--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে চীনৰ সংবিধান লগত লৈ ফুৰে নেকি?  এই প্ৰশ্ন উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ আমেঠিত এক নিৰ্বাচনী  ৰেলীৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰদৰ্শন কৰা  সংবিধানৰ প্ৰতিলিপিক লৈ এই প্ৰশ্ন উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক্স হেণ্ডেলত মুখ্যমন্ত্ৰী  শৰ্মাই অভিযোগ কৰে যে ৰাহুল গান্ধীৰ হাতত থকা সংবিধানৰ প্ৰতিলিপি ভাৰতীয় সংবিধানৰ মূল "নীলা" আৱৰণেৰে আবৰি থকা সংবিধান নহয়, ৰাহুল গান্ধীয়ে  "ৰঙা" আৱৰণেৰে আবৰা সংবিধানৰ প্ৰতিলিপিহে দেখুৱাইছে। 

ভাৰতৰ সংবিধানৰ মূল প্ৰতিলিপিত এটা নীলা আৱৰণ থাকে । মূল চীনা সংবিধানত ৰঙা আৱৰণ আছে। ৰাহুলে চীনা সংবিধান বহন কৰি ফুৰিছে নেকি? আমি সত্যাসত্য নিৰূপণ কৰিব লাগিব," ৷ উল্লেখ্য শুকুৰবাৰে  সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে আমেঠিত এক নিৰ্বাচনী  ৰেলীত . ৰাহুল গান্ধীয়ে সংবিধানৰ এখন  প্ৰতিলিপি দাঙি ধৰি  নাগৰিকসকলৰ সাংবিধানিক মূল্যবোধ আৰু অধিকাৰ ক্ষুণ্ণ  কৰাৰ চেষ্টা কৰাৰ অভিযোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিছিল৷  ৰাহুল গান্ধীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰক সংবিধান "মচি পেলাব" বিচাৰিছে বুলি অভিযোগ কৰিছিল। ৰাহুলে কৈছিল " আমি প্ৰথম কামটো কৰিব লাগিব সংবিধানক সুৰক্ষা দিয়া। কিয়? এয়া আপোনাৰ কণ্ঠস্বৰ। আপোনাৰ ভৱিষ্যত। ইয়াত আপোনাৰ চিন্তা ধাৰণ কৰা হৈছে," । ৰাহুল গান্ধীয়ে সংবিধানৰ নীতিসমূহ সুৰক্ষিত কৰিবলৈ সমবেত লোকসকলক আহ্বান জনায়। ৰাহুলে প্ৰদৰ্শন কৰা সংবিধানৰ প্ৰতিলিপিখনকলৈ এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সন্দেহ ব্যক্ত কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ