--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পিচফল যিমানেই আকৰ্ষণীয় হয়, সিমানেই ইয়াক স্বাস্থ্যৰ বাবে উপকাৰী বুলিও গণ্য কৰা হয়। এই ফল খাবলৈও অত্যন্ত সোৱাদলগা। ই পুষ্টিকৰ উপাদানৰ ভঁৰাল বাবে ইয়াক পিচ বুলি কোৱা হয়। এই ফলত ভিটামিন-চি, ভিটামিন-এ, নিয়াচিন, তাম, মেংগানিজ, প্ৰটিন আৰু আঁহৰে সমৃদ্ধ। এই ফল খালে কি কি উপকাৰ হয় জানো আহক।

 পিচফল খোৱাৰ উপকাৰসমূহ-

১. হৃদৰোগৰ বাবে উপকাৰীঃ-নিয়মীয়াকৈ পিচ খালে হাৰ্টৰ বাবে অত্যন্ত উপকাৰী বুলি কোৱা হয়। এই ফলে উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে, যিবোৰ হৃদযন্ত্ৰৰ বাবে প্ৰধান বিপদ। ইয়াৰ লগতে পিচফলে ট্ৰাইগ্লিচাৰাইডো হ্ৰাস কৰে। ভাৰতৰ বহু লোক এই ৰোগত আক্ৰান্ত হয়, গতিকে এই ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

 ২. কৰ্কট ৰোগ প্ৰতিৰোধ কৰেঃ-কৰ্কট ৰোগ এনেকুৱা যে প্ৰাৰম্ভিক পৰ্যায়ত ধৰা নপৰিলে ই মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে, গতিকে কেন্সাৰৰ পৰা হাত সাৰিবলৈ পিচফল নিয়মীতভাৱে খাব লাগে, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে কেৰটিনয়ড আৰু কেফেইক এচিড পোৱা যায়, যিবোৰ এণ্টিঅক্সিডেন্ট। এইবোৰত কেন্সাৰ প্ৰতিৰোধী গুণ পোৱা যায়।

৩. বদহজমৰ পৰা সকাহঃ-তেলীয়া আৰু টেঙা খাদ্য খোৱাৰ বাবে আমি প্ৰায়ে কোষ্ঠকাঠিন্য, গেছ, বদহজম আৰু এচিডিটিৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত আপুনি পিচফল খাব লাগে কাৰণ ইয়াত যথেষ্ট আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰি কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক