--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বানাক্ৰান্ত পৰিয়ালসমূহলৈ পোনপটীয়া বিত্তীয় সাহায্য (DBT) মুকলি কৰে। ইয়াৰ অংশ হিচাপে বোকাজান সমষ্টিৰ ১৪৬টা পৰিয়ালে প্ৰথম কিস্তি হিচাপে ১৫,০০০ টকা লাভ কৰে।

ৰাজ্যৰ শেহতীয়া ভয়াৱহ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তাৎক্ষণিক সকাহ প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পোনপটীয়া বিত্তীয় সাহায্য (Direct Benefit Transfer - DBT) ব্যৱস্থাৰ জৰিয়তে প্ৰথম কিস্তিৰ বান সাহায্য মুকলি কৰে। ডিব্ৰুগড়ৰ পৰা ভিডিঅ' কনফাৰেন্সিং যোগে মুখ্যমন্ত্ৰীয়ে এই সাহায্য মুকলি কৰি বানাক্ৰান্তসকলৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা পুনৰবাৰ দোহাৰে।

এই পদক্ষেপৰ অংশস্বৰূপে, বোকাজান সহায়ক আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বানাক্ৰান্ত পৰিয়ালসমূহলৈ বিত্তীয় সাহায্য বিতৰণৰ এক বিশেষ কাৰ্যসূচী আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে বোকাজান আৰু খুমটাই ৰাজহ চক্ৰৰ অধীনত বোকাজান সমষ্টিৰ মুঠ ১৪৬ গৰাকী হিতাধিকাৰীয়ে পোনপটীয়া বিত্তীয় স্থানান্তৰৰ জৰিয়তে সাহায্য লাভ কৰে। প্ৰতিজন বানপীড়িত হিতাধিকাৰীক প্ৰথম কিস্তি হিচাপে ১৫,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টত জমা কৰা হৈছে।

উল্লেখ্য যে, এই বিত্তীয় সাহায্য বানৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে এক অন্তৱৰ্তীকালীন সকাহ হিচাপে আগবঢ়োৱা হৈছে। আনহাতে, বৰ্তমানো অন্যান্য বানাক্ৰান্ত পৰিয়ালসমূহে ভোগা ক্ষতিৰ মূল্যায়ন চলি আছে। চৰকাৰৰ নিৰ্ধাৰিত নীতি-নিৰ্দেশনা অনুসৰি, যোগ্য হিতাধিকাৰীসকলে পৰ্যায়ক্ৰমে বিত্তীয় সাহায্য লাভ কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এই ব্যৱস্থাৰ দ্বাৰা সাহায্য বিতৰণত স্বচ্ছতা আৰু দ্ৰুততা নিশ্চিত কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক