--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়াও নতুন চৰকাৰ হোৱা নাই৷ এনে সময়তে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে কয় যে বিজেপি নিশ্চিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে "বিপুল  সংখ্যাগৰিষ্ঠতা লৈ পুনৰ উভতি আহিব" আৰু নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে ২০২৪-২৫ বৰ্ষৰ পূৰ্ণ বাজেটকলৈ আলোচনা আৰম্ভ হ'ব।'এপেক্স বিজনেছ চেম্বাৰ' চিআইআইৰ বাৰ্ষিক অনুষ্ঠানত ভাষণ দি বিত্ত মন্ত্ৰীগাকীয়ে  কয় যে ভাৰতে বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু অহা কেইবছৰমানৰ ভিতৰত দ্ৰুতগতিত বিকশিত অৰ্থনীতি হৈ থাকিব।  তেওঁ লগতে কয়  যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে আশা কৰিছে যে ভাৰতে অহা পাঁচ বছৰত বিশ্বৰ জিডিপিৰ ১৮ শতাংশলৈকে অৱদান আগবঢ়াব ৷ 

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে এই উচ্চ অৰ্থনৈতিক বিকাশৰ মূল কাৰণ হৈছে  দুৰ্নীতিমুক্তভাবে  চৰকাৰী নীতিৰ স্থিৰতা  বৰ্তাই ৰখা৷ তেওঁ লগতে আলোকপাত কৰে  যে চৰকাৰৰ পিএলআই আঁচনিৰ ফলত স্মাৰ্টফোন ইলেক্ট্ৰনিক্স খণ্ডৰ পৰিৱৰ্তন ঘটিছে৷ তেওঁ কয় "যদিও ২০১৪ চনত মোবাইল ফোনৰ বাবে আমদানি নিৰ্ভৰশীলতা ৭৮ শতাংশৰ সমান আছিল, আজি ভাৰতত সকলো মোবাইল ফোনৰ ৯৯ শতাংশ ই নিৰ্মাণ কৰা হয়," ৷

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে  নতুন চৰকাৰে দায়িত্ব লোৱাৰ লগে লগে অৰ্থনৈতিক বিকাশত গুৰুত্ব দিয়াৰ বাবে সম্পূৰ্ণ বাজেটৰ প্ৰস্তুতি গ্ৰহণ কৰা হ'ব।
 
তেওঁ কয়  যে চৰকাৰে ব্যক্তিগত খণ্ডৰ বাবে এক ডাঙৰ সুযোগ দেখিছে৷ আগন্তুক বিকাশৰ সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে  কয় যে ২০৩১ চনৰ ভিতৰত ভাৰতীয় উপভোক্তা বজাৰ দুগুণ হ'ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু