--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়াও নতুন চৰকাৰ হোৱা নাই৷ এনে সময়তে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে কয় যে বিজেপি নিশ্চিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে "বিপুল  সংখ্যাগৰিষ্ঠতা লৈ পুনৰ উভতি আহিব" আৰু নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে ২০২৪-২৫ বৰ্ষৰ পূৰ্ণ বাজেটকলৈ আলোচনা আৰম্ভ হ'ব।'এপেক্স বিজনেছ চেম্বাৰ' চিআইআইৰ বাৰ্ষিক অনুষ্ঠানত ভাষণ দি বিত্ত মন্ত্ৰীগাকীয়ে  কয় যে ভাৰতে বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু অহা কেইবছৰমানৰ ভিতৰত দ্ৰুতগতিত বিকশিত অৰ্থনীতি হৈ থাকিব।  তেওঁ লগতে কয়  যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে আশা কৰিছে যে ভাৰতে অহা পাঁচ বছৰত বিশ্বৰ জিডিপিৰ ১৮ শতাংশলৈকে অৱদান আগবঢ়াব ৷ 

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে এই উচ্চ অৰ্থনৈতিক বিকাশৰ মূল কাৰণ হৈছে  দুৰ্নীতিমুক্তভাবে  চৰকাৰী নীতিৰ স্থিৰতা  বৰ্তাই ৰখা৷ তেওঁ লগতে আলোকপাত কৰে  যে চৰকাৰৰ পিএলআই আঁচনিৰ ফলত স্মাৰ্টফোন ইলেক্ট্ৰনিক্স খণ্ডৰ পৰিৱৰ্তন ঘটিছে৷ তেওঁ কয় "যদিও ২০১৪ চনত মোবাইল ফোনৰ বাবে আমদানি নিৰ্ভৰশীলতা ৭৮ শতাংশৰ সমান আছিল, আজি ভাৰতত সকলো মোবাইল ফোনৰ ৯৯ শতাংশ ই নিৰ্মাণ কৰা হয়," ৷

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে  নতুন চৰকাৰে দায়িত্ব লোৱাৰ লগে লগে অৰ্থনৈতিক বিকাশত গুৰুত্ব দিয়াৰ বাবে সম্পূৰ্ণ বাজেটৰ প্ৰস্তুতি গ্ৰহণ কৰা হ'ব।
 
তেওঁ কয়  যে চৰকাৰে ব্যক্তিগত খণ্ডৰ বাবে এক ডাঙৰ সুযোগ দেখিছে৷ আগন্তুক বিকাশৰ সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে  কয় যে ২০৩১ চনৰ ভিতৰত ভাৰতীয় উপভোক্তা বজাৰ দুগুণ হ'ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ