--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে হওক বা অন্য কোনো কাৰণতে হওক আমি শিশুকসকলৰ হাতত তুলি দিছো একো একোটা স্মাৰ্টফোন। যাৰ ফলস্বৰূপে আজি শিশুৱে ভিডিঅ’ গেমত অধিক ব্যস্ত হৈ পৰা দেখা যায়। ভিডিঅ’ গেম খেলি বহু ঘণ্টা সময় অকলেই কটাব পাৰে শিশুসকলে, কিন্তু ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত অতি বিপজ্জনক প্ৰভাৱ পৰে।

 কিছুদিন পূৰ্বে অষ্ট্ৰেলিয়াত কৰা এক গৱেষণাৰ তথ্য অনুসৰি ভিডিঅ’ গেম বহুদিন ধৰি খেলিলে শিশুৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হ’ব পাৰে। এক প্ৰতিবেদন অনুসৰি ভিডিঅ’ গেমৰ বাবে হৃদস্পন্দন অস্বাভাৱিকভাৱে চলিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে ই হৃদযন্ত্ৰৰ সমস্যাত ভুগি থকা শিশুসকলৰ বাবে ই অতি মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে।

 গৱেষণাই কি কয়?

গৱেষণাৰ পৰা দেখা গৈছে যে বহুতো শিশু আছে যিসকল হৃদযন্ত্ৰৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ আছে, তেওঁলোকে কনছ’ল আৰু কম্পিউটাৰত মাল্টি-প্লেয়াৰ ৱাৰ গেমো খেলে। ‘হাৰ্ট ৰিদম’ৰ ওপৰত প্ৰকাশিত এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। কিন্তু গৱেষকসকল সম্পূৰ্ণ নিশ্চিত নহয় যে শিশুৱে কি কি খেল খেলে? তেওঁলোকৰ গৱেষণা অনুসৰি শিশু বা প্ৰাপ্তবয়স্কই খেল খেলি থাকোঁতে চৰম উত্তেজনাৰ ভোগে আৰু হৃদৰোগ সম্পৰ্কীয় আশংকা বৃদ্ধি পাবলৈ ধৰে।

 বিশেষজ্ঞৰ মতামত-

বিশেষজ্ঞসকলৰ অনুসৰি যিসকল শিশুৱে কম্পিউটাৰত গেম খেলি থাকোঁতে ব্লেকআউট অনুভৱ কৰে বা খেলি থাকোতে তেওঁলোকৰ অচেতন হৈ পৰে, তেতিয়া তেওঁলোকক তৎক্ষণাত হৃদযন্ত্ৰৰ চিকিৎসকৰ কাষ চপা উচিত। তেওঁৰ মতে, ই হৃদযন্ত্ৰৰ লগত জড়িত এক গুৰুতৰ সমস্যাৰ ইংগিত হ’ব পাৰে।

 শিশুৰ এই সমস্যাবোৰ-

গেমিঙৰ সময়ত ব্লেকআউট, হৃদস্পন্দন বৃদ্ধি হোৱা আৰু মূৰ ঘূৰোৱা আদি এই সমস্যাৰ সাধাৰণ লক্ষণ। সময়মতে বিশেষজ্ঞসকলক দেখুৱাই দিলেই এই সমস্যা বৃদ্ধি হোৱাত বাধা দিব পাৰি। ভিডিঅ’ গেমৰ ফলত হোৱা এই প্ৰতিক্ৰিয়াবোৰ কেতিয়াও আওকাণ নকৰিব। ই আপোনাৰ আপোনজনৰ বাবে মাৰাত্মক হ’ব পাৰে। একে সময়তে শিশুটিক ভিডিঅ’ গেমৰ বাহিৰেও আন আন গেম খেলিবলৈ কোৱাটোৱে তেওঁলোকক আউটড’ৰ গেম খেলিবলৈও প্ৰেৰণা দিব পাৰে। ই তেওঁলোকৰ স্বাস্থ্য আৰু বৃদ্ধি পোৱা বয়সৰ বাবে বহুত ভাল হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু