--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে চীনৰ সংবিধান লগত লৈ ফুৰে নেকি?  এই প্ৰশ্ন উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ আমেঠিত এক নিৰ্বাচনী  ৰেলীৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰদৰ্শন কৰা  সংবিধানৰ প্ৰতিলিপিক লৈ এই প্ৰশ্ন উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক্স হেণ্ডেলত মুখ্যমন্ত্ৰী  শৰ্মাই অভিযোগ কৰে যে ৰাহুল গান্ধীৰ হাতত থকা সংবিধানৰ প্ৰতিলিপি ভাৰতীয় সংবিধানৰ মূল "নীলা" আৱৰণেৰে আবৰি থকা সংবিধান নহয়, ৰাহুল গান্ধীয়ে  "ৰঙা" আৱৰণেৰে আবৰা সংবিধানৰ প্ৰতিলিপিহে দেখুৱাইছে। 

ভাৰতৰ সংবিধানৰ মূল প্ৰতিলিপিত এটা নীলা আৱৰণ থাকে । মূল চীনা সংবিধানত ৰঙা আৱৰণ আছে। ৰাহুলে চীনা সংবিধান বহন কৰি ফুৰিছে নেকি? আমি সত্যাসত্য নিৰূপণ কৰিব লাগিব," ৷ উল্লেখ্য শুকুৰবাৰে  সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে আমেঠিত এক নিৰ্বাচনী  ৰেলীত . ৰাহুল গান্ধীয়ে সংবিধানৰ এখন  প্ৰতিলিপি দাঙি ধৰি  নাগৰিকসকলৰ সাংবিধানিক মূল্যবোধ আৰু অধিকাৰ ক্ষুণ্ণ  কৰাৰ চেষ্টা কৰাৰ অভিযোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিছিল৷  ৰাহুল গান্ধীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰক সংবিধান "মচি পেলাব" বিচাৰিছে বুলি অভিযোগ কৰিছিল। ৰাহুলে কৈছিল " আমি প্ৰথম কামটো কৰিব লাগিব সংবিধানক সুৰক্ষা দিয়া। কিয়? এয়া আপোনাৰ কণ্ঠস্বৰ। আপোনাৰ ভৱিষ্যত। ইয়াত আপোনাৰ চিন্তা ধাৰণ কৰা হৈছে," । ৰাহুল গান্ধীয়ে সংবিধানৰ নীতিসমূহ সুৰক্ষিত কৰিবলৈ সমবেত লোকসকলক আহ্বান জনায়। ৰাহুলে প্ৰদৰ্শন কৰা সংবিধানৰ প্ৰতিলিপিখনকলৈ এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সন্দেহ ব্যক্ত কৰিছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটী বিশ্ববিদ্যালয়ত 'পেছাৰ বাবে প্ৰস্তুতি' শীৰ্ষক অনুষ্ঠানৰ সামৰণি
আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি, উদ্বিগ্ন ৰাজ্য চৰকাৰ
মাৰ্ঘেৰিটাত কিশোৰীক হাত-ভৰি বান্ধি নিজ গৃহতে কেইবাদিনো বলাৎকাৰ খ্ৰীষ্টান ধৰ্মগুৰুৰ
ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং প্রতিযোগিতাৰ ফাইনেলত লাভলীনা, অংকুশিতা আৰু গীতিমণি
৯ মাহৰ ভিতৰত সৰ্বনিম্ন দেশৰ ঔদ্যোগিক উৎপাদন
বাতিল হ’ব নেকি ভাৰত-বাংলাদেশৰ শৃংখলা ?