আলচাৰ আঁতৰোৱাত নিমখৰ এন্টিচেপ্টিক গুণ অতি ফলপ্ৰসূ।এগিলাচ পানী গৰম কৰি তাত কিছু নিমখ দিব। এতিয়া এই পানী মুখত লৈ গাৰ্গল কৰক। গৰম পানীয়ে আলচাৰ নিৰ্মূল কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক