--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে হওক বা অন্য কোনো কাৰণতে হওক আমি শিশুকসকলৰ হাতত তুলি দিছো একো একোটা স্মাৰ্টফোন। যাৰ ফলস্বৰূপে আজি শিশুৱে ভিডিঅ’ গেমত অধিক ব্যস্ত হৈ পৰা দেখা যায়। ভিডিঅ’ গেম খেলি বহু ঘণ্টা সময় অকলেই কটাব পাৰে শিশুসকলে, কিন্তু ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত অতি বিপজ্জনক প্ৰভাৱ পৰে।

 কিছুদিন পূৰ্বে অষ্ট্ৰেলিয়াত কৰা এক গৱেষণাৰ তথ্য অনুসৰি ভিডিঅ’ গেম বহুদিন ধৰি খেলিলে শিশুৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হ’ব পাৰে। এক প্ৰতিবেদন অনুসৰি ভিডিঅ’ গেমৰ বাবে হৃদস্পন্দন অস্বাভাৱিকভাৱে চলিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে ই হৃদযন্ত্ৰৰ সমস্যাত ভুগি থকা শিশুসকলৰ বাবে ই অতি মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে।

 গৱেষণাই কি কয়?

গৱেষণাৰ পৰা দেখা গৈছে যে বহুতো শিশু আছে যিসকল হৃদযন্ত্ৰৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ আছে, তেওঁলোকে কনছ’ল আৰু কম্পিউটাৰত মাল্টি-প্লেয়াৰ ৱাৰ গেমো খেলে। ‘হাৰ্ট ৰিদম’ৰ ওপৰত প্ৰকাশিত এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। কিন্তু গৱেষকসকল সম্পূৰ্ণ নিশ্চিত নহয় যে শিশুৱে কি কি খেল খেলে? তেওঁলোকৰ গৱেষণা অনুসৰি শিশু বা প্ৰাপ্তবয়স্কই খেল খেলি থাকোঁতে চৰম উত্তেজনাৰ ভোগে আৰু হৃদৰোগ সম্পৰ্কীয় আশংকা বৃদ্ধি পাবলৈ ধৰে।

 বিশেষজ্ঞৰ মতামত-

বিশেষজ্ঞসকলৰ অনুসৰি যিসকল শিশুৱে কম্পিউটাৰত গেম খেলি থাকোঁতে ব্লেকআউট অনুভৱ কৰে বা খেলি থাকোতে তেওঁলোকৰ অচেতন হৈ পৰে, তেতিয়া তেওঁলোকক তৎক্ষণাত হৃদযন্ত্ৰৰ চিকিৎসকৰ কাষ চপা উচিত। তেওঁৰ মতে, ই হৃদযন্ত্ৰৰ লগত জড়িত এক গুৰুতৰ সমস্যাৰ ইংগিত হ’ব পাৰে।

 শিশুৰ এই সমস্যাবোৰ-

গেমিঙৰ সময়ত ব্লেকআউট, হৃদস্পন্দন বৃদ্ধি হোৱা আৰু মূৰ ঘূৰোৱা আদি এই সমস্যাৰ সাধাৰণ লক্ষণ। সময়মতে বিশেষজ্ঞসকলক দেখুৱাই দিলেই এই সমস্যা বৃদ্ধি হোৱাত বাধা দিব পাৰি। ভিডিঅ’ গেমৰ ফলত হোৱা এই প্ৰতিক্ৰিয়াবোৰ কেতিয়াও আওকাণ নকৰিব। ই আপোনাৰ আপোনজনৰ বাবে মাৰাত্মক হ’ব পাৰে। একে সময়তে শিশুটিক ভিডিঅ’ গেমৰ বাহিৰেও আন আন গেম খেলিবলৈ কোৱাটোৱে তেওঁলোকক আউটড’ৰ গেম খেলিবলৈও প্ৰেৰণা দিব পাৰে। ই তেওঁলোকৰ স্বাস্থ্য আৰু বৃদ্ধি পোৱা বয়সৰ বাবে বহুত ভাল হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক